সৌৰভ -হিৰুমা শইকীয়া

Aditi Tanti
0
কঠিন শিলাময় পৰ্বতৰ বুকুত
বৈ  আহে  জিৰ্ জিৰ্ নিজৰা
সৰ্বগুণী ব্যক্তি সত্তাৰে সাহিত্য জগতত
কঢ়িয়াই আনিলা জ্ঞানপীঠ বটাঁৰ বতৰা।
বিশ্বজয়ী নন্দন সৌৰভে
আনে পূৰ্ণিমাৰ পয়োভৰ ,
সাহিত্যৰ সৌৰভ বুটলোতে বুটলোতে
ৰসোতীৰ্ণ তোমাৰ  অপাৰ ভান্ডাৰ 
হে মহাৰথী ------
হাঁহি হাঁহি  বুলালা ৰেণু
তোমাৰ জ্ঞানেৰে
তোমাৰ ৰসেৰে
জগত আজি হ'ল মহীয়ান ।
সাহিত্যৰ পথাৰখনি
সোনোৱালী ধানেৰে হ'ল ভৰপুৰ
মেটমৰা  অজস্ৰ ৰং বিৰিঙৰ ভাণ্ডাৰ ,
নীল আকাশত জিলমিল তৰাৰ মাজত
তুমি উজ্বল ধ্ৰৱতৰা ,
তোমাৰ মিঠা হাঁহিৰ খলকনিত
ধাৰাসাৰে বৈ আহে আনন্দৰ নিজৰা
কি পৰ্বত, কি ভৈয়াম সকলোতে
ঐক্যতানেৰে বাজে এক সুমধুৰ সংগীত ,
জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ
জীৱন নদীৰ ছন্দৰ ঢল নামিছে চৌদিশে
সচাকৈ, হেঙুলীয়া বেলিৰ আভা কিযে মোহনীয় !

******************************************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)