ৰচিব খোজোঁ এটি কবিতা,
তোমাৰ নামত।
শব্দবোৰৰ নিঃশব্দ অনুভূতিবোৰ
প্ৰকাশিব খোজোঁ সেই কবিতাৰ মাজত।
হৃদয়ত তোমাৰ প্ৰতি থকা
অসীম নিঃশব্দ অনুভূতিবোৰক শব্দৰে সজাই
এটি কবিতা ৰচিব খোজোঁ।
অপ্ৰকাশিত ভাৱনাবোৰক প্ৰকাশ দিব খোজোঁ।
কেৱল তোমাৰ বাবে এটি কবিতা ৰচিব খোজোঁ।
✍🏻সীমা ৰবিদাস