এসাগৰ কৰুণ গল্প,
এন্ধাৰ নামিলে মমৰ দৰে গলে
তপত বোৱতী টোপাল হৈ...
কিবা এটা কোৱা না!
যি শব্দ তৰংগই উৰুৱাই নিব
হিমশীতল মৃত্যুমুখী মৌনতা,
সৰ্বকালৰ বাবে উটুৱাই নিব
মোৰ অনিৰ্বাপিত শোকাগ্নি...
শুনিছোঁ প্ৰেমাস্পদ সকলো সৌন্দৰ্যৰ ভৰাঁল!
জপনা খুলি পাৰিবানে পুৰাব
মোৰ সৌন্দৰ্য স্পৰ্শৰ অদম্য হেঁপাহ ?
সম্ভাৱনাবোৰ কি সতে সমাধিস্থ হ'বলৈ দিওঁ?
তুমিও জানা, ময়ো জানো
সপোনৰ স'তে সহবাসৰ ক্ষণ কিমান মধুৰ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