হাতত পায়ো জোন
বাটত হেৰুৱাও চোন
মই, ময়েই চোন
ৰ'দৰ খিৰিকী মেলি লগাও হাকুটি
ওলমি থকা সূৰ্য পৰিব
কেৱল সূৰ্য
মেঘৰ মালাত বাজি ৰয় হাকুটি
সেয়ে
উলিয়াব খোজো
মোৰ অন্য সংস্কৰণ
কাষলতিৰ তলত লৈ সূৰ্য
ভাঙি ভাঙি দুহাতেৰে
চোতালত সিঁচৰিত কৰি দিম
প্ৰাণ পাই উঠিব জোন
শেতেলীত ময়ূৰ সিংহাসন
বৰণহীন মহাকাশ
বৰণহীন সাগৰ
ৰঙেৰে ভৰিব।
✍️বাণীকান্ত লহকৰ