সূৰ্যোদয় ( খণ্ড নং -২৯)- ৰাজেন দাস

©Admin
0


             (১) 
জীৱন। এটা চলি থাকে। এক প্ৰক্ৰিয়াৰে। যেন কোনোবা কিতাপত পোৱা পখিলাৰ জীৱন চক্ৰ। এই চক্ৰৰ জীৱন খন্তেকীয়া।চমু সময়ত বহু মানুহে বহু কাম কৰা উদাহৰণ কম নহব। আমি আকৌ অ'ৰ কথা ত'ত,ত'ৰ কথা ত'ত লগাই থাকিবলৈ সময় ওলায়। লোকলৈ বুলি হুল পুতি নিজে মৰো ফুটি কথাষাৰ পাহৰি থাকোঁ। মৰিম বুলি জানিও মৰিবলৈ ভয়। কি যে জীৱন। হায়ৰে। মাটিৰ লগত মিলি যাব লাগিব-
হৰিনাম-
এই মানৱী  জীৱন বিফলে যায়
..... 
 স্কলাৰশ্বিপ পাই যদুৰ লগতে মইয়ো আহিলোঁ। ভাড়া কোঠা। মালিক চম্পক গগৈ। বিশ্ববিদ্যালয়ৰে পানী যোগানৰ কৰ্মচাৰী। পুতেক বাবা। ৰান্ধনী। মিঠু। দশম মানত পঢ়ি আছে। ককাও বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী আছিল। ইঞ্জিনিয়াৰিঙৰ। নাম ডিম্বেশ্বৰ গগৈ। গাঁৱত নিংনি বুলি মাতে। মই আকৌ নিংনি ভাৱৰীয়াৰ নাম শুনিছোঁ। যি বিখ্যাত। এইজনৰ বিষয়ে জানিবলৈ যাদৱ চন্দ্ৰ দাসৰ নিংনি "ভাৱৰীয়াৰ ৰহস্য "পঢ়িব পাৰে। ইয়াত সৰ্বমুঠ ২৮-টা ঘটনা বৰ্ণিত হৈছে। তেওঁ পেচাত বৰপেটা অঞ্চলৰ এজন স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া। মন কৰিবলগীয়া কথাটো হৈছে নিংনিৰ কাৰ্য্য-কলাপ আৰু মুখে মুখে ৰচা ধেমেলীয়া পদ্যই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। 
ককাজনক ভাল লাগে। খুহুতীয়া কথা, ককাৰ জীৱন সংগ্ৰামৰ কাহিনী ইত্যাদি । 

    (২)
 মই ডিয়ুলৈ আহিলো। পৰিৱেশ টোৱে মন সজীৱ কৰিলে। পৰিস্কাৰ পৰিস্কাৰ লাগিছে। জেআৰএফ ৰ এৱাৰ্ড লেটাৰ সোনকালেই আহিল। কিন্তু মোৰ খন অহা নাই। আকৌ এক বুজাব নোৱাৰা যন্ত্ৰণা। কি কৰিম। মোৰটো কোনো হাত নাই। ইউজিচিৰ কাম। তেওঁলোকে নিৰ্দিষ্ট সময়ত আপলোড কৰিব। আগতে কেটগৰী উৱাইজত জেআৰএফ পোৱাবোৰৰ এৱাৰ্ড লেটাৰবোৰকে চাই আছোঁ। বুজাই আছোঁ। লগৰ জোকিয়ে জয়ন কৰিলেই। 
"মোৰ কি হ'ব? আহিব নে নাই? কেতিয়া আহিব? 
" আহিব, নিৰ্দিষ্ট সময়ত। অপেক্ষা কৰা। কষ্টৰ ফল অথলে নাযায় বান্ধৈ...
এদিন দুদিনকৈ সময় গৈ আছে। 

লাহে লাহে ডিয়ুৰ পৰিৱেশ বিৰাট ভাল লগা হৈছে। জীৱনৰ প্ৰতি মুহূর্তে পৰীক্ষা। মোৰ বেয়া অৱশ্যে নালাগে। মানুহলৈ ভয় হয়। প্ৰেমৰ দৰে স্বৰ্গীয় অনুভূতিটো ক'ত পৰীক্ষাৰ মাজেৰে আহিব লাগে। তাতেইটো প্ৰকৃত মজা। হ'ল বুলি আৰু ওঁঠ চেপিলেই গাখীৰ ওলোৱা সময়তে যৌৱন শেষ নহয়। সকলো সময়মতে হয়। সময়মতে কৰিব লাগে। কোৱা শুনো-
"অমুকাৰ পুতেকে ভালকৈ পঢ়া-শুনা কৰাৰ বাবে ডাক্তৰী গুৱাহাটীত পঢ়িছে। চৰকাৰে পঢ়াইছে। তহঁত আকৌ ইঘৰ-সিঘৰত সুপীয়া মাৰি, বেয়াবস্তু খাই, বেয়া সংগ পাই এতিয়া ধোদৰ আলি বনাৱ?"

দুৱৰাচুকত থকা ৰুম বিচাৰিলোঁ।পোৱা নাই। সেইফালেও পৰিৱেশটো ভাল লাগে। নিতুচ দাদাই আমাক দীঘলা গাঁৱৰ চম্পক গগৈৰ ঘৰলৈ আনিলে। আমি কোঠা পালোঁ। প্ৰথমতে আমি একেটা কোঠাতে দুই বন্ধু থাকিলোঁ। জেআৰএফ ৰ পইচা আহিলে চিংগুল  ৰুম ল'ম। আমাৰ ২০১৬ চনৰ পৰা ভাল বন্ধুত্ব। আমাক স্কলাৰশ্বিপ টোও হৈছে একেসময়তে। ইয়াতকৈ ভাল কথা কি হ'ব পাৰে। দুয়ো দুবছৰ যথেষ্ট কষ্ট কৰি পাইছোঁ। অৱশ্যে মাষ্টাৰ ডিগ্ৰী কৰি তাতে অংশকালীন হিচাপে কলেজবোৰত পঢ়াবলৈ মগজে নধৰিলেই। তাতে পইচাও ইমান নাছিল। দুয়ো ঘৰৰ ল'ৰা ঘৰলৈ উভটিছোঁ। উপায় নাই। ঘৰতে গৈ টিউচন কৰি, ইটো-সিটো কৰি চলি পঢ়াতো নেৰিম। স্কলাৰশ্বিপ এটা লৈ আকৌ যাম বুলি মনৰ ভিতৰতে মাৰবান্ধি থিয় হৈছোঁ। 

ক্ৰমশ:

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)