সুৰুঙা - প্ৰণৱ চক্ৰৱৰ্তী

Aditi Tanti
0
সুৰুঙাবোৰ থাকে বাবেই
বহুতে আন্ধাৰ বাটেদি,
বিনাদ্বিধাই গৈ থাকিব পাৰে।
তাচ্ছিল্য কৰিব পাৰে আইন আদালতক৷
সুৰুঙাবোৰ থাকে বাবেই
মন গলেই কোনোবাই আমাক
ঠগিব পাৰে,
প্ৰতিবাদবোৰক পাত্তা নিদিয়াকৈ থাকিব পাৰে৷
সুৰুঙাবোৰ থাকে বাবেই
এচামে নিজৰ স্বাৰ্থৰ বাবে
জাতিটোক বন্ধকত থোৱাৰ 
যো-জা কৰিব পাৰে,
সুৰুঙাবোৰ থাকে বাবেই
ক্ষমতাৰ ৰাগীত মতলীয়া হ’ব পাৰে এচাম৷
সুৰুঙাবোৰ বন্ধ হ'ব লাগে বুলি
সমাজক দেখুৱাই চিঞৰা সকলৰো
বহুতেই আনে নজনাকৈ
নিজৰ বাবে বিচাৰি ফুৰে
সুৰুঙা...

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)