মলাটৰ কথাৰে-সুশান্ত দাস

©Admin
0
মই মলাটে কৈছোঁ ,
চিনি পাইছা নিশ্চয় ,
সেই যে তোমাৰ ককাই গঢ়ি দিয়া কাঠৰ টেবুলখনত ,
সেই যে টেবুলখন যিখন তুমি এৰি দিছা ,
সেই তাত পৰি থকা তোমাৰ অনুভৱৰ কিতাপখনৰ
মালিন্য হৈ থকা মলাট খনে কৈছোঁ মই ।।

তুমি আজি কালি মোক দেখোন পাহৰি গ'লা ,
মনত পেলোৱাচোন ;
মোক যে সদায় তুমি অনুভৱ লিখা কিতাপ খনৰ অনুভৱেৰে উপচাই তুলি
শেষৰ সময়ত মৰমেৰে হাত বুলাই থৈ গৈছিলা ।
মই আজি কালি বৰ মলিন হৈ গৈছো ,
ধূলিৰে পোত খাই নহয় ,
তোমাৰ দুখ-বেদনা ভৰা লিখনিত ।। 
কিয় তুমি মন মাৰি থাকা ?
মসৃণ পৃষ্ঠ খন মোহাৰি মোহাৰি কি কৰা তুমি ?
তুমি ভাৱনাত ডুব গৈ
কি কৰিছা গম নাই পোৱা নেকি ?
তোমাৰ মুখৰ সেই হাঁহিটো দেখোন ম্লান পৰি গৈছে !
আচলতে কি হৈছে তোমাৰ মই ধৰিব পৰা নাই ,,
মোক অলপ মোহাৰি দিবাচোন ,
মই ভালদৰে বুজিম তোমাৰ বেথা ।।

মই মলাট বুলি হেয়জ্ঞান কৰিছা নেকি ?
মই কিতাপৰ বকলা যদিও মোৰো অনুভৱ আছে ,
তোমাৰ মনৰ কথাখিনি মই বুজিব পাৰিছোঁ ।।
প্ৰেম নহয় জানো !
সেই বলিয়া বতাহ জাক ,
যিয়ে নিৰন্তৰে আমনি কৰে !
হয় মই সেই প্ৰেমক অৱজ্ঞা কৰোঁ 
কাৰণ সি মনক , এজনক খুলি-খুলি খায় ।।

মই মলাটে কৈছোঁ !
ক'বলৈ বাধ্য হৈছোঁ !
তুমি মোক মনত নেপেলোৱা হ'লা ,
মোৰ বেয়া লাগে , জানানে ?
ক'ত জানিবা নিজৰ অস্ফুত ধাৰণাত ডুব গৈ পাহৰিলা মোক ,
কিয় জানো তোমাৰ স্পৰ্শ নাপালে মই
বৰ অকলশৰীয়া অনুভৱ
কৰোঁ !
হয় আজি মই 
উগ্ৰ হৈছোঁ ,
কেৱল তোমাৰ বাবেই 
তুমি উভতি আহা
ভাৱনাৰ জগত খনৰ পৰা ,,
সেইটোৱেই মোৰ কামনা ।।




        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)