ভাল লাগিছে
তুমি এডাল সেউজীয়া
গছ হৈছা
মোক উপচাই দিছা
অপাৰ বিস্ময় ।
তোমাৰ কোলাতেই মই
উশাহ ল'বলৈ শিকিছো
আজি
পহিলা জানুৱাৰীৰ পুৱা ।
তেতিয়াও তোমাক মোৰ
ভাল লাগিছিল
তুমি এখন
বোৱতী নৈ আছিলা
তোমাৰ বুকুৰে মই
অহা-যোৱা কৰিছিলোঁ
আঠুলৈকে কাপোৰযোৰ
ওজাই লৈছিলোঁ
কেতিয়াবা কেতিয়াবা
ভিজিছিলো
তোমাৰ বুকুৰে উটি গৈছিল
হুমুনিয়াহ
সেই পহিলা জানুৱাৰীৰ পুৱা ।
সিদিনাই তোমাক মোৰ
ভাল লাগিছিল
তুমি এটা চৰাই হৈছিলা
আকাশ চুৱাৰ লক্ষ্যৰে
তুমি আকাশলৈ উৰিছিলা
নৈৰ যুৱলিত
পিয়াহ পলুৱাইছিলা
গছৰ ডালত জিৰাইছিলা
তোমাৰ ভাগৰুৱা দেহা
মোৰ ভাল লাগিছিল
সেই পহিলা
জানুৱাৰীৰ পুৱা ।
আৰু
তোমাক মোৰ
ভাল লাগিছিল
তুমি এখন
সগৰ্ভা পথাৰ আছিলা
প্ৰতিশ্ৰুতি আছিল তাত
উজ্জ্বল সম্ভাৱনাই
ওপচাই দিছিলা
হাত পোন মানুহৰ হেঁপাহ
সোণালী ভৱিষ্যতৰ
জোনালী আশাত
তিৰেবিৰাইছিল
কাকতিৰ লঘোণীয়া পেট
সেই বাবেই তোমাক
ভাল লাগে মোৰ
প্ৰতি পহিলা জানুৱাৰীৰ পুৱা ।।