মন-জগন্নাথ দেৱগোস্বামী

©Admin
0
মন মানৱৰ ষষ্ঠ ইন্দ্ৰিয়। অত্যন্ত বলশালী মানৱ মনক যদি বশ কৰিব নোৱাৰি তেনেহ'লে অত্যাধিক জ্ঞানশীল লোকৰো কোনো সময়ত অপবাদে স্পৰ্শ কৰাৰ সম্ভাৱনা থাকে। সেয়েহে শাস্ত্ৰীয় স্তৰত উল্লেখ আছে -
      "মন: এৱ মনুষ্যানাং কাৰণম্ বন্ধমোক্ষয়ো।"
  মনৰ প্ৰভাৱতে কোনো লোক মায়াৰ বশৱৰ্তী হৈ বন্ধনত বান্ধ খাই জীৱনৰ চাকনৈয়াত হাবুডুবু খাব লগা হয়।আৰু সেই একে মনকে যদি আত্মজ্ঞানৰ মাধ্যমেদি সংযত কৰি প্ৰতিটো খোজত আগবঢ়া যায় তেন্তে তাৰ ফলত মানৱে দেৱমানৱলৈ আৰোহিত হৈ মোক্ষ প্ৰাপ্তিও সম্ভৱ। সেয়েহে কোৱা হয় 'মন বান্ধিব পাৰিলে শিলৰ খুটি এৰি দিলে ঘোঁৰা ছুটি '। গতিকে ষষ্ঠ ইন্দ্ৰিয় মনক দমন কৰি বিবেকক প্ৰাধান্য দিব লাগিব । গহীন-গম্ভীৰ হোৱাটো কোনো অপ্ৰিয়ৰ কাৰণ হ'ব নোৱাৰে কিন্তু যেতিয়া অপ্ৰিয় মনোদশাত পীড়িত হয়, নিজৰ চেহেৰাতেই প্ৰতিফলিত হয় । আপোনাৰ চেহেৰাই এখনি স্বচ্ছ দাপোন, যি আপোনাৰ চেহেৰাৰ মাধ্যমেদি প্ৰকাশান্বিত হয়। নিজৰ বিচাৰ আৰু মনোজগত সাগৰৰ লাহৰীৰ দৰে জোৱাৰ ভাটাত পৰিণত হৈ চেহেৰাৰ মুখবয়বত প্ৰকাশ হৈ নিৰন্তৰ আৰু মুখাকৃতিত স্পষ্টৰূপে প্ৰতিভাত হয়। আপুনি যাৰ লগতে নিমিলক কিয়, তেখেতে চেহেৰাতে আপোনাৰ ভিতৰুৱা মানসিক স্থিতি বুজি তেনেধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইয়াত সন্দেহ নাই । নিজৰ চকু আৰু হাঁহিমুৱা ভাৱ প্ৰকট কৰি কিছু হ'লেও মনৰ স্থিতি লুকুৱাব পৰিলেও সকলোৰে লগত এইটো অসম্ভৱ । 
           আমাৰ চকুতেই আমাৰ জীৱনৰ সম্পূৰ্ণ জীৱনগাঁথা উজ্জ্বলিত হয়। কিছুয়ে ইয়াক চিহ্নিত কৰিব পাৰে সেইসকলৰ ওচৰত ইয়াক লুকুৱাই ৰখা অসম্ভৱ।যদি আমি মনক বশ কৰি জীৱনত আগবঢ়া হয়, আমি নিজৰ মনোজগত লোকচক্ষুত সুন্দৰৰ পৰা অতি সুন্দৰলৈ আলোকিত হ'ব আৰু মনক বান্ধিব পৰাৰ মহৌষধ হৈছে নিজৰ মন পৰমাত্মা কৃষ্ণত সমৰ্পণ কৰা , এইয়া অধ্যাত্মিক জ্ঞানৰ প্ৰতিফলন, এই বিষয়ত শ্ৰীমদ্ভগৱত গীতাৰ দ্বাদশ অধ্যায়ৰ দুই নম্বৰ শ্লোকত কৃষ্ণ দেৱৰ মুখে নিসৃত হৈছে -
     "मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः।।12.2।।"
অৰ্থাৎ, মোতেই মন একাগ্ৰ কৰি নিৰন্তৰ মোৰ লগত সংযুক্ত হৈ, যি ভক্তজনে, পৰমৰ লগত সম্বন্ধ ৰাখোতা শ্রেষ্ঠ শ্ৰদ্ধাৰে যুক্ত হৈ, মোকে ভজনা কৰে, তেওঁক মই যোগী বিলাকৰ ভিতৰত অতি উত্তম যোগী বুলি মানো।আধ্যাত্ম জ্ঞানক সৰোগত কৰিহে দুৰ্দান্ত মনক সত্ত্বিক ভাৱত প্ৰকাশ কৰা সম্ভৱ। এই ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱে ঘোষাৰ যোগেদি অতি প্ৰাঞ্জল ভাষাৰে প্ৰকাশ কৰিছে -
      "যিহেতু চৈতন্যপূৰ্ণ     পৰমাত্মাৰূপে হৰি
           হৃদয়ত আসন্ত প্ৰকাশি।
তাতেশে ইন্দ্ৰিয়গণ  ভূতপ্ৰাণ বুদ্ধিমন
       প্রকাশে যতেক জড়ৰাশি।।"
      আহক আমি প্ৰত্যেকেই আধ্যাত্ম  জ্ঞানক হৃদয়ঙ্গম কৰি মনৰূপী অশ্বক আধ্যাত্ম শিকলিৰে বান্ধি নিজক তথা সমাজখনক সু-শৃংখলিত ৰূপত গঢ়ি তোলোঁ । যাৰ যোগেদি অশুয়া-অপ্ৰীতি নাশ হৈ এই মৰততে সৰগ ৰচনা কৰাৰ সপোন ৰছোঁ ।
       হৰি ও তৎসৎ ।।
   
✍️শ্ৰী জগন্নাথ দেৱগোস্বামী। 
 (বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি)

✍🏻শ্ৰী জগন্নাথ দেৱগোস্বামী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)