প্ৰকৃতি বৈভৱ

©Admin
0
সুন্দৰ সুন্দৰ প্ৰকৃতি আমাৰ 
সোণৰ অসম দেশ,
পূৰ্ব দিশত সূৰ্য উঠা 
এই খন অসম দেশ।।

প্ৰকৃতি আমাৰ অতি মোহনীয়া
যেন স্বৰ্গপুৰী,
সেউজী বননি শান্ত পৰিবেশ
যেন শান্তিপূৰ।।

তৰু তৃণ লতা বোৰে যেন
সুন্দৰ সমন্বয় দৰ্শাই
অসমৰ দৰে বিনন্দীয়া ৰূপ
বিচাৰিলেও নাপায়।।

দুবৰি বননিৰ শীতল কোলাত
জিৰাও শান্ত হৈ,
শৰৎ পুৱাৰ আনন্দ লওঁ
শেৱালীৰ সুবাস লৈ।।

অসমৰ এই বিনন্দীয়া ৰূপৰ
মোগলে শলাগ লৈছিল,
যাৰ ৰূপত মুগ্ধ হৈ 
অসমৰে অসমীয়া হৈছিল।।

শীতৰ আগমনে বিলাই বতৰা
ঠাণ্ডা নামিছে ধৰাত,
শুভ্ৰ নিয়ৰৰ টোপালৰ সৈতে
উদয় হয় নৱ প্ৰভাত।।
 
অসমৰ প্ৰকৃতিয়ে সম্মোহন কৰিলে
জিলিকালে অসমক বিশ্বত,
চাহৰ গোন্ধই মাতিলে বিদেশীক
সম্ভ্ৰম লভিলে মনত।।

 
অসমৰ এই বিমোহিনী ৰূপে
বিম্বিত কৰে ৰূপ সুন্দৰৰ,
অসমৰ দৰে ৰূপ প্ৰকৃতিৰ
নাই অন্য ধৰণৰ।।

কিমান সুন্দৰ এই স্বৰূপ
সুন্দৰৰ দেশত আমি,
সঁচাই মনত বিলাই আনন্দ
বিমোহন ৰূপৰ ৰাগী।।

কিমান প্ৰশংসা কৰিম অসমৰ 
যাৰ ৰূপ অতুলনীয়,
এই অসমৰ বাসিন্দা যে
সেইয়াই মোৰ সৌভাগ্য।।



✍️ সুশান্ত দাস
  শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)