বাকী থাকি গ'ল,
সেইদিনা তুমি ইমান ব্যস্ত
তোমাকসুধিম বুলি ভবাবহু কথা মোৰ সোধাই নহʼল।
কি বুলি ভাবিছিলা মোক?
নকৰিম নে তুমি দিয়াকাম
মই নোৱাৰিম কৰিবলৈ!
জানো! খং উঠিছিল তোমাৰ
কিন্ত মোক কোৱাহে নহʼল,
মোৰ ওপৰত থকা অভিযোগবোৰ
তোমাৰ মুখেৰে শুনিবলৈ
বহুত মানুহ ৰৈ আছিল ।
তুমি চোন বৰ অভিমানী
শুৱাৰ পৰা উঠিয়ে নাহিলা
এতিয়া মানুহবোৰে মোক
কি কৈছে জানা?
এটাযুগৰ বোলে সামৰণি মাৰিলা ।।
✍️বিমল কুমাৰ দাস
নিকৰিঘাট