বিবেক আৰু আবেগ ( ষষ্ঠ খণ্ড)

হয় পোপা , আৰু কি জানে আমি পিতৃ- মাতৃৱেও পুত্ৰ- জী বুলি ভাবিব লাগিব, তেহে মনে বিচৰা ঘৰ এখন পোৱা যায় । তাত সকলোৰে অৰিহণাৰ প্ৰয়োজন। হয় নয়ন দা নিমিষাই ক'লে । আৰু এটা কথা কওঁ- নিজক আনৰ লগত কেতিয়াও তুলনা কৰিব নাপায় । মানে কি কৈছে নিমিষায়ে - মানে কি জানা- ধৰিলোৱা কোনোবাই তোমাক কিবা কথাত বেয়াকৈ ক'লে , তুমিও তাক বেয়াকৈ কোৱাটো উচিত জানো? তোমাৰ আৰু তেওঁৰ মাজত জানো পাৰ্থক্য থাকিব--! কুকুৰে ভুকিলে বুলিয়েই তুমিও যদি কুকুৰৰ সমানে ভৌ ভৌ কৰা তুমিওটো ----- হয় হয় নয়ন দা আপুনি ঠিক কথা কৈছে ৰাকেশে ক'লে , আৰু কি জানা কেতিয়াবা তেজৰ সমন্ধ নাথাকিলেও কোনো ব্যক্তি কোনোৰ বাবে বৰ আপোন হয় , তেওঁ যদি নিজৰ জীৱনটোক জানি শুনিও বিপথে পৰিচালিত কৰি শেষ কৰিব বিচাৰে , অন্তৰ আত্মাৰে ভাল পোৱা লোক জনে বৰ-- কষ্ট পায় যিটো ভাষাৰে প্ৰকাশ কৰা বৰ কঠিন হৈ পৰে হয়নে নহয় বাৰু কো-- বাহ কৈছাহেনে কিয় নহ'ব বাৰু মালতীয়ে তপৰাই মাত লগালে । বাৰু আজিলৈ ইমানতে থাওঁক দিয়ক কেতিয়াবা সময় মিলিলে পাতিম । নকওঁ বুলিও বহু কথাই কৈ পেলালোঁ দোষ দাই নধৰিব উপস্থিত জেষ্ঠ সকল, মালতী খুৰী বেয়া আক নাপাব। ইস্‌ৰাম  কি কোৱা হে-- ইমান জ্ঞান গভীৰ কথা কৈছা তাত বেয়া পোৱাটো দূৰৈৰে কথা  তোমালোকৰ দৰে ল'ৰাই বৰ্তমান সমাজৰ বাবে বৰ প্ৰয়োজন নে কি কয় গাঁও বুঢ়া দেউতা, মালতীয়ে  গাঁও বুঢ়ালৈ চাই, হয় হয় এনেকুৱা ল'ৰা যদি দহ বাৰজন মান হয় আমাৰ গাঁৱৰ পৰিৱেশ সলনি হ'ব । তাৰ বাবে আমিও হাত উজান দিব লাগিব নহয় নে হয়বৰ ডাঙৰীয়া। অঁতো আকৌ আমি নিঃসন্দেহে  চকু হাল মুদিব পাৰিম। এহ তেনেকৈ নক'ব এতিয়াই হোৱা নাই মালতীয়ে হয়বৰলৈ চায় ক'লে। ঈশ্বৰেহে জানে কাৰ কেতিয়া---! হ'ব হ'ব থওঁক সেয়া , এতিয়া কথাবোৰ  খাপ খালে যেতিয়া ভাল দিন বাৰ এটা চাই সিহঁত দুটাক গা ভাগ ধুৱাই পেলোৱা ই ভালনেকি নে কি কোৱা ব্ৰজেন আৰু জয়ন্তলৈ চাই ক'লে । দুয়োৱে ক'লে হ'ব দিয়ক  আমিও যা যোগাৰ কৰোঁ দুয়ো বিয়য়ে ,অহা মাহতে  কাম ভাগ কৰিব লাগিব। এই কথা শুনাৰ মাত্ৰকে নিমিষা কাণত অজানিতে ভাঁহি আহিল - 'ওলাই আহা আইদেৱে আঙুলিক লেখি ---, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি দেউতাৰাৰ অলং--'--- অ' সোণৰ খাৰু আজি শিৰত সেন্দুৰ ল'লা কিয় বাৰু-- এটি অবুজ শিহৰণে দেহ মন চুই গ'ল, অজানিতে  চকুলো নিগৰি--- মালতীয়ে কথাটো গম পায় নিজৰ চাদৰৰ আঁচলেৰে বোৱাৰীয়েকৰ চকু হাল মচি মুৰত হাত বুলাই এইজনী--- চাওঁ। যোৱা গুৱা- পাণৰ বটাঁ টো লৈ আনাগৈ ৰাইজক --- সেৱা ধৰি -" কোটি কোটি
 ঘোৰ অপৰাধনিতে কৰো আমি---- কৃষ্ণ কৃষ্ণ অ' হৰি অ' ৰাম , ' হয় বোলে নমো নমো নাৰায়ণ পসন্ন হৰিয়োক হৰি---- অ' হৰি  অ'ৰাম-- । এতিয়া উঠো আৰু আইজনী কুশলে থাকিবা মালতী আহোঁ দে ,  হয়  নমস্কাৰ জনায়।
     ইয়াকে দেখি আৱেগে ক'লে - মই হাৰিলোঁ , তয় জিকিলিঅ' বিবেক। হয় সচাঁকৈ তই কোৱা খিনি  সচাঁ মোতকৈ তোৰ ক্ষমতা বহুত বেছি। আজি মই বাৰুকৈয়ে গম পালো সকলো কাম মোৰ মতে সত্যত প্ৰতিষ্ঠিত হ'ব নোৱাৰে তাৰ বাবে তোৰ গুণ সমূহ সঁচাকৈ মহৎ । বিবেকে আৱেগক ধৰি আহ আমি দুয়ো হৈ থাকিম সদায় পৰম বান্ধৱ মানে - মানে আকৌ 'একেটা মুদ্ৰাৰ দুটা পিঠি ' । দুয়ো হাঁহি- ।।

                   ××× সমাপ্ত ×××

 মোৰ শ্ৰদ্ধাৰ সুহৃদ সমস্ত এই লেখাটিত অজানিতে বহুত ভুল -ক্ৰটি  আগা পিছা অনেক খিনি হৈছে তাৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ । সেৱাৰে-  

               ✍🏻নয়নমণি বৰা 
               বিশ্বনাথ চাৰিআালি

Post a Comment

Previous Post Next Post