ফেচবুকত লিখা সংকট- বাণীকান্ত লহকৰ

©Admin
0


ফেচবুক এতিয়া ইমানেই জনপ্ৰিয় হৈ পৰিছে যে বেছিভাগ মানুহে আজৰি সময়ত ইয়াতে নিমগ্ন হৈ থাকে। প্ৰতিষ্ঠিত অপ্ৰতিষ্ঠিত উভয়ে ফেচবুকত ভুমুকি মাৰে। অন্য ভাষাৰ কথা কব নাযায় অসমীয়া ভাষাত ফেচবুকত নিতৌ নতুন নতুন লিখনি আৰু পৰীক্ষা নিৰীক্ষা দেখা যায়। ফেচবুকত লিখিবলৈ আৰু পঢ়িবলৈ উজু  হোৱাৰ বিপৰীতে প্ৰাশ্যক্ৰিয়া ৰূপে কিছুমান সমকালীন সমস্যাই মূৰ দাঙি উঠিছে। 
 বহুতে ফেচবুকত লিখা আৰম্ভ কৰি পিছলৈ লিখিবলৈ এৰি দিয়ে অথবা ভয় ভয় কৰি লিখে। প্ৰায়বোৰৰে  অভিযোগ তেওঁৰ লিখনি চুৰি কৰি নিয়া হৈছে অথবা লিখনিৰ  আলমত অন্য ৰূপ দিয়া হৈছে। লিখাটো যেনেকুৱা বেমাৰ তেনেকৈ পঢ়াটোও। আনহাতে আনৰ লিখনি চুৰি কৰি নিজৰ কৰাটো আন এক বেমাৰ। বহুসময়ত এনে কাৰ্য্য হাতে লোটে ধৰি গৰিহণা দি অহা দেখা গৈছে।লিখকজনৰ লেখাবোৰ  ভাল হলে  পাঠকে তাক মনত ৰাখে। বহুতৰে আকৌ একো একোজন প্ৰিয় লিখক থাকে। তেওঁৰ লিখনি আনে যি ৰূপতে প্ৰকাশ নকৰক, তেওঁৰ দৃষ্টি গোচৰ হলে ধৰা পৰিবই।লাগিলে তেওঁ তাৰ পৰা উঠাই সেইবোৰ অন্য য'তে প্ৰকাশ নকৰক। 
ফেচবুকত লিখিবলৈ তেওঁৰ লিখনিৰ গুণগত মান দণ্ড নিম্ন গামী হ'ব পাৰে বুলি বহুতে আকৌ ভয় কৰি মাত্ৰ তেওঁৰ লিখনিৰ বিজ্ঞাপনৰ আহিলা হিচাপে ফেচবুক ব্যৱহাৰ কৰা দেখা যায়। পূৰ্বতে কাগজ পত্রই আৰু প্ৰকাশিত লিখনি প্ৰকাশ কৰি জনপ্রিয়তা অর্জন কৰিবলৈ অভিযান চলায়। এইয়া পূৰ্ব পৰিকল্পিত চতুৰ মানুহৰ অভিপ্রায়। 
আনহাতে দেখাক দেখি এচামে হাতত তুলি লয় কলম। নিজেও নাজানে তেওঁ কি লিখিব! অথবা কি লিখিছে। অথচ মনৰ তাগিদাত কিছুমান কলা আঁক বাক মাৰিব লওঁতেই থৰক বৰক হৈ পৰিল  ফেচবুক সাহিত্যৰ যাত্ৰা পথ। শব্দ জ্ঞান অসম্পূর্ণ আধৰুৱা শিক্ষা আৰু অভিজ্ঞতা হীন অমনোগ্ৰাহী  লিখনিও যেতিয়া এচাম পাঠকে বা:বা: ৰে চমৎকৃত কৰে , তেতিয়াই   তুলনাৰ  তুলাচনীত ফেচবুক লুটি বাগৰ খাই পৰে। 
কিছুমানে আকৌ নিজক জাহিৰ কৰাৰ অন্যতম অন্য উপায় পায় । ফেচবুকত যিহকে তিহকে  লিখি । 
নানা বিতর্কিত মন্তব্য প্ৰকাশ কৰি। বুৰঞ্জীক বিঘ্নিত কৰিবলৈও কিছুমানে ব্যথিত নহয়। ফেচবুকত বিভিন্ন গ্ৰুপ আছে বিভিন্ন লিখনিক প্ৰাধান্য দিবলৈ।ফেচবুক অথবা ৰগৰৰ গ্ৰুপ বোৰত কেতিয়াও কৌতুক লিখিব নালাগে বুলি অনুতাপ কৰা দেখা যায়। ইমান কষ্টৰে লিখাখিনি কেইমিনিটতে সকলোতে বিয়পি পৰে কিন্তু ভুলতেও কোনেৱেও মূল লিখকৰ নাম নিলিখে বা উল্লেখ নকৰি নিজেই সৃষ্টা হৈ পৰে বেছিভাগেই। বৰ আচহুৱা আৰু আত্ম অভিমানী এচামে ফেচবুক সাহিত্যৰ জনপ্ৰিয়তাত ক'ব বিচাৰে যে আপুনি পূর্ব প্ৰকাশিত যিকোনো লিখনি প্ৰকাশ কৰি ফেচবুকত দম্ভ নামাৰিব । আপুনি যদি অন্য আলোচনী বাতৰি কাকতক সন্মান কৰি পূর্ব প্ৰকাশিত লিখনি নপঠিয়াই তেন্তে সেই একে সন্মান দিবলৈ ফেচবুকত সম্পাদক আৰু সম্পাদনা নথকাৰ অজুহাতত সুবিধাটো ল'ব কিয়? পৰৰ পিঠাৰে বিহু পতা কাৰবাৰটো সকলোৱে পৰিত্যাগ অৱশ্যে কৰিব লাগিব বুলি সেইচামে  ক'ব বিচাৰে। সেই চামৰ মাজত আপুনিও আছে নেকি? 
কিছুমান মানুহ আছে নপঢ়াকৈ বহুত কিবা কিবি কয় , লাইক মাৰে  আৰু কিছুমান মানুহ আছে সকলো পঢ়ে কিন্তু ক'তো একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। লাইক নামাৰে । মন্তব্য নিদিয়ে। যেন তেওঁ এইবোৰৰ লগত জড়িত নহয়। 
আমি মঙ্গল গ্ৰহৰ প্ৰাণী হৈ থাকিলো । ভূপৃষ্ঠত কি ঘটে একো উম ঘামেই নাপাওঁ । অংক নজনা মানুহৰ দৰে ফলি পেঞ্চিল লৈ কেতিয়াও পতা নাই অংক । পাঠকৰ ভূমিকা। 
এনে দিন আহিব নেকি এদিন মানুহে ক'ব এই সকল ফেচবুক সাহিত্য অনুৰাগীয়ে সাহিত্য সাধনাৰ দ্বাৰা সেই যুগত কৃতিস্তম্ভ তৈয়াৰ কৰি গৈ দেশ আৰু তাৰ মান অটুট ৰাখিবলৈ সক্ষম হৈছিল আৰু অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)