কলুষিত

©Admin
0
আউল নোহোৱা জীৱনৰ মসৃণতা ,
পাইছোঁ , চাইছোঁ , হাঁহিছোঁ
হয় আমি কৰুণ পুতলা ,
অপ্ৰাপ্তিৰ জপনা খুলি
পৈশাচিক আনন্দ লাভৰ বাবে
পথৰ দাঁতিত বহি
শুনিছোঁ মানুহৰ আমানৱীয় ঘটনা ,
জীৱনবিহীন জীৱনৰ আকুলতা
চকুলো নিগৰে
যদিও দেখুৱাব নোৱাৰোঁ অবিৰাম শংকা ।
দেখিছোঁ আজি সকলোতে
মানুহ বেহা কৰা মানুহৰ লানি নিছিঙা সোঁত ,
"মানুহৰ মাংস লাগিব নেকি দাদা
আপোনাক অলপ কমতেই দিম"
টকাৰ মূল্য আমাক নালাগে দাদা
কিন্তু যদি পাৰে
মৃত্যুৰ পিছত বোৱাই দিয়ক
অযুত শান্তিৰ স্বতঃস্ফূৰ্ত নিজৰা ।
আপোনাৰ ৰঙত ৰঙীণ হ'বই লাগিব আমি...
নিৰীহ প্ৰাণৰ নিথৰ প্ৰাণ আমি...
সেউজীয়া বিলাক ঢাকি
কৰি পেলাইছোঁ সকলো ৰক্তাক্ত
আশা আৰু নিৰাশাৰ চাকি জ্বলাই
জীৱনটো কৰি পেলাইছোঁ আসক্ত ।
হয় আমি কলুষিত
আপোনাক বেয়া বুলি কোৱাৰ বাবেই 
আমি সর্বপ্রকাৰে কলুষিত
আপুনি পাহৰি গৈছে যে
আপোনাক আপুনি কৰাত
আমি যে আজি পথভ্রষ্ট ।
জানো বাবেইটো জানো আপোনাক
শুভাকাংক্ষীৰ নামত আপুনি যে এক কলংক ,
হয় আপুনি এক কলংক
শৰ মাৰি ল'ৰ মৰা নাটকত আপুনি ৰাখে
স্বাৰ্থ সিদ্ধিৰ নুবুজা অংক ।
আপোনাক আৱৰণ দিবলৈ গৈ 
হৈছোঁ আজি সৰ্বশ্ৰান্ত
দিশহাৰাৰ নিমিলা অংকত আমি
আপোনাৰ বাবে হৈছোঁ আক্ৰান্ত ।
দেখি আহিছো আমি
সেউজীয়া পৃথিৱীৰ কাতৰ উন্মাদনা
যান্ত্ৰিক মানুহৰ অপৰিচিত যান্ত্রিকতা ,
ধ্বংস নিঃশেষ কৰাৰ বাবে কৰা ধ্বংসলীলা
পাৰিবনে কৰিব আওকাণ
স্বাৰ্থলোভী আপোনাৰ দৰে বহুজনক
স্তব্ধ কৰাৰ প্ৰাৰ্থনা ।
কৰি যাম আমি আৰাধনা
যেতিয়ালৈ থাকিব জীৱনৰ সাধনা ,
হয় আমি কলুষিত
আপোনাক বেয়া বুলি কোৱাৰ বাবেই 
আমি সর্বপ্রকাৰে কলুষিত ।
জীৱনবোধৰ প্ৰতি থকা ধাৰণা ,
শিকলিৰে বান্ধি থোৱা মৌন ওঁঠৰ
আপুনি বাকৰুদ্ধ প্ৰেৰণা
আঁকোৱালি ল'ম আকৌ আপোনাকে
ধিক্কাৰ এই জীৱন ,
মানসিকতাৰ শিকলি ভাঙি
আকৌ কৰি যাওক অভিনয়
আমি যে শিক্ষিত মূৰ্খ
হয় আমি কলুষিত ।


 ✍️ নীলমণি কলিতা
‌    ছিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)