মৰমৰ অনামিকা

কবিতাবোৰ এতিয়া 
কেৱল শব্দহীন কংকাল
কেতিয়াবা ভাগৰি পৰা অনুভৱ
জাগি উঠে মৰিশালিত
সেউজীয়া কৰিব বিচাৰে শব্দৰ পথাৰখন;
কিন্তু,সেয়া যে,
এক দুঃসাহসিক কচৰৎ ।


মৰমৰ অনামিকা

        আজিৰ এই সন্ধিক্ষণত নক'বলগীয়া কথা আৰু নেভাৱিবলগীয়া ভাৱৰ মোহনাত পাকঘূৰণী খাই তল-ওপৰ হৈছে মোৰ মৃত্যুমুখী কলিজাটো । বহু প্ৰশ্ন ,বহু কথাই খুটি খুটি খাইছে অবিৰাম ,অবিৰত ; যেন ময়েই প্ৰশ্ন , ময়েই উত্তৰ। পাহৰণিৰ গৰ্ভত লীন যোৱা যৌৱনৰ বলীয়া বান এতিয়া মৰিশালিৰ তৈল চিত্ৰ ।        
          
 মৰম ল'বা । বহু চেষ্টাৰ পিছতো আঁকিব পৰা নাই মোৰ অনুভৱৰ পৃষ্ঠাত আজি শব্দৰ যাদুঘৰ । তথাপি এই অপচেষ্টা । আশাকৰোঁ তুমি মোৰ এই হৃদয় নিসৃত চিঞৰবোৰ এবাৰ অন্তত পঢ়িবা । কুশলে আছাতো ?
        সাম্প্ৰতিক সময় আৰু সময়ৰ চাহিদাত জীৱন এক কম্পমান পৃষ্ঠভূমি । তুমি হয়তো নাজনা ! অনুভৱো কৰা নাই । তুমি এৰা প্ৰতিডাল শব্দ শৰ কিদৰে নিবিন্ধাকৈয়ে সোমায় হৃদয়ৰ বেষ্টনী ছিঙি । তচনচ্ কৰে মোৰ সেউজীয়া সপোনবোৰ । সময় পালে আহিবাচোন মোৰ ভগ্নপ্ৰায় উৱঁলি যোৱা পঁজালৈ । আপ্যায়নত কিছু তিক্ততা বাকি দিম মোৰ অনুভৱৰ পিয়লাত । আহিলে আহিবা , গধূলি গোপালজোপা ফুলি উঠা বতৰত । অন্ধকাৰত মাতাল নিশাত নীৰৱতা ভাঙি আমি উজাই যাম জোনৰ দেশলৈ । জুখি চাম মোৰ প্ৰেম আৰু তোমাৰ ঘৃণাৰ তীব্ৰতা , য'ত ঘৃণা , অকৃতজ্ঞ , প্ৰতাৰক আদি শব্দবোৰো তেনেই নিশকতীয়া যেন অনুভৱ হ'ব । কিমানলৈ শিপাইছে বাৰু তোমাৰ ঘৃণাৰ তীব্ৰতা ? এবাৰ জানিবলৈ মন যায় তুমি সুখী নে অনামিকা ? তুমিতো জানাই অভিনেতা মই , অভিনয় মোৰ চিনাকি পথাৰ । সেয়ে আঁতৰি আছোঁ আজি তোমাৰ অনুভৱৰ বেলকণিৰ পৰা । মোৰ সান্নিধ্যই হয়তো তোমাক আমুৱাই তোলে কেতিয়াবা ! উপায়ন্তৰ মই ।


