পুৱাই খোজকাঢ়িবলৈ ওলাই যোৱা নিহায়ে জুৰিয়া শালিকী হালক দেখি মনটো উৎফুল্লিত হৈ পৰিল । অৱশেষত আশা কৰাৰ মতে তাই জীৱনসংগী পাবলৈ সক্ষম হ'ল । ইফালে আজি ১০ বজাত ডাকোৱালে অনা এটি খবৰে তাইক আৰু ঘৰখনৰ সকলো মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিলে। ছোৱালীজনীৰ সফলতা দেখি মাক ৰুণুমী নথৈ আনন্দিত হ'ল ।
দেৱালৰ থকা ঈশ্বৰৰ ফটোখনলৈ চাই তেওঁ হাত যোৰ কৰি ক'লে, "হে দয়াময় ! এনেকৈ কৃপা কৰি যোৱা তোমাৰ সন্তানক, ছোৱালী দুজনীক এনেকৈ অঞ্জলি দি থাকা তুমি"।
বহুদিনৰ মূৰত মনত পুহিৰখা এটা আশা আজি পুৰণ হ'ল বুলি ৰুণুমীয়ে আবেগিক হৈ হুকহুকাই কান্দি উঠিল । সেই মুহূৰ্তত তাইৰ মনত অতীত বোৰে বৰ বেয়া কৈ জুমুৰি দি ধৰিছিল।
✍️দীপা শইকীয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