স্বস্তি - মামণি বৰঠাকুৰ

Aditi Tanti
0
সৰুৰেপৰাই ভাল স্বভাৱ চৰিত্ৰৰ
অনামিকাৰ সমাজত ভাল ছোৱালী বুলিয়েই পৰিচয় আছিল।

মাক, দেউতাকৰ সাতজনী ছোৱালী হোৱা হেতুকে
এদিন চাৰিটা পুত্ৰ সন্তানৰ মাতৃ জেঠায়েকে তাইক
লৈ আহিছিল কেঁচুৱা কালতেই। আৰু তেতিয়াৰ পৰাই নিজৰ ছোৱালীৰ পৰিচয় দি ডাঙৰ দীঘল
কৰিছিল।

ককায়েক,বৌয়েক হতঁৰ আলাসৰ লাড়ু অনামিকা ক বিয়া দিবলৈ ও বেছি কষ্ট নহ'ল।বি,এ,পাছ,সুন্দৰী অনামিকাৰ বাবে ইঞ্জিনিয়াৰ দৰা
পাই ধুমধামেৰে বিয়াখন পাতিলে ঘৰৰ মানুহে।
সমাজৰ ভাল মানুহ বুলি পৰিচয় থকা ৰূপমৰ ঘৰখন যে এখন মুখাপিন্ধা ভদ্ৰলোকৰ ঘৰহে তাই
অতি সোনকালেই বুজি পাইছিল।

তথাপিও স্বামীৰ কৰ্মসূত্ৰে মোম্বাইত থকাৰ বাবে
কিছু বছৰ আঁতৰি আছিল সেয়েহে ঠিকেই আছিল।

কিন্তু নিজৰ দ্বায়িত্বৰ পৰা পলাই ফুৰিব বিচৰা গিৰিয়েকৰ ৰূপটো আবিষ্কাৰ যেতিয়া কৰিলে তাই,
সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিছিল। 

কিন্তু শাহুৱেকে প্ৰচাৰ চলালে পুতেকলৈ
বেমাৰী ছোৱালী হে পালে।

এটা সময়ত ৰূপমে চাকৰি এৰি অসমলৈ ঘূৰি আহে। তাৰ পাছৰ পৰাই আৰম্ভ হয় আচল ৰূপটো। মানুহৰ বাজী, ইত্যাদি শব্দবোৰ হজম কৰিবলৈ তাইৰ কষ্ট হৈছিল। অৱশেষত পুত্ৰ সন্তান
এটি জন্ম হ'ল।সেই সময়তো কিন্তু ককায়েক হতেঁহে তাইৰ যত্ন লবলগীয়া হৈছিল।

মানুহক দেখুৱাই ৰূপমে ব্যৱসায় কৰে, কিন্তু কি ব্যৱসায় কৰে তেওঁ হে জানে!

লাহে লাহে শহুৰেকৰ মৃত্যুৰ পাছত শাহুৱেকে মাটি বাৰী সকলো বিক্ৰী কৰি দিলে, একমাত্ৰ ভেটিটোৰ
বাহিৰে সকলো গ'ল।

ব্যৱসায়ৰ নামত বেলেগ এখন চহৰত থকা ৰূপম আৰু অনামিকা ই এইবোৰৰ ভূকে নাপালে।
ইতিমধ্যে তাইৰ হাতৰ,কানৰ,সকলো বিক্ৰী কৰিলে
ৰূপমে। তথাপিও উন্নতি নহল তাৰ!সোৰোপা স্বভাৱৰ বাবে কতো উন্নতি কৰিব নোৱাৰে সি।
অনামিকা ই বহুবাৰ কিবা এটা কৰাৰ চেষ্টা কৰিছিল যদিও কৰিবলৈ নিদিলে সি।সমাজত কেনেবাকৈ তাৰ সন্মান যাব বুলি। চাকৰি কৰিব নালাগে,ঘৰতে ল'ৰাটো চালেই হ'ব।

এটা সময়ত তাইৰ সকলো সপোন শেষ হৈ গৈছিল।
গিৰিয়েকৰ কথা কাকো ক'ব নোৱাৰি। নিজৰ সন্মানৰ কথা আছে!শাহুৱেকৰ অত্যাচাৰী ৰূপটো
দিনে,দিনে,বেছি হৈ আহিল। পুতেকৰ স্বভাৱ টো
সলনি কৰাৰ চেষ্টা নকৰি,কেৱল বোৱাৰীকে দোষে সদায়।

এদিন মাকৰ ঘৰতো তাইৰ কোনো নাই কীয়া হ'ল।
কেৱল মাত্ৰ ককায়েক বৌয়েক এহালৰ বাদে।
জীৱনৰ ছাব্বিশটা বছৰ স্বামীৰ সকলো দোষ শুধৰাই লোৱা চেষ্টা কৰি গ'ল তাই। কিন্তু নাই নোৱাৰিলে।

নিজৰ সকলো বেদনা লুকুৱাই থৈ সকলোৰে লগত
হাঁহিমুখীয়া হৈ থাকি ভাল পোৱা অনামিকাক এদিন চৰিত্ৰ হীন আখ্যা দিলে স্বামী আৰু শাহুৱেকে। স্বামীয়ে ত্যাগ কৰিলে তাইক!

নিজৰ অৰ্কমণ্যতা লুকাই থৈ পলায়নবাদী চৰিত্ৰৰ
ৰূপমক পুতেকেও ঘৃণাৰ চকুৰে চাবলৈ ল'লে।
পৰিয়ালৰ সকলোৰে বাধ্য ভাল ছোৱালীৰ নাম
থকা অনামিকা আজি অকলশৰীয়া! 

কিন্তু .............! একমাত্ৰ
পুত্ৰৰ মুখলৈ চাই তাই আজি অতি সাহসী হৈ উঠিছে।মাটি, সম্পত্তি,ঘৰ নাই,ভাৰাঘৰত জীৱন কটাইও তাই আজি ভাগি পৰা নাই। জীৱনে বহু
শিকালে তাইক!

প্ৰৱল আত্মবিশ্বাসেৰে শক্তিশালী হৈ উঠিল তাই।

এই আত্মবিশ্বাস লৈ তাই ল'ৰাটোক মানুহ কৰিব।
হাতদুখন আছে, শিক্ষা আছে,কিবা এটা সংস্থাপন
নিশ্চয় হ'ব তাইৰ!

"মা তোমাৰ চিঠি এখন আছে!"

পুতেকৰ হাতৰ পৰা চিঠিখন লৈ খুলি চাই দেখে,
কম্পেনী এটাৰ পৰা চাকৰিৰ খবৰ আহিছে!
একমুহুৰ্তৰ বাবে আনন্দৰ চকুলো বৈ আহিল।

পুতেকক সাবতি লৈ কলে"আজিৰ পৰা
আমাৰ সকলো কষ্ট দুৰ হ'ব!"

মনতে ভাবিলে"পৃথিৱীত যাৰ কোনো নাই,তাৰ বাবে
ভগৱান নিশ্চয় আছে!"

স্বস্তিৰ নিশ্বাস এটি ওলাই আহিছিল ক'ব নোৱাৰাকৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)