সৰু সৰু কথাবোৰ-জোন বৰা

©Admin
0
সৰু সৰু কথাবোৰ যে বৰ গুৰুত্বপূৰ্ণ সেই কথা প্লাৱন বৰুৱাই ভালকৈ জানে । এই ধৰক মটৰ চাইকেল খন চলাওতে হেলমেট পৰিধান কৰা কথাটোৰ দৰে ।
      এই বোৰ কথাকৈ মানুহ জনে ভালো পাই আৰু সদায় সজাগতাৰ বাৰ্তা বিয়পাই বন্ধু বৰ্গৰ মাজত  । বহু জনে তেওঁক সেই বাবে কামোৰ বুলিও ছদ্মনাম দি মাতে  ।
       গাঁওখনৰ তিনিআলিটোৰ পাণ দোকান খনত পান খাই থকা ডেকা দুজনক মটৰ চাইকেল লৈ অহা দেখি তেওঁ ক'লে "হেলমেট হাতত নিপিন্ধে নহয় বোপাইহত, মূৰত হে পিন্ধে । "তেওঁৰ কথা শুনি  হেলমেট লগাই যোৱা ল'ৰা কেইজন ঘাই পথত গৈ মটৰচাইকেল  দুৰ্ঘটনাত পতিত হৈয়ো অক্ষত অৱস্থাত উভতি আহিল।

✍️জোন বৰা
     গুৱাহাটী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)