সময়ৰ আহ্বানত
দেশ মাতৃ-ভূমিৰ স্বাৰ্থত
ৰক্তাক্ত আজি হৃদয়খনি।
কথাৰ তীক্ষ্ণ বাক্যবাণত
বন্দুকৰ গুলী সদৃশ পৰিস্থিতিত
অযুত সিহঁতৰ দম্ভালি।
"নালাগে মোক আদেশ
লাগে মাথোঁ স্বদেশ"
সিদ্ধান্ত মোৰ অন্তৰৰ
বিৰক্তি হ'বলৈ চেষ্টা নকৰিব,
হে'ৰা শত্ৰু সেনাগণ;
"জিনিম নহ'লে মৰিম"
ৰাখিম দেশৰ নাম।
হৃদয় খনি হওঁক ৰক্তাক্ত;
তথাপি যুঁজিম, নিজ দেশৰ বাবে
সীমান্তত বন্দুকৰ গুলীৰে বুকু ভেদিম।
ৰক্তাক্ত, জীৱন মোৰ উৎসৰ্গা
একমাত্ৰ দেশৰ বাবে, শ্বহীদ নামেৰে হ'লো পৰিচিত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