শিলৰ ঈশ্বৰ-ববী দত্ত

©Admin
0
পাহাৰবোৰত আমন জিমনকৈ বহি আছে শিলৰ ঈশ্বৰ
নিস্নতা অৰণ্যত কি বাজে?
নুপূৰৰ শব্দত সাৰ পাই উঠা নাই
গৰখীয়া সুহুৰি
পৰিতুষ্টি অবিহনে গছৰ উদং শৰীৰে টানিছে চৌফলিয়া ৰ'দৰ সাজ 


শিলৰ ঈশ্বৰে হাঁহিছে
শিলৰ ঈশ্বৰে কান্দিছে
শিলৰ ঈশ্বৰে কথাও পাতিছে
মাথোঁ নচা নাই শিলৰ ঈশ্বৰ

আঙুলি যেন পাতবোৰ বাদমী ঈশ্বৰৰ নৃত্য চাবলৈ ব্যাকুল হৈ আছে

ৰহীয়া সাধুকথা এটা গা টঙাই উঠিল
শিলত কাকিনী ৰেখা টানি

শিল কঁপিল , শিল কঁপিল
বিলক্ষণ ঈশ্বৰ নৃত্যৰতা

পাহাৰৰ প্ৰতিধ্বনি এটাক আতোমটোকাৰীকৈ  বান্ধি ৰখা হৈছে ঐশ্বৰিক শব্দৰে
এটা পুৰাতন প্ৰাৰ্থনা সুৰ দি গাব খোজোঁতেই ৰান্ধনী বেলিটো সাউতকৈ লুকাল।

দগলা বুকুৰ এবেগেতীয়া চামনি গুচাই চুই চালোঁ
দয়িত শিলৰ ঈশ্বৰ নাচি আছে
নাচি আছে,বুকুৰ সোঁ-মজীয়াত নাচি আছে।

তাণ্ডৱ নৃত্য !

বুকুখন কঁপি আছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)