শশীনী (এক‌ নিৰ্যাতিতা আত্মাৰ কাহিনী)

©Admin
0
(এজনী নিৰ্যাতিতাৰ সংগ্ৰামৰ কাহিনী যাৰ মৃত্যুৰ পাছতো আত্মাই সম্পূৰ্ণৰূপে শান্তি নাপালে।মই কাহিনীটো কল্পজগতত নামিহে লিখিছোঁ কিন্তু কাহিনীটোৰ দ্বাৰা দেখুৱাব খুজিছোঁ যে নিৰ্যাতিতা এগৰাকীয়ে কেনেদৰে সংগ্ৰাম কৰে। কেইটামান সৰু ল’ৰা-ছোৱালীৰ প্ৰচেষ্টাত এই আত্মাক কেনেকৈ শান্তি দিলে সমূহ কথা বৰ্ণোৱা হৈছে।আশা কৰোঁ আদৰি লব।)


বহু দিনৰ আগৰ কথা।এখন গাঁৱত আকালে দেখা দিছিল।সেই গাঁৱৰে বাসিন্দা আছিল জোনাক আৰু তাৰ পৰিয়ালটো।জোনাক চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।সি ভাল ল'ৰা লগতে পঢ়া-শুনাটো ভাল।কিন্তু দুৰ্ভিক্ষৰ জালত সিহঁত বন্দী।তেতিয়া শিক্ষাৰো ইমান গুৰুত্ব নাছিল।কাৰণ আগৰ ধাৰণাবোৰ অবৈজ্ঞানিক তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ভূত ওলোৱাৰ কথা আছিল স্বাভাৱ।গাঁৱৰ বয়োজেষ্ঠ সকলে আকালৰ কাৰণ কৈছিল “গাঁৱৰ আগৰ মুখীয়াল ঘৰটো আৰু তাৰ চোতালত থকা সেই অদ্ভুত বিটপী(গছ) জুপি"। কিন্তু ভূত থকাটো সঁচা আছিল।এই কথাটো সকলোৱে গুৰুত্ব সহকাৰে লৈছিল;কাৰণ ইয়াৰ আঁৰত লুকাই আছিল এটা ডাঙৰ সত্য কাহিনী। জোনাকে আইতাকৰ ওচৰলৈ গৈ সুধিলে যে গাঁৱৰ সকলোৱে কৈ আছে যে এই ভূতৰ কথা সঁচা নেকি? কোৱাচোন আইতা,,??আইতাকে কথাটো ক'বলৈ সংকোচ কৰিছিল কিন্তু সি বাৰে বাৰে সুধি থকাৰ কাৰণে ক'ব লগা হ'ল। আইতাকে আৰম্ভ কৰিলে:“ দহ বছৰৰ আগৰ কথা।আমাৰ গাওঁখন সোণৰ দৰে জিলিকিছিল, স্বৰ্গপুৰী সদৃশ আছিল।আমি তেতিয়া সৰু সৰু।গাঁৱত সকলো সুখেৰে বাস কৰিছিল,আৰু গাঁওখনৰ এটা ডাঙৰ ঘৰ আছিল সেইটোৱেই আছিল গাঁৱৰ মুখীয়াল পিপ্লিধৰ কোঁচৰ,,আৰু তেওঁলোকৰ ঘৰৰ চোতালখনত আছিল এজোপা প্ৰকাণ্ড গছ এজুপি যি জোপা নিজেই এক সাঁথৰ আছিল,,আৰু বিচিত্ৰ আছিল। গছজোপাত চাৰিবিধ ফল লাগিছিল আম,কমলা, মধুৰী আৰু আঙুৰ।গাঁৱৰ মানুহবোৰে তালৈ যাবলৈ ভয় কৰিছিল,কাৰণ আছিল গছজোপাৰ বিষ্ময়াদিবোধক চৰিত্ৰ। গাঁৱৰ মানুহবোৰৰ দৰে মুখীয়ালেও ভয় কৰে আৰু ঘৰৰ পিছফালেদিহে যায়। মুখীয়ালজন ভাল আৰু বেয়া দুয়োটা চৰিত্ৰৰেই অধিকাৰী আছিল।