বিবেক আৰু আৱেগ (তৃতীয় খণ্ড)

©Admin
0
বিধাতা মহা বিপাঙত পৰিল,এফালে মিত্ৰক দিয়া বচন যদি--- নিজৰ মান সন্মান, কি কৰিব কি নকৰিব উপায়হীন হৈ ককায়েক বিধিৰ কাষ চাপিল। মই বৰ বিপদত পৰিছোঁ তই মোক--- কি হ'লনো ক চোন বিধিয়ে ক'লে- মানে-- মানে-- মই --কি মানে মানে মাৰিআচ ভালকৈ ক?হ'ব ক মই খং নকৰো। বিধাতাই সৰগ ঢুকি পালে আৰু গোটেই কাহিনীটো বিৱৰি ককায়েকক ক'লে। হ'ব দে ইমান ভাবিব লগা নাই, তই আগবাঢ় মই আছোঁ-- ককাই ভাই যদি বিপদত ইটোৱে সিটোক সহায় নকৰে পৰিচয় টোনো ক'ত। তই মাথোঁ আগবাঢ়। মই আছোঁ যা -- ' সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব' বুইছ ,বুৰবকটো ক'ৰবাৰ , ফিতাহিও মাৰে আৰু-- হ'ব যা-- 

        কিছুদিনৰ পিছৰ কথা । বিবেক আৰু আবেগৰ মাজৰ ক্ষমতাৰ প্ৰমাণ চাবৰ নিমিত্তে বিধাতাই এটি খেল খেলিলে ।সেই অঞ্চলৰে জয়ন্ত কাকতি ৰ একমাত্ৰ সন্তান নিমিষা , আৰু ব্ৰজেন বৰুৱাৰ তৃতীয় পুত্ৰ ৰাকেশৰ লগত ভাল পোৱা মিলা মিচা হ'ল। প্ৰথমে ৰাকেশে বিষটি মানি ল'বলৈ টান পাইছিল কাৰণ নিমিষা ধনীৰ জীয়ৰী সি হ'ল দুখীয়া ঘৰৰ ল'ৰা। মাক দেউতাকে কোনো মতে চৰকাৰী স্কুলতে পঢ়াই ল'ৰা কেইটাক বিএ পাছ কৰালে । সেয়ে ৰাকেশে বহি নাথাকি গাঁৱৰে তিনি আলি মুৰত চানা- পকৰী দোকান এখন দিয়ে নিজৰো পকেট খৰচ ঘৰৰো । তেনেস্হলত সি বাৰু কেনেকৈ নিমিষাৰ কথা ভাবে । নিমিষাৰো এটাই কথা তাই তাক হে--'সি উপায় নাপায় নিমিষাক বুজাই ক'লে - চোৱা মই তেনেই সাধাৰণ ঘৰৰ ল'ৰা মোলৈ বিয়া হ'লে তুমি সুখী হ'ব পাৰিবাজানো ? কিয় তেনেকৈ কৈছা- মানুহ কেৱল টকা পইচাৰেই সুখী হ'ব পাৰে বুলি ভাবানেকি নিমিষাই ক'লে।তেনে নহয় অ'-- এহ হ'ব তোমাৰ কথাৰ পাক মই বুজিছো নহয়?তোমাৰ দামী গাড়ী নাই ডাঙৰ বাংলা নাই তুমি দুখীয়া সেয়াই নহয়জানো ,গতিকে মোক-'। কি জানা ৰাকেশ আজিৰ সমাজখনত বহুত নাটক দেখিছোঁ বিয়াৰ আগত মিঠা মিঠা কথা আমাক একো নালাগে ছোৱালী জনী দিলেই হ'ল।বিয়াৰ পিছত মাৰ বাপেৰাৰ অমুক আছে তমুক আছে তুমি একো নিবিচাৰিলা লাহে লাহে তুমিৰ পৰা তই আৰু কেতিয়াবা ইমান আশাৰে বিয়া হৈ যোৱা ঘৰখন এৰি চিৰ জীৱনৰ বাবে কলঙ্ক সানি মাকৰ ঘৰলৈ গুচি আহিব লাগে। তাৰোপৰি যৌতুকৰ আশাত স্বামী, শাহু,শহুৰ, দেওৰ আদি লগ হৈ বোৱাৰীক হত্যা কৰি আত্মহত্যা কৰা নসজাই জানো তাৰ আইনে কিমান বিচাৰ কৰি দোষীক শাস্তি দিছে।গতিকে তোমাৰ দামী গাড়ী নাই ডাঙৰ বাংলা নাই সচাঁ কিন্তু তোমাৰ হৃদয়ৰ ধুনীয়া দালানত মই চিৰ দিন সুখী হ'ব পাৰিম মোৰ বিশ্বাস আছে। যদি তুমি মোক বিশ্বাস নকৰা তেতিয়াটো মোৰ উপায় নাই।কিন্তু এটা কথা কৈ থ'লো - মই জীৱনত কেতিয়াও বিয়া--- বুলি কৈ হুক হুকাই কান্দি উঠিল নিমিষা- , এই আকৰী মই ধেমালি হে কৰিছিলোঁ সেয়া তুমি কান্দিয়েই দিলা।হ'ব হ'ব মই তোমাৰ বাহিৰে মোৰ হৃদয়ত কাকো স্থান নিদিওঁ আৰু দিবও নোৱাৰোঁ এইফালে চোৱাচোন এই আকৰী চোৱা না , অভিমান কৰি কি হ'ল কো- নিমিষাই ক'লে । তোমাক কান্দিলে কিন্তু বৰ ধুনীয়া লাগে দেই নাকৰ পাহীদুটা পদুম ফুলৰ দৰে ফুলি উঠে যেন চিঙি- নিমিষাৰ নাকটোত চুই ৰাকেশে ক'লে, ধেমালি নকৰিবা দুষ্ট টো ক' ৰবাৰ। মই নো কাৰ দুষ্ট তোমাৰে দুষ্টটো , দুয়ো হাঁহি হাঁহি--- ঘৰ মূৱা-- 
      দুয়োখন ঘৰৰ অজ্ঞাতে যদিও, আনৰ মুখে কথাটো গম পাইছিল যদিও বিশ্বাস কৰা নাছিল, ছোৱালী উচ্চ শিক্ষিতা তেনে ভুল নকৰে চকু চৰহা বিলাকৰ কথা ভাবি কিয় নো নিমিষা ক--- এনেকৈয়ে দুই তিনি বছৰ পাৰ হ'ল।দুয়ো এটা কথা নিশ্চয় জানে তেওঁলোকৰ এই মিলনক নিমিষাৰ ঘৰে কেতিয়াও মানি নলয় অথচ দুয়োৱে দুয়ো কে এৰিবও নোৱাৰে।তেনেস্হলত মাক- দেউতাকৰ কঠোৰ সিদ্ধান্তক কেনেকৈ মানিব । সেয়ে দুয়ো এটা সিদ্ধান্ত ল'লে সিহঁত পলাই যাব। সেই কথা ৰাকেশে মাকক কাণ চোৱা ই থ'লে আৰু কাৰো আগত প্ৰকাশ নকৰিবৰ বাবে শপত দিলে। মাক বিমোৰত পৰিল ক'লেও পুতেকক হয়তো হেৰুৱাব- গতিকে-----

         আগলৈ-----

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)