নিয়ৰৰ মাজেৰে
দূৰলৈ গৈছোঁ।
বেয়া লগাবোৰ
নেদেখা হৈছোঁ।
এতিয়া মোৰ
চৌপাশে নিয়ৰ!
নিয়ৰে সাৱতিছে মোক;
নিয়ৰক সাৱতিছো মই।
অনুভৱ কৰিছোঁ
নিয়ৰৰ উম!
স্নিগ্ধ, শীতল,
সিক্ত, কোমল।
মোৰ লগত থাকিবা,
মোৰ বুকুত থাকিবা।
বেয়া লগাবোৰ
ঢাকি ৰাখিবা।
তোমাৰ উম লবলৈ,
আৰু ভিতৰলৈ সোমাই যাম;
আৰু দূৰলৈ আগুৱাই যাম।