এটা অসংলগ্ন কবিতাৰ সন্ধানত
ৰৈ গ'লোঁ তোমাৰ কাষত।
কেতিয়াবা হাঁহি দিছোঁ কেতিয়াবা
সেমেকি উঠে মোৰ দুচকু।
ইটোৰ পিছত সিটো অসংলগ্ন
মোৰ কিছুমান কথা ক'বলৈ।
বিক্ষিপ্ত ভাৱে কৈ যাবলৈ কিছুমান
মনৰ মাজত থুপখাই থকা
বুৰবুৰনি কথা অনৰ্গল ভাৱে।
এটা অন্তৰংগ আলাপ আগগুৰি
নাইকিয়া ক্ষন্তেকৰ বাবে।
পাতনি বিচাৰি আক্ষেপ নকৰিবা
নিৰৱচ্ছিন্ন ভাৱে শুনি যাবা।
ওলমি থকা মোৰ জীৱনৰ নক্ষত্ৰ
খচিত এখনি আকাশৰ কথা।
তেজ আৰু চকুলোঁৰে সিক্ত কিছুমান
অনাকাংক্ষিত দিনৰ এটা
অসংলগ্ন কবিতাৰ কথা।