সময়ত-অভিজিৎ তালুকদাৰ

Aditi Tanti
0
সেইখিনিতে 
আবেলি নে গধূলি
ধৰিব নোৱাৰিলোঁ

বুকুৰ ভিতৰেৰে পুৰণি
এন্দুৰটোৱে দৌৰিছিল

নামঘৰৰ প্ৰাৰ্থনা এৰি
বোবা ঘোঁৰাজাক 
উভতিছিল

এনে কাণিমুনি পৰত   
গান এটাৰ হাতত ধৰি
য'ত সোমালো

তাতেই 
আন এখন হাতত 
মোৰ হাতখন 
বিচাৰি পালোঁ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)