২৬ ডিচেম্বৰ (ইংৰাজী: 26 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬০ তম (অধিবৰ্ষত ৩৬১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
🔴২০০৪ চনৰ আজিৰ দিনটোত দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু ঘটে।
🔴বৈষ্ণৱ পণ্ডিত তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰীযুত কৰুণা কান্ত কলিতা বাপে ২০১৪ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰে।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব