নীলা খামৰ চিঠি- দেবর্ষি গৌতম

©Admin
0
মৰমৰ 
            প্ৰিয়তমা ,
            
               মোৰ মৰম গ্ৰহণ কৰিবা । কি বুলিনো আৰম্ভ কৰিম । বহুত দিনৰ পিছত তোমালৈ এখন চিঠি লিখিছো । নাজানো ডাকোৱালে তোমাৰ ওচৰ পোৱাই গৈ নে নোপোৱায় । তুমি নিশ্চয় ভালে আছা। ভগৱানৰ আশীৰ্বাদত মইও কুশলে আছোঁ। পিছে তুমি দিয়া চিঠিৰ উত্তৰ হিচাপে কেইবাখনো চিঠি পঠালো , তোমাৰহে কোনো সঁহাৰি নাই । তোমাৰ চিঠিৰ উত্তৰ পাম বুলি আজিও মই ৰৈয়ে থাকিলোঁ । পিছে তাৰ বাবে মই তোমাক দোষাৰোপ কৰিব বিচৰা নাই । কিন্তু এবাৰতো তুমি ক'ব পাৰিলাহেঁতেন যে "তোমাৰ পুৰণি ঠিকনা সলনি হ'ল আৰু এতিয়া তোমাৰ ঠিকনা একেবাৰে নতুন" । বাৰু হ'ব দিয়া । বহুত কষ্টৰ মূৰত বিচাৰি বিচাৰি তোমাৰ নতুন ঠিকনাটো পালোঁ আৰু সেয়ে তোমালৈ বুলি এখন চিঠি লিখিবলৈ পুনৰ টেবুলত বহিলো। এটা কথা কি জানা ? তোমাৰ অনুপস্থিতিত তুমি দিয়া সৰু সৰু উপহাৰবোৰে মোক বৰ বেয়াকৈ বুকুত আঘাত কৰিছে । আৰু তুমি , তুমি যে ডায়েৰী লিখিবলৈ অভ্যাস কৰাইছিলা মোক , এতিয়া মোৰ সেই ডায়েৰী কেইখনৰ পৃষ্ঠা কেইখনেও অতীতৰ পৰা বাস্তৱত থিয় হ'ব নোৱাৰা কৰিলে । মানুহে কয় "চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়" । ক’তা তুমি আৰু তোমাৰ স্মৃতি বোৰে দেখোন জুয়ে পুৰা সোণৰ দৰে চিকমিকনিহে মাৰে । পাহৰিব বিচাৰিও বাৰে বাৰে ভঙা সপোন বোৰকে গোটাই সপোনৰ ঘৰ সাজো । তুমি যে কৈছিলা "পৰিধিৰ সিপাৰে গ'লেও মই তোমাৰ" । সঁচাকৈ তুমি মোৰ আৰু মই তোমাৰ হ'ব নোৱাৰিলো। তাৰ বাবে তুমি বা মই দোষী নহয়। তাৰ বাবে দায়ী একমাত্ৰ সময় । মই শুনিছোঁ , তুমি বোলে এতিয়াও নিজক দোষাৰোপ কৰা। যদি মোৰ এই চিঠিখন তুমি পঢ়া তেতিয়াহলে আজিৰ পৰা কিন্তু নকৰিবা । আমাৰ সপোন বোৰ সঁচা হ'ব কেতিয়াও নোৱাৰে। তুমিয়েতো কৈছিলা এফালে আমাৰ পৰিয়াল , মা – দেউতা ,সমাজ আৰু বিপৰীত দিশে আমাৰ প্ৰেম , সম্পৰ্ক বান্ধোন । তোমাৰ এটা কথা মনত আছেনে ? স্কুলত চাৰে যে কৈছিল , দুডাল সামান্তৰাল সৰল ৰেখাই ইদালে সিদালক কেতিয়াও নাকাটে । কথাটো সঁচা জানা ,  সমাজ এখনৰ চকুত এলাগি হৈ সুখী হোৱাৰ কল্পনা কৰি সুখী হ'ব পাৰিম জানো আমি ? হয়তো নোৱাৰিম সুখী হ'বলৈ , তুমি কিমান সুখী বা দুখী মই নাজানো । মই কিন্তু সুখী। তুমি নাভাৱিবা যে মই তোমাক সুখী অনুভৱ কৰাবলৈ সুখী হোৱাৰ অভিনয় কৰা বুলি । মই সঁচাকৈ সুখী । এই যে আমি দুয়োৱে দুয়োকে বুজি পাওঁ । ইজনে সিজনক সন্মান কৰো আৰু সমাজ খনক সুখী কৰি ৰাখিবলৈকে যে আমি দুয়ো দুয়োৰে পৰা আঁতৰি থাকিও ভঙা সপোনৰ টুকুৰাবোৰ , স্মৃতিৰ চিন স্বৰূপে সৰু সৰু উপহাৰ কেইটাকে লৈ সুখী হৈ থাকিব নোৱাৰিলেও থকিবলৈ বাধ্য হৈছো তাৰ বাবেই সুখী। মই এটা কথা বুজি নাপাওঁ তুমি বাৰু এতিয়াও কিয় নিজক দোষাৰোপ কৰা ? তাৰ বাবে দোষী মইও । আমি তেতিয়াও জানিছিলো আমি  সমাজৰ বান্ধোনতে জীয়াই থাকিব লাগিব। মই কি আশা কৰো জানা ? এনেকুৱা এখন সমাজ হওক য'ত থাকিব মৰম-ভালপোৱা আৰু প্ৰেম আৰু তাত নাথাকিব কোনো ভেদাভেদ । তাত থাকিব অকল মানুহ আৰু মানুহ । কিয় বাৰু ভেদাভেদবোৰে মানুহক মানুহৰ পৰা পৃথক কৰে । মানুহ মানুহেই… মানুহেই যেতিয়া গঢ়ে সমাজ…মানুহেই যেতিয়া গঢ়ে নিয়ম… কিয় সলনি নকৰে মানুহে …… মানুহ মানুহেই …। সকলো সময়তে একোটা নিয়ম আৰু এক আদৰ্শ থাকে । কিন্তু সেই আদৰ্শই জানো মানুহক মানুহৰ পৰা পৃথক কৰে ? আচলতে নকৰে আৰু কৰিবও নালাগে । বাৰু আজিলৈ সামৰো দিয়া। বহু দিনৰে পৰা কথাবোৰ সাঁচি ৰাখিছিলো নহয় , সাঁচি ৰাখোতে ৰাখোতে চিঠিখন দীঘলীয়া হৈ পৰিল । কম বোলা বহু কথা , কথা হৈয়ে ৰ'ল। বাৰু পিছত আকৌ এখন চিঠিৰে তোমাক ক'ব লগা বাকী কথাখিনি কম বুলি আশা কৰিছো । সময় পালে তুমিও চিঠিৰ উত্তৰ দিবা । তোমাৰ চিঠিৰ উত্তৰৰ বাবে মই বৰ আশাৰে বাট চাই ৰ'ম ।

                                                                                                                                          ইতি
                                                   
তোমাৰ
                                                   
আজন্ম প্ৰেমিক

               
🖋️দেবর্ষি গৌতম
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)