আচল ৰহস্য

Rinku Rajowar
0
আচলতে ৰহস্য ক'ৰবাত থাকে
জানিবলৈ ইচ্ছা থাকিলে, 
অনুসন্ধিৎসু মন এটি লাগে।

মানুহজনক কোনে হত্যা কৰিলে
ওপৰে ওপৰে কোনেও নাজানে,
চি বি আইৰ তদন্ততহে 
আচল সত্য ধৰা পৰে।

স্বয়ং ঈশ্বৰ নালাগে
ঈশ্বৰৰ প্ৰতিনিধিয়েও....
মানৱতাক মৃত্যু দণ্ড দিয়া 
কু-প্ৰথাৰ সৃষ্টি নকৰে।

জোৰ-জুলুমকৈ
পত্নীক ধৰি চিতাত তোলা,
সতী-দাহ প্ৰথা কোনে সৃষ্টি কৰিলে??

নিশ্চয়.... 
কোনো স্ব-ঘোষিত দেৱী,দেৱতা হোৱা
ধূৰ্ত খলনায়িকা,খলনায়কে।

আচলতে উদ্দেশ্য 
কেনিবা লুকাই থাকে....

বাল্য বিৱাহ হোৱা নাৰীয়ে 
বিধৱা হ'লে
আজীৱন বৈৰাগ্য ল'ব লাগে...
কোনে এই নিয়ম সৃষ্টি কৰিলে??

উদ্দেশ্য কৰবাত লুকাই থাকে!
জানিবলৈ অনুসন্ধিৎসু মন এটিৰে
কাহিনীৰ গভীৰতালৈ জুমি চাব লাগে।

দেৱতাৰ বাবে উৎসৰ্গিত দেৱদাসীয়ে,
মন্দিৰৰ পুজাৰী দেৱতাৰ
কামনাৰ বলি হ'ব লাগে। 

কোনে এই কু-প্ৰথা সৃষ্টি কৰিলে
জানিবলৈ অনুসন্ধিৎসু মন এটিৰে,
আঁৰ কাপোৰখন 
দাঙিবলৈ চেষ্টা কৰিব লাগে। 

দূৰ্বলী অবলা নাৰীক
ডাইনী সজাই কিয় হত্যা কৰে
জানিবলৈ.... 
ব্যাপক অনুসন্ধান চলাব লাগে।

আচলতে যুগে যুগে 
নাৰী নিৰ্য্যাতিতা হৈয়ে আছে
চলে বলে কৌশলে... 
ধূৰ্ত খলনায়ক,খলনায়িকা সকলৰ 
পাশৱিক ৰীতি নীতিৰে।
                   
            ✍🏻কমলাক্ষী বৰা
                     গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)