আপুনি মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰে- হেমেন হাজৰিকা

©Admin
0
উপৰিউক্ত কথা শাৰী মনত পৰাৰ লগে লগে কথা এশাৰী মনলৈ আহিল সেয়া হ'ল মানুহৰ নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়। মই ভাবো ব্যৱহাৰো এটা কলা ।ইয়াক অৰ্জন কৰাটো কষ্টসাধ্য, সকলোৰে বাবে সম্ভৱ নহয় । কিছুমান ব্যক্তিৰ ব্যৱহাৰে আমাৰ মন মগজু চিন্তা সকলো চুম্বকৰ দৰে আকৰ্ষণ কৰে । তেখেতৰ প্ৰতি আকৰ্ষিত হোৱা যায় । তাহানিতে পঢ়া আলেকজেণ্ডাৰ আৰু পুৰুৰ কাহিনীটোৱে আমাক এনেদৰে আকৰ্ষিত কৰিছিল যে তাৰ গূঢ়াৰ্থ আজিও হৃদয়ত অনুৰণিত হৈ আছে । এই বাক্য শাৰীৰ আধাৰত কিয় লিখিবলৈ প্ৰয়াস কৰিছোঁ তাৰ অন্তৰালত এটা কথা আছে । ভাবিলো লেখাটোও লিখা হওঁক। কথাখিনিও স্মৃতিৰ এলবামত সংৰক্ষিত হৈ থাকক ।
     পুনৰ আলেকজেণ্ডাৰ আৰু পুৰুৰ কথাটো দোহাৰিছো । বন্দী পুৰুক আলেকজেণ্ডাৰৰ সেনাবাহিনীয়ে যেতিয়া তেখেতৰ ওচৰলৈ লৈ গৈছিল তেতিয়া আলেকজেণ্ডাৰে পুৰুক এটা কথা সুধিছিল তুমি মোৰ পৰা কেনে ব্যৱহাৰ আশা কৰা ?পুৰুৱে বুকু ফিন্দাই উত্তৰ দিছিল ৰজাৰ দৰে । আলেকজেণ্ডাৰ এগৰাকী দিকবিজয়ী বীৰ আছিল , তেনে এগৰাকী বীৰৰ সন্মুখত ঠিয় হৈ পুৰুৱে নিৰ্ভিকচিত্তে তেনেদৰে উত্তৰ দিছিল । মাত্ৰ সেই শাৰী উত্তৰতে আলেকজেণ্ডাৰে পুৰুৰ হাতৰ বান্ধ খুলি দিছিল আৰু পুৰুৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল । গতিকে কথাত বঁটা পাই, কথাত কটা যায় কথাষাৰে তাকেই প্ৰমাণ কৰিলে । 
     মই লিখিবলৈ ওলোৱা কথাষাৰ উৎস আছিল এগৰাকী লৱলৈ ওলোৱা ৰাজ্যিক কৃৰ্তি শিক্ষকৰ বঁটাৰে সন্মানিত প্ৰধান শিক্ষকৰ কথা । তেখেতৰ কথাৰ সুৰ বিলাক সহকৰ্মী সকলে বৰদাস্ত কৰিব নোৱাৰে । এগৰাকী অহংকাৰী শিক্ষক । সহকৰ্মী সকলক সদাই তিৰস্কাৰৰ সুৰত কথা কয় । নিজকে সৰ্বজান্তা বুলি গণ্য কৰে । বঁটা লাভ কৰাৰ পিছত সেই স্বভাৱটো আৰু বেছি হৈছে । চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ শিক্ষক গৰাকীলৈ তেওঁ কাকো ৰেহাই নিদিয়ে । নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ আনৰ ভৰিত ধৰিব পাৰে আৰু স্বাৰ্থ পূৰণ হোৱাৰ পিছত তেওঁ লাঠি মাৰিও দিব পাৰে । গতিকে তেখতৰ পৰা আমি কেনে ব্যৱহাৰ আশা কৰিম ? তেখেতে কাৰ্যালয়ৰ কৰ্মচাৰীকো ভাল ব্যৱহাৰ নকৰে । তেখেতে কোনটো পথেৰে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাটো লৈছে সেইটো সকলোৱে জানে । গতিকে তেনে এগৰাকী সন্মানীয় ব্যক্তিৰ কথা বতৰা ব্যৱহাৰ আচৰণ কেনে হ'ব লাগে বাৰু ? লগতে তেখেত এগৰাকী মিছলীয়া ব্যক্তি । আনৰ কথা তেওঁ সমুলি নাভাবে । কেৱল নিজৰ কথা ভাবে আৰু নিজকে চিনি পায় । গতিকে তেখেতৰ তেনে ব্যৱহাৰৰ পৰা আমি কি আশা কৰিম ? 
    সুদীৰ্ঘ ৩৯বছৰ শিক্ষাৰ দৰে এটা বিষয়ৰ লগত জড়িত এগৰাকী ব্যক্তিৰ তেনে ব্যৱহাৰে মোক আহত কৰে । বহু সময়লৈ মনটো বাট মেলে আৱৰি ৰাখে ।গতিকে মই ভাৱো এজন মানুহৰ মনৰ কথা আৰু ব্যৱহাৰত তেখেতৰ ব্যক্তিত্ব ফুটি উঠে । ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰৰ ব্যক্তি সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হয় । মুখৰ আগত প্ৰকাশ নকৰিলেও অনুপস্থিতিৰ সময়ত কৰা বিৰূপ মন্তব্য কৰাত বুজি পোৱা যায় তেখেতক ভয়হে কৰে ভক্তি নকৰে । গতিকে আমি যদি কও যে আপোনালোকে মোক কিয় মনত ৰাখিব ? 
   মোক মনত ৰাখিবলৈ হ'লে মই নিশ্চয় এনে চিন ইয়াত থৈ যাব লাগিব যাৰ বাবে আপোনালোকে মোক মনত ৰাখিব । মই আপোনাসবৰ লগত থাকোঁতে আপোনাসবে বিচৰা ধৰণে আপোনাসবে আশা কৰা ব্যৱহাৰৰ মানুহ জন হ'ব পাৰিছোনে ? যদি পাৰা নাই তেন্তে মই পৰাজিত হৈছোঁ ।
যদি এক শতাংশ হ'লেও আপুনি বিচৰা মানুহ জন‌ মই হ'ব পাৰিছো তেন্তে আপোনাসবে মোক মনত ৰাখিব । তেতিয়া এদিন হ'লেও ক'ব ইয়াৰ এজন মানুহ আছিল আৰু মানুহ জন ভাল আছিল ।সেইখন প্ৰমাণ পত্ৰই হ'ব জীৱনৰ আটাইতকৈ মূল্যবান প্ৰমাণ পত্ৰ ।
তেনে চিন চিৰদিনৰ শ্ৰেষ্ঠ সম্ৰাট আলেকজেণ্ডাৰৰ বুকুত খোদিত কৰাইছিল এখন সৰু ৰাজ্যৰ ৰজা পুৰুৱে । হয়, তাৰ বাবে লাগে মাথোঁ হয় ব্যৱহাৰ, হয় আচৰণ । তেনে কৰিলে আপুনি মোক মনত ৰাখিব ।

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)