তেতিয়া গাঁৱৰ কিন্তু আকাল একেবাৰেই হোৱা নাছিল।মুখীয়ালৰ ঘৰৰ ওচৰত এটা সৰু পজা আছিল।তাত এহাল দম্পতি আছিল, তেওঁলোকৰ কেইদিন মানৰ পাছত এজনী কন্যা সন্তান জন্ম হ'ল।সন্তানটি দেখাত যেন চন্দ্ৰৰ তুল্য,কিন্তু বাপেকে নামটো ৰাখিছিল শশীনি,বৰ আশয্যকৰ নহয়নে!কিন্তু তাইক সকলো গাঁওবাসীয়ে ৰূপা বুলি মাতিছিল।তাই সৰুৰে পৰা নাচ-গানত পাকৈত আছিল।তাইক সকলোৱে বহুত ভাল পাইছিল। তাই আকৌ সেই ৰহস্যময় গছজোপালৈ যাবলৈ ভয় নাছিল,তাই নিতৌ তাত গৈ বহে ,ফল খাই,আৰু কথাও পাতে।ৰূপাই এটা সম্বন্ধ গঢ়ি লৈছিল বৃক্ষ জোপাৰ লগত।এদিনৰ কথা গাঁৱত আনন্দ মেলা অনুষ্ঠিত কৰিছিল। তাই তাত নৃত্য প্ৰদৰ্শন কৰিছিল।গাঁৱৰ বুঢ়া মুখীয়াল পিপ্লিধৰে তাইৰ ৰূপ দেখি বিমোহিত হৈছিল। ৰাতি তাই গছজোপাৰ তলত বহি থকা সুযোগত তেওঁ তাইক সাৱটি ধৰাৰ দুৰ্সাহস কৰিলে আৰু অকথ্য নিৰ্যাতন চলালে সেই সময়ত তাইৰ মুখখন কাপোৰেৰে বান্ধি লৈছিল,,কিন্তু তাই যিকোনো প্ৰকাৰে সেই বান্ধ খুলি চিঞৰাত তাইক পাথৰেৰে মৰিয়াই হত্যা কৰিলে।মৰাৰ আগমূহুৰ্তত তাই এটা শাপ দি গ'ল যে “ যি জোপা গছৰ তলত তাইক হত্যা কৰিছে,তাই তাতে থিতাপি ল'ব আৰু মুখীয়ালৰ পৰিয়ালৰ ৰহস্যজনক ভাবে মৰিব আৰু তাই মৰা শোকত গাঁৱত লাহে লাহে আকালে দেখা দিব”- সেই বুলি কৈ ৰূপা মৰিল। মুখীয়ালে তাইক সেই গছৰ তলত পুতি তাৰ পৰা মুখীয়াল লৰা-লৰিকৈ পলাই গ'ল।পাছদিনা মাক বাপেকে ৰূপাক বিচাৰি হাবাথুৰি খালে কিন্তু তাইক নাপালে আৰু দুখ মনেৰে গাওঁ এৰি গুচি গ'ল।ৰূপাৰ শাওপাত কিন্তু পৰিয়ালে,, দুদিন মানৰ পাছত মুখীয়াল জনৰ তেজ বমি কৰি মৃত্যু হ'ল।এমাহ মানৰ পাছত সকলো সদস্যৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল,কিন্তু গাঁওবাসীয়ে ভয়তে পেঁপুৱা লাগি ৰ'ল। প্ৰায়ে এবছৰৰ হ'ল মুখীয়াল ঢুকুৱা কিন্তু কোনো পুলিছে তদন্ত কৰিবলৈ অহা নাছিল,,এদিন হঠাৎ আঠজনীয়া এটা পুলিছৰ দল আহি সেই ঘৰত সোমাল।কিন্তু একো নাপালে কাৰণে যাব উলাইছিল সেইসময়তে গাঁওবাসীয়ে ক‘লে: ইয়াত ভূত থাকে আমাৰ বহুত ভয় লাগে আপোনালোকে ইয়াৰ পৰা ভূত আঁতৰাই থৈ যাওঁক।