হাতৰ মুঠিতেই আছিল
কিন্তু হেৰাই গ'ল উশাহ পটত।
এতিয়া শুকাই যোৱা সাগৰখনত
নাওঁখন নো কেনেকৈ মেলি দিওঁ?
নীলাভে জানো সঁহাৰি দিব!
চকুৰ আগতেই শিল হৈ পৰিল
গোলাপী গোলাপী আৱেগিক সুঘ্ৰাণবোৰ,
ভাবিছিলোঁ মই আকৌ এবাৰ,প্ৰাণ সিঁচি দিবা হি
কিন্তু;তুমি তুমি লগা অনুভৱবোৰেও চোন
ত্যাগিলে মোক।
এতিয়া, কোঙা কৰা মূহুৰ্তত
কেনেকৈ যে আঁকো..!
এখন আৱেগ ভৰা জীয়াল ছবি?
ৰং তুলিকায়ো লগ নিদিয়ে হি!
আৰু চিত্ৰপটত ভাঁহি আহে
সেই আধা ফুটা কণ্ঠৰ
একো একোটা হাঁহিৰ কাহিনী।
অচিন সাঁথৰৰ সমিধান নিবিচাৰোঁ
উত্তৰোতীত প্ৰশ্নত ভাঙি পৰাৰো মন নাই
কিমাননো সাঁচি থ'ম কাঁচৰ সোঁৱৰণিবোৰ...?
জীৱন জোলোঙাৰ অনুভৱেই যথেষ্ট
শব্দৰ ঘৰ সজাবলৈ....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