পৃথিৱীত এনে কোনো কাম নাই যি মানুহে কৰিব নোৱাৰে -হেমেন হাজৰিকা

Aditi Tanti
0
পৃথিৱীত বসবাস কৰা জীৱকুলৰ ভিতৰত মানুহকে শ্ৰেষ্ঠ বুলি গন্য কৰা হৈছে । কাৰণ ইতৰ প্ৰাণী সমূহৰ জ্ঞান, বুদ্ধি,বিবেক নাই । সিহঁতে শুৱা, খোৱা আৰু সন্তান জন্ম দিয়াৰ বাহিৰে আন কোনো কাম কৰিব নোৱাৰে । কিন্তু মানুহে ? আৰ্কিমিডিছে এবাৰ কৈছিল মোক পৃথিৱীৰ বাহিৰত থিয় হ'বলৈ এডোখৰ ঠাই দিয়া মই পৃথিৱীখনকে ভাঙি দেখুৱাম । কথাষাৰ হয়টো সচাঁ হলহেতেন , বোধহয় পৃথিৱীৰ বাহিৰত থিয় হ'ব পৰাকৈ আৰ্কিমিডিছক এডোখৰ ঠাই দিব পৰা নগ'ল । মানুহে চেষ্টা কৰিলে নোৱাৰা কাম নাই । চেষ্টা কৰিলে মানুহে কঠিনতকৈয়ো কঠিন কাম কৰিব পাৰে । নিজৰ ওপৰত বিশ্বাস ৰাখি যি কাম কৰা যায় সেয়া এদিন সফল হ'ব ই । অলপ সময় লাগিব, কিন্তু চেষ্টা কৰি থাকিলে সেই কাম এদিন সফল হ'ব ই । আহোতে আহোতে যদি কঠিন পদাৰ্থ শিল ক্ষয় তাল পাৰে 
তেন্তে মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব নোৱাৰিব কিয়‌ ? আগতে মানুহে পৰ্বত বগোৱা কামটো বহুত কঠিন কাম বুলি ভাবিছিল । কিন্তু যেতিয়া কোনোবা এজনে এবাৰ কৰি দেখুৱালে তেতিয়া পৰ্বত বগোৱা কামটো বহুত সহজ হৈ পৰিল ।
         ঠিক তেনেদৰে মানুহে প্ৰথমে চৰাইৰ দৰে উৰিবলৈ মন মেলিছিল , হাতত চৰাইৰ পাখি বান্ধি লৈ কোনো ওখ ঠাইত উঠি লৈ চৰাইৰ দৰে উৰিবলৈ চেষ্টা কৰিছিল । কিন্তু প্ৰথম প্ৰচেষ্টাত সফল হ'ব পৰা নাছিল , সেই বুলি মানুহ বহি থকা নাছিল । ৰাইট ভ্ৰাতৃদ্বয়ৰ প্ৰচেষ্টাত মানুহ চৰাইৰ দৰে উৰিবলৈ সক্ষম হ'ল । সেইয়া অসম্ভবকো মানুহে সম্ভৱ কৰি নুতুলিলেনে ? এইয়া বাৰু মানুহৰ অবিৰত চেষ্টাৰ ফলত নহয়নে ?
তাৰ পিছত আকৌ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ কাৰণে বহত কঠিন কাম । কিন্তু যদি ছাত্ৰ ছাত্ৰী সকলে অধ্যৱসায় কৰে , যত্ন কৰে , কষ্ট কৰে তেতিয়া পৰীক্ষাত অনুত্তীৰ্ণ হোৱা কথাটো হ'ব ই নোৱাৰে । গতিকে সেই কঠিন কামটো সহজ হৈ নপৰিবনে ? কাৰণটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰী কিছুমানৰ অনীহা ।
     পঢ়া শুনাৰ লগত জড়িত সকলো ব্যক্তিয়ে বোপদেবৰ কথা আমি কম বেছি পৰিমানে সকলোৱে জানো । তেওঁ কিজানি বিশ্বৰ মুৰ্খ বিলাকৰ ভিতৰত শ্ৰেষ্ঠ মুৰ্খ আছিল । শিক্ষকে বহুত চেষ্টা কৰিও বোপদেবক পঢ়া শুনা কৰোৱাব নোৱাৰিছিল । শেষত শিক্ষকে বোপদেবক মৰিবলৈ কৈছিল । কাৰণ পঢ়া শুনা কামটো বোপদেৱৰ কাৰণে চেষ্টাৰ বাহিৰত আছিল । গতিকে শিক্ষকৰ গালি গালাজ , অপমান সহ্য কৰিব নোৱাৰি জীয়াই থকাৰ বাঞ্চা ত্যাগ কৰি আত্মহত্যা কৰাৰ মানসেৰে নদীৰ পাৰলৈ গৈছিল ।
তেতিয়া নদীত কেইজনীমান তিৰুতাই গা ধুই আছিল আৰু কলহত পানী ভৰাই অহা যোৱা কৰা খটখটিত থৈ দিছিল । গা পা ধুই কলহত পানী ভৰাই তিৰুতা কেইজনী ঘৰলৈ উভতি গ'ল ।
তেতিয়া বোপদেবে দেখিলে যে শিলৰ খটখটিত কলহ থোৱা ঘুৰণীয়া সাচ বহি আছে । তেতিয়াই বোপদেৱৰ মনত বোধোদয় ঘটিল । তেওঁ ভাবিব লৈ ধৰিলে কলহ থওঁতে থওঁতে যদি শিলত সাচ বহিব পাৰে তেন্তে মই মানুহ হৈ পঢ়িব নোৱাৰিম কিয় ? এই বুলি ভাবি বোপদেব ঘৰলৈ উভতি আহিল আৰু পিছদিনা বিদ্যালয়লৈ গৈ শিক্ষকৰ ভৰিত ধৰি শপত খাই কৰে গুৰুদেৱ আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰিম আৰু ভাল মানুহ হ'ম । শিক্ষকে ও বোপদেবৰ পৰিবৰ্তনৰ বাবে মনত বৰ আনন্দ পালে আৰু আশীৰ্বাদ কৰিলে । তাৰ পিছৰ পৰা ভালদৰে পঢ়া শুনা কৰি বোপদেব এগৰাকী পণ্ডিত হিচাপে প্ৰতিষ্ঠিত হ'ল । তেওঁ পিছলৈ মুগ্ধবোধ নামেৰে এখন ব্যাকৰণ ৰচনা কৰিলে । গতিকে যিটো কাম বোপদেবৰ কাৰণে অসম্ভৱ আছিল সেইটো নিজৰ নেৰানপেৰা চেষ্টাৰ ফলত সেইয়া সম্ভৱ হৈ পৰিল । আকৌ কালিদাসৰ কথাও তেনেকুৱা । 
      গতিকে আমি ক'ব নোৱাৰোনে মানুহে অসাধ্য কামবোৰো সহজ সাধ্য কৰি তুলিব পাৰে । তেনেকুৱা অলেখ উদাহৰণ আমি মানৱ ইতিহাসত বিচাৰিলে পাম । বৰ্তমানেও মানুহে নিৰন্তৰ ভাবে চেষ্টা কৰি আছে কিছু অসম্ভৱক সম্ভৱ কৰি তোলাৰ চেষ্টাত ।

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)