এইবুলি পুলিছ কেইজন এৰাতি থাকিবলৈ মান্তি হল। পুলিছ কেইজন আছিল এজনী নাৰীৰ ধৰ্ষণকাৰী,কিন্তু কোনো সত্যাসত্য নুলোৱাত সিহঁত বাচি গৈছিল।কিন্তু ৰূপাই সকলো কথা গম পোৱাত এজনী নিৰ্যাতিতা হিচাপে তাইৰো প্ৰতিশোধ ল’বৰ বাবে তাই খঙত নিশা হোৱাৰ সময়লৈ বহি থাকিল।নিশা নামি আহিল! সকলো গাঁওবাসী ঘৰে ঘৰে সোমাল।পুলিছ কেইজনে মুখীয়ালৰ উৱলি যোৱা ঘৰত থাকিব গ’ল। পুলিছ কেইজনে বিলাসী সুৰা আনি থৈছিল,, তেওঁলোকে সুৰাপান কৰি উন্মুক্ত হৈ নাচিব ধৰিলে।তেতিয়া ৰূপাৰ শান্তি নোপোৱা আত্মাই সিহঁতক গছৰ ওপৰৰ পৰা চাই আছিল। ৰূপাই খঙত বহি ভাবি আছিল সিহঁতক মৃত্যুৰ ঘৰত থ’বলৈ। তেনেতে দুজন পুলিছৰ প্ৰস্ৰাৱ কৰিব লগাত ওলাই আহিল আৰু ইজনে সিজনক কৈ আহিছিল ইয়াত দেখোন একো ভূতেই নাই আমি এনেই থাকিলো। সিহঁতি সেই ৰূপা বহি থকা গছৰ তলতে প্ৰস্ৰাৱ কৰিলে,, আৰু ৰূপা খঙত অগ্নিশৰ্মা হৈ সিহঁতক মাৰি পেলালে,,মাত্ৰ এটা ডাঙৰ উৎকট চিঞৰ! আৰু এটি হাহি‍ঁ! নৈঃশব্দ্যতাই বিৰাজ কৰিল। পাছত ৰূপাই এটা এটাকৈ পুলিছক মাৰিলে আৰু জঙ্ঘলৰ মাজৰ এজোপা গছত ওলোমাই ৰাখিলে।পাছদিনা গাঁৱৰ সকলো আহি ঘৰত পুলিছ কেইজন উঠা নাই বুলি মাতিব ধৰাত কোনো মাত নাপালে আৰু উভতি গ’ল এইবুলি ভাবি যে ভয়ত তেওঁলোক পলাই গ'ল।কিন্তু গাঁৱৰ ৰাইজৰ মাজত বিহ্বলতাই যেন চানি ধৰিলে। কেইদিনমানৰ পাছত এজন ব্যৱসায়ী সেই জঙ্ঘলৰ মাজেদি যাওঁতে সেই মৃতদেহ কেইটা উলমি থকা দেখি ত্ৰাহি মধুসূদন! বুলি দৌৰি গাঁৱৰ ৰাইজক কথাখিনি বিৱৰি ক‘লে।গাঁৱৰ ৰাইজে নামঘৰৰ হৰিধ্বনি দিলে আৰু সকলো ভয়ৰ বক্ষত থকা দি থাকিল।প্ৰায় এবছৰৰ পাছত গাঁৱত লাহে লাহে আকালে দেখা দিব ধৰিলে, মাটি বোৰৰ উৎকৃষ্টতা নাইকীয়া হৈ আহিল,খেতি নোহোৱা হ'ল আৰু বহুতো সংকটে দেখা দিব ধৰিলে,,আৰু এতিয়া সেইবোৰ বেছি হ'ব ধৰিছে”।।এইবুলি আইতাকে কাহিনীটো সামৰণি মাৰিলে আৰু জোনাকক ক‘লে এতিয়া যি পৰিস্থিতি হৈছে সেইয়া ৰূপা মৰাৰ পাছৰ পৰাই হৈ আহিছিল কিন্তু এতিয়া বেছি হ'ব ধৰিছে কাৰণ ৰূপাৰ আত্মাই সম্পূৰ্ণৰূপে শান্তি পোৱা নাই;এতিয়া তুমি যোৱা পঢ়াগৈ আমাৰ গাঁওখনক বচাব লাগিব।