বিনা ত্যাগে একো পোৱা নাযায়

©Admin
0
কথাষাৰ অলপ তাৎপৰ্যপূৰ্ণ । ত্যাগ নকৰিলে একোৱেই প্ৰাপ্য নহয় । প্ৰাপ্তিৰ বাবে ত্যাগৰ প্ৰয়োজন । বিনা ত্যাগে একো পোৱা নাযায় । আনকি উশাহটো লʼবলৈকো নিশাহটো এৰি দিব লগা হয় । কম কথানে বাৰু ? ভাবিলে কথাবোৰ বহল হৈ গৈ থাকে , ইয়াৰ আদি ক'ত অন্ত ক'ত একো আঁত বিচাৰি নাপাওঁ ।
ত্যাগ কৰিব পৰাটো কম কথাও নহয় । বুজা হোৱা দিন ধৰি আজিৰ দিনটোলৈ যি দেখি অথবা শুনি আহিছোঁ এই সকলোবোৰ দেখোন ত্যাগৰ ওপৰতে চলি আহিছে । দেশৰ কিমান ত্যাগৰ বিনিময়ত স্বাধীনতা আহিছিল সেয়া আমি সকলোৱে জানো , সৌ সিদিনা মাত্ৰ দেশৰ ধৰণী স্বৰূপ কৃষকসকলে তেওঁলোকৰ বিপৰীতে যোৱা কৃষি আইন কেইখনৰ বিনিময়ত কিমান জন কৃষকে প্ৰাণ আহুতি দিলে তাৰ বিনিময়ত চৰকাৰে আইন কেইখন বাতিল কৰিবলৈ বাধ্য হ'ল । আমাৰ ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনত ৮৬০জন শ্বহীদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি । এনে অলেখ উদাহৰণ পোৱা যায় কৈ শেষ কৰিব নোৱাৰা উদাহৰণেৰে খুন্দ খায় আছে ইতিহাসৰ পৃষ্ঠা । আজিৰ সমাজ ব্যৱস্থাটো আমি দেখিছো সকলোতে বিনিময় লাগে নিজৰ কাৰণে কিছু হ'লেও লাভ হ'লে হে আনৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহে । তেতিয়া হ'লে মানৱতা সহানুভূতি ইয়াৰ একোৰে মূল্য নোহোৱা হ'ল । আপুনি কিবা এটা পাবলৈ কিবা এটা দিব লাগিব । মানে আপুনি ত্যাগ কৰিব পাৰিব লাগিব তেহে আপোনাৰ আকাংক্ষিত বস্তুটো লাভ কৰিব পাৰিব । নহ'লে একো আশা নকৰাই ভাল । এনে নিয়ম এতিয়া আমাৰ সমাজত সহজলভ্য হৈ পৰিল । আমি যদি কিছু বছৰ আগলৈ উভতি চাও তেতিয়া আমি দেখিম যে আমাৰ সমাজত বিনিময় প্ৰথা আছিল । সেই বিনিময়ত ঐতিহ্য আছিল, পৰম্পৰা আছিল, আনন্দ আছিল কিন্তু আজিৰ এই বিনিময়ত আনন্দ নাই, নাই কোনো পৰম্পৰা সেই বিনিময় হৃদয়ৰ পৰা নহয় বাধ্যত পৰি কৰিব লগা হয় কিবা এটা পোৱাৰ আশাত । গতিকে আনন্দ কʼৰ পৰা আহিব । অৱশ্যে আমাৰ সমাজত প্ৰচলিত এটা নিয়ম আছে যে ত্যাগে মানুহক মহান কৰে । ত্যাগ কৰিও কেতিয়াবা আনন্দ পোৱা যায় । অনাত্মীয় হ'লেও চুবুৰীয়া জনক হস্পিটেলত এটা ৰাতি টোপনি ক্ষতি কৰি সহায় কৰি দিয়াটো এটা ত্যাগ , সেই ত্যাগত আনন্দ আছে । তাৰ বিনিময়ত কোনোবা দিনা আপুনি এটা সহায় পাব তাৰ লগতে সেই মানুহ জনৰ ওচৰত সদায়েই আপুনি এটা বেলেগ স্থান অধিকাৰ কৰি থাকিব । সেই ত্যাগত কিমান আনন্দ আছে । তাৰ বিনিময়ত আপুনিও এটা সহায় পাব । সেই আনন্দ, সন্মান টকাৰ মূল্যৰে জুখিব নোৱাৰি । সেই স্থান সুকীয়া । ঠিক তেনেদৰে আমাৰ চুবুৰীৰে কোনোবা বিবাহ উপযোগী ছোৱালীৰ বিয়াত আপুনি যদি কিছু আৰ্থিক ভাৱে সহায় কৰে সেই ত্যাগো আপোনাৰ বাবে বহু মূল্যৱান । কিন্তু আজিৰ দিনটোত আমি যদি চাও তেনে বদান্য মানুহো ক'ৰবাত এজন বা দুজন ওলাব । স্বাৰ্থ সৰ্বস্ব ব্যক্তিৰে আৱৰা সমাজখনত বিনা স্বাৰ্থত এনে সহায় কৰা লোক পোৱাটো দুৰ্লভ হৈ পৰিছে । আমি মনৰ দুখীয়া হৈ পৰিছো । ক'ত হেৰাই থাকিলো আমিবোৰ , কিয় এনে হলো আমিবোৰ ? কি সংস্কৃতিয়ে আমাক এনে কৰিলে । সকলোৱে আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা , আমাৰ সাহিত্য আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰিছিল , আমাক অনুকৰণ কৰিছিল সেই গুণেৰে মহিমামণ্ডিত আমিবোৰ কিয় এনে হলো ? সকলোতে আমি স্বাৰ্থ বিচৰা হলো । স্বাৰ্থ অবিহনে একোৱেই নকৰা হলো । কথাটোৱে আমাক মাজে মাজে আন্তৰিক ভাবে আঘাট কৰে । তাক লৈ আমাৰ কোনো ভ্ৰুক্ষেপ নাই । আমাৰ বাবে কোনো আহত হৈছে সেইটো আমাৰ কোনো ভবাৰ কাৰণ নহয় । আমি যে যন্ত্ৰ মানৱ । যন্ত্ৰৰ কিবা অনুভূতি থাকে জানো ? কিবা এটা কথা কবলৈকো যেন আমাৰ পৰা কিবা এটা হেৰাই যাব , তাৰ বিনিময়ত আমি একো নাপাম । কাৰণ আমাক লাগে তাৰবাবে । তেওঁলোকে ভাবে মোৰ পৰা কিবা বিচাৰি অহা মানুহজনক আজি আহত কৰিলোঁ প্ৰবঞ্চনা কৰিলোঁ তাকে লৈ আত্মসন্তুষ্টি লভিলো । কিন্তু তেওঁ এইটো কথা নাভাবে মে সেইজন ব্যক্তিয়ে এনে এজন লোকক বিশ্বাস কৰিছিল যি আচলতে বিশ্বাসৰ যোগ্য ই নাছিল । গতিকে তেওঁ বিশ্বাস হেৰুৱাই পেলাইছে । যি এবাৰ হেৰাই গ'লে তাক ঘুৰাই পোৱা নাযায় । আমি যদি কাৰোবাক কিবা কথা দিছো সেইটো ৰাখিবৰ যত্ন কৰিব লাগে ।

          ✍️হেমেন হাজৰিকা
                   মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)