আত্ম বলিদান- চুমিন্দ্র চৌধুৰী

Aditi Tanti
0
এবাৰ তথাগত বুদ্ধই মুকলি পথাৰ এখনৰ পুখুৰীৰ পাৰত থকা লঠঙা গছ এডালৰ তলত ধ্যান কৰিবলৈ বহিছিল। পাছে গছডালৰ পাত নথকা ঠাল ঠেঙুলিৰ মাজেৰে প্ৰচণ্ড ৰ'দ সৰকি আহি মহাপ্ৰভু অমিতাভৰ চুলিটাৰিৰ নোহোৱা তপা মূৰটোত পৰিছিল। তীব্ৰ ৰ'দ মুৰত লৈয়েই মহাত্মা বুদ্ধই ঘামি জামি ধ্যানত মনোনিবেশ কৰিছিল । কঠোৰ প্ৰয়াসৰ অন্তত এটা সময়ত ভগৱান বুদ্ধ লঠঙা গছডালৰ তলত গভীৰ ধ্যানত নিমগ্ন হৈ পৰিছিল। সেই ৰ'দত ৰঙাচিঙা পৰি ধ্যানত অটল হৈ থকা শাক্যমুনিৰ চিকচিকাই থকা চুলি নথকা টপা মুৰটো দেখি শামুকৰ পোৱালি এটাৰ অন্তৰ দহি গৈছিল। শামুকটো পুখুৰীৰ পৰা বগুৱাবাই আহি প্ৰভু তথাগতৰ গৰম হৈ পৰা তালুখন নিজৰ শৰীৰৰ ভিতৰত জমা হৈ থকা পানীয়কণৰে শীতল কৰিবলৈ চেষ্টা কৰিছিল। তাকে দেখি পুখুৰীটোৰ পৰা এটা এটাকৈ কেইবাটাও শামুকৰ পোৱালি আহি স্বেচ্ছাই প্ৰভু অমিতাভৰ মুৰত ভৰণ দিছিল। সেইদিনা শামুকৰ পোৱালি কেইটাৰ তত্পৰতাত মহাত্মা বুদ্ধ ৰ'দৰ প্ৰচন্ড উত্তাপৰ পৰা ৰক্ষা পৰিছিল যদিও জলবিয়োজন ঘটি আটাই কেইটা শামুকৰ মৃত্যু হৈছিল। সন্ধিয়া ধ্যানৰ পৰা উঠি এশ আঠোটা শামুকৰ সৰু সৰু পোৱালিয়ে ৰ'দৰ পৰা তেওঁক বচাবলৈ গৈ আত্ম বলিদান দিয়াৰ জানিব ভগৱান বুদ্ধ শোকাকুল হৈ পৰিছিল । এশ আঠোটা শামুকৰ বিৰল মহান ত্যাগক শ্ৰদ্ধা জনাই মহাত্মা বুদ্ধই পৰবৰ্তীকালত শুকান সোলা কেইটাকে মুৰত তুলি ফুৰিলৈ সশ্ৰদ্ধ প্ৰণিপাত যাঁচিছিল। সচৰাচৰ মহাত্মা বুদ্ধৰ ছবি আৰু প্ৰতিমূৰ্তিত টুপীৰ দৰে দেখা আৱৰণটো আচলতে সেই এশ আঠোটা শামুকৰহে প্ৰতীক ।
আত্ম বলিদান হৈছে আতাইতকৈ শ্ৰেষ্ঠতম দান । আত্ম বলিদানৰ প্ৰতি আমি সকলোৱেই সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা উচিত । 
সাম্প্ৰতিক যোৰহাট হত্যাকাণ্ডৰ বলিহোৱা অনিমেষ ভূঞাৰ মৃত্যুও দৰাচলতে এক আত্মবলিদানৰেই নিদৰ্শন। তেখেতৰ এই আত্ম বলিদানক সস্তীয়া ৰাজনীতিকৰণ নকৰি আমি সকলোৱেই তেখেতৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনোৱাহে উচিত হ'ব । দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দেশৰ ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এৰি দি অনাহক বাদানুবাদ নকৰাটোৱেই উচিত হ'ব । 
আহঁকছোন আমি সকলোৱেই এই মহান ব্যক্তিজনৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে সভক্তিৰে পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণাম জনাওঁ ।
 
ধন্যবাদ ।  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)