এইবুলি আইতাক উঠি গল।কিন্তু জোনাকে কথাবোৰ বিশদভাৱে ভাবিলে আৰু তাৰ বন্ধু-বান্ধৱীৰ সৈতে আলোচনা কৰিলে।সকলোৱে ভয় খালে কিন্তু সিঁহতৰ সাহসী মনে এটা সিদ্ধান্তত উপনীত হ'ল যে: সিহঁতে ৰাতি বাৰ বজাত সেই ঘৰটোৰ চোতালত থকা গছ জোপালৈ যাব আৰু ৰূপাক কাকূতি-মিনতি কৰিব ইয়াৰ পৰা যাবলৈ কাৰণ তাই গাঁওখনৰ দুৰাৱস্থা চাব নোৱাৰে যিহেতু এই গাঁওখনৰ মানুহবোৰে তাইক ভাল পাইছিল আৰু তাইক মৰম কৰিছিল,,তাইও সেই মৰমৰ মূল্য দিব লাগিব।এইবুলি সিহঁতি ঘৰা ঘৰি গ'ল আৰু ৰাতিলৈ অপেক্ষা কৰিলে লাহে লাহে নিশা নামি আহিল আৰু সিহঁতৰ উদ্বিগ্নতা বাহি আহিল।ৰাতিৰ আহাৰ গ্ৰহণ কৰি সকলো নিদ্ৰা দেৱীৰ কোলাত শুই পৰিল।কিন্তু গাঁৱৰ সেই জোনাক আৰু তাৰ লগৰীয়া বোৰ জাগি আছিল কাৰণ সিহঁতি আজি এটা ডাঙৰ কাম কৰিব ওলাইছে। বাৰ বাজো বাজো হ'ল সকলো হাতত এডাল মমবাতি লৈ নজ্বলোৱাকৈ উঠি আহিল আৰু গাঁওৰ মাজ মধ্যত আহি ৰ’ল।সকলোৱে মাক-দেউতাকৰ আশীৰ্বাদ শুই থকা অৱস্থাতে লৈ আহিছে।। সকলো সেই মুখীয়ালৰ পুৰণি ঘৰটোলৈ আগবাঢ়ি গল। সেই সময়তে সিহঁতক বিহ্বলতাই আমনি কৰিছিল কিন্তু সিহঁতে ভয়ক কাতি কৰি সাহসেৰে বাট বুলিলে।সেই ঘৰটো আৰু গছজোপাৰ ওচৰ পাওঁ পাওঁ অৱস্থাত জোনাক আৰু লগৰীয়া বোৰে ভগৱন্তক চিন্তা কৰিব ধৰিলে।সেই সময়ত হেনো ভূত বোৰ সক্ৰিয় হয় অৰ্থাৎ বাৰ বজাত। ৰূপাও নিশ্চয় সক্ৰিয় আছিল। সিহঁতি গৈ দেখিলে যে শান্ত পৰিৱেশ যেন তাহাঁতৰ উশাহ লোৱা শব্দও শুনিছেঁ আৰু সেই বাদুলীৰ পাখিৰ অস্তিত্বই যেন সিহঁতক আৰু ভয় লগাই দিছে,কিন্তু জোনাক আৰু লগৰীয়াবোৰ আগবাঢ়ি গছজোপাৰ কাষ চাপিল আৰু জুমিয়ে ক‘বলৈ ধৰিলে যে: হে ৰূপাৰ শান্তি নোপোৱা আত্মা! তোমাৰ সন্ত্ৰাসত আমি ৰাতি বাহিৰ ওলাব নোৱাৰা হৈছোঁ,পেটতে হাত ভৰি লুকাই; আমাৰ গাঁওখনত আকালে দেখা দিছে আৰু তুমি এইবোৰ ইমান দিন কেনেকৈ সহ্য কৰি আছা?