নাই আনৰ প্ৰতি কোনো মমতা!!
আছে মাথোঁ স্বাৰ্থজনিত কিছু লিপ্সা
আৰু আছে হত্যা, ধৰ্ষণ,লুণ্ঠন!!
সকলোৱে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ
বিদেশ ভ্ৰমণ কৰি যশ লভিছে ঠিকেই
কিন্তু,প্ৰকৃতাৰ্থত সি মানুহ হ'ব পাৰিছে জানো??
আজিৰ শিক্ষিত সভ্য সমাজে বাৰে বাৰে
ধৰ্ষণ কৰিছে মাতৃৰ মমতাক;
উভালি পেলাইছে ভগ্নী-কন্যাৰ বিশ্বাসৰ এনাজৰী!!
আজিৰ কামাতুৰ শিক্ষিত সমাজে নিঃসংকোচে কলুষিত কৰি দাঙি ধৰিছে ভণ্ড সমাজৰ নগ্ন প্ৰতিচ্ছবি!!!
✍️অঞ্জনা শইকীয়া
টীয়ক