           বিশ্বাসহীনতাত নিমজ্জিত এতিয়া তোমাৰ সমগ্ৰ সত্তা । শত চেষ্টা কৰিও বিফল মই আৰু মোৰ আত্মা । কেতিয়াবা তোমাৰ মুখত এচমকা হাঁহিৰ ফিৰিঙতি আহে যদিও সেয়া বিজুলীৰ চিক্‌মিক্‌নিহে বুলি অনুমান হয় । জীৱনে কেতিয়া , ক'ত গৈ থিয় দিয়ে , কোনেও নাজানে । সেয়ে জীৱনৰ বাটত ধৈৰ্য আৰু সংযমৰ অতিকৈ আৱশ্যক । জীৱন মানেই একা-বেঁকা বাট । পাৰা যদি আকৌ এবাৰ বিশ্বাসৰ দলিচাখন পাৰি দিয়া তোমাৰ হৃদয় থলিত , য'ত মই আকৌ নিজকে এবাৰ জুখি চাম প্ৰতাৰকৰ দীঘল ৰছীডাল ।
          দুদিনীয়া জীৱন । নাজানো কোন মুহূৰ্তত খহি পৰে মূধচ ভাঙি । য'ত বাস কৰিছিল এজাক সুখৰ মইনা চৰাই । অপৰাধ নামাখন বৰ দীঘলীয়া , হয়তো লিখিও শেষ কৰিব নোৱাৰিম । অপৰাধ , অপৰাধেই । ক্ষমা জানো অপৰাধৰ শেষ উত্তৰ হ'ব পাৰে ? নোৱাৰে , কেতিয়াও নোৱাৰে । কাৰণ বগা কাপোৰত এবাৰ যদি ক'লা দাগ লাগে সেয়া কেতিয়াও নিঃশেষ নহয়। তুমি হয়তো নাজানা তোমাৰ অভিমানে মোৰ মৃত আত্মাত কিদৰে খলকনি তোলে , ধ্বংসস্তূপত পৰিণত হয় মোৰ সমগ্ৰ সত্তা ।
           এক জটিল সম্পৰ্কৰ মায়াৱী পথাৰ যেন ধৰণীখন । আজি স্বাৰ্থান্বেষীতাৰ চূড়ান্ত পৰ্য্যায়ত অৱস্থিত আধুনিক সমাজ । কি সামাজিক , কি তেজৰ সম্পৰ্ক , সকলোতে যেন অঘোষিত ভাবে স্বাৰ্থান্বেষী কথাবোৰ সোমাই পৰিছে ইচ্ছা-অনিচ্ছাকৃতভাবে । 'সম্পৰ্ক' - এক ব্যাপক অৰ্থবহ শব্দ হোৱাৰ লগতে ই সংজ্ঞাহীন । যাৰ অন্তৰালত সোমাই আছে সৃষ্টিকৰ্তাৰ অসীম কৃপা আৰু আন্তৰিকতা । মহান সৃষ্টিকৰ্তা অসীম কৃপালু । যাৰ কৃপাত সৃষ্টি এই বিশ্ব ব্ৰহ্মাণ্ড তথা অগণন জীৱ-অণুজীৱ । যাৰ ভিতৰত মানুহ হৈছে শ্ৰেষ্ঠ জীৱ । মহান সৃষ্টিকৰ্তা হৈছে প্ৰেম আৰু ভালপোৱাৰ শ্ৰেষ্ঠ আকৰ । তেখেতে এশ ভাগ ভালপোৱাৰ মাত্ৰ এভাগহে সমগ্ৰ জীৱ জগতৰ বাবে উপহাৰ হিচাপে দান কৰিছে। যাৰ ফলশ্ৰুতিত মাতৃয়ে সন্তানক দিয়ে মৰম-চেনেহ আৰু অনাবিল ভালপোৱা । মাত্ৰ এভাগ ভালপোৱাৰ বাবেই সন্তানৰ কাৰণে যদি পিতৃ-মাতৃয়ে নিজৰ জীৱন উচৰ্গা কৰিবলৈও কুণ্ঠাবোধ নকৰে ,তেন্তে যিজনৰ ওচৰত নিৰানব্বৈ ভাগ ভালপোৱা সংৰক্ষিত তেখেতে সৃষ্টিকুলৰ বাবে কিমান কি কৰিব পাৰে , ভাবিবলগীয়া নিশ্চয় ? এইবোৰ অপ্ৰাসংগিক কথা পঢ়ি হয়তো তুমি আমনি পাইছা ! তথাপিও আহা কিছু বিনিময় কৰোঁ মোৰ আৰু তোমাৰ নোকোৱা কথাবোৰ । কোনে জানে ? কাইলৈ বা কি হ'ব !
জীৱনতো নহয় চিৰযুগমীয়া নহয় ক্ষয়হীনো ।
আজিৰ শৌৰ্য-বীৰ্য হয়তো নাথাকিব কাইলৈ । সেয়েহে , সময় থাকোঁতেই আহা এক্ষন্তেক সান্নিধ্য লওঁ , জীৱনৰ য'ত বুজি উঠিবা তুমি তোমাক আৰু মই মোক ।

শেষত---
উভতনি যাত্ৰাত আজি   
হৃদয়খনে হাহাকাৰ কৰিছে 
বিচ্ছেদিত তোমাৰ অপলক দৃষ্টিত
যেন ক'বলগা বহু কথাই কোৱা নহ'ল তাগিদাৰ তাড়নাত
নাজানো আকৌ কেতিয়া লগ হ'ম তোমাৰ অনুভৱৰ বেষ্টনী ফালি উজাই গৈ তোমাৰ নিৰিবিলি কুটিৰত ।

হয়তো জীৱন এনেকুৱাই
পোৱাতকৈ নোপোৱাৰ তৃষ্ণাই বেছিকৈ কন্দুৱায়
কুশলে থাকা
দীৰ্ঘজীৱি হওক তোমাৰ জীৱন
সুখী হোৱা মনৰ জোখাৰে
এই প্ৰত্যাশাত আজি উভতনি যাত্ৰা---" !
                   


ইতি,
তোমাৰ প্ৰত্যাশা
নিৰ্জন প্ৰদেশ 

Post a Comment

Previous Post Next Post