আমিটো তোমাৰ একো কৰা নাছিলোঁ সেই বুঢ়া মুখীয়াল জনেহে,, কিন্তু যি কৰিলে সেইয়া হয়তো ঠিক নহ'ল,,তুমি শান্তি লভিলা তেওঁৰ পৰিয়ালক মাৰি এতিয়া আমাক এৰি দিয়া। আমি তুমি যি যি ভাবিছিলা সকলো কৰিম গাঁওখন সুন্দৰ কৰি তুলিব চেষ্টা কৰিম আৰু দ্বিতীয় পিপ্লিধৰ যাতে উৎপত্তি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। তুমি এতিয়া সিপুৰী গমন কৰা তোমাৰ এই বলিদান আমি সদায় স্মৰণ কৰিম,আমি সৰু কিন্তু তোমাক এইটো কথা দিলোঁ যে গাঁওখন আমি সুন্দৰ কৈ ৰাখিম।এতিয়া তুমি যোৱাগৈ।এইবুলি কৈ জুমি নিঃশব্দ হৈ ৰ’ল।অলপ পাছত ৰূপাৰ শান্তি নোপোৱা আত্মা পৰলৌকিক ক্ৰিয়াৰ ফলত সিপুৰী যাবলৈ ওলাল আৰু কৈ গ'ল “হয় মই গাওখনক কষ্ট দিলোঁ এতিয়া মই উপলব্ধি কৰিলোঁ এতিয়া মই যাব ওলাইছোঁ,,তোমালোক ভালকৈ থাকিবা গাওঁবাসীক সুখেৰে ৰাখিবা,,,,” এইবুলি ৰূপা গুচি গ’ল।জোনাকহতেঁ তেতিয়াহে স্বস্তিৰ নিশ্বাস গ্ৰহণ কৰিলে; আৰু ঘৰা ঘৰি গ'ল।এনেদৰেই শশীনিৰ আত্মাই শান্তি লাভ কৰিলে।এজনী নিৰ্যাতিতাৰ অসহ্য যন্ত্ৰণাৰ এনেদৰেই অৱসান ঘটিল,,গাঁওখনৰ পৰা আকাল দূৰ হ'ল।সকলো সুখে-শান্তিৰে বসবাস কৰিব ল'লে, মুখিয়ালৰ ঘৰটো গাওঁবাসীয়ে ভাঙি পেলালে।গাঁৱত আনন্দ মেলা বহিল।।সকলো আনন্দেৰে থাকিব ল’লে। ভাৱকচোন শশীনিৰ দৰে আৰু কিমান নিৰ্যাতিতাৰ আত্মাই এনেকৈ শান্তি লাভ কৰা নাই। গতিকে নাৰী ধৰ্ষণ কিমান এটা ডাঙৰ অপমান নাৰী জাতিৰ বাবে!



উপলদ্ধি: আচলতে কাহিনীটো মই কল্পনা কৰা।।কিন্তু সেই শশীনিৰ দৰে কিমান নিৰ্যাতিতাই এনেকৈ সংগ্ৰাম কৰি আছে কোনে জানে! সেই শিশু কেইজনৰ কাৰুণ্য বচন শুনিহে তাই শান্তি পালে,কিন্তু এনেকুৱা শিশু জানো আছে এতিয়া। হলেও অসমৰ নাৰী ধৰ্ষণ কাৰ্যবোৰ বাঢ়ি গৈ আছে কিয়? নাৰীৰ প্ৰতি ইমান অশ্লীল ভাৱ ৰখাৰ প্ৰয়োজন কিহৰ? অসমত নাৰী ধৰ্ষণ বন্ধ কৰিব লাগে।অসমত নাৰীৰ পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব লাগে।।চৰকাৰে ইয়াৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসমবাসী ৰাইজ আশাবাদী।


ধন্যবাদ।।


 ✍🏻সুশান্ত দাস 
শিৱসাগৰ,অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)