নিৰৱধি নৈ খন
কোনেও নেদেখে.....
বুকুৰ কেঁচা ঘা-টুকুৰা
কোনেও অনুভৱ নকৰে!
উজাগৰী ৰাতিৰ অশান্ত হুমুনিয়াহ
কোনে বাৰু বুজিব পাৰে
কাৰণ,,,,মই লেখক!
মোৰ ব্যস্ততাৰ অজুহাতত মই
আতঁৰাই কাকো নপঠাও
মোৰ হৃদয়ৰ আবিল ৰাগত
আপোনত্বক জুকিয়াও
তথাপি,,,, মই একাকী,অঘৰী আত্মা
অকলশৰীয়া হৈয়ে ৰৈ যাওঁ।
এনে নহয় যে মোৰ কাষত
কোনো কেতিয়াও নাছিল
মোৰ আশে-পাশে চৌপাশে
প্ৰেমিক প্ৰৱৰো মুখৰ হৈছিল
আত্মাৰ চিৰন্তন ধ্বনি হে কাৰো
হৃদয়ংগম নাছিল
আছিল কেৱল জ্বলন্ত ৰাগৰ
অবুজ অজান যুক্তিৰ স্ফুলিংগ
যত মই বিচৰা
মৰমৰ সাগৰখন নাছিল
বিঢৌত আৰু উৎথিত হৈছিল
অভিমান নুবুজা আৱেগহীন
ব্যৱসায়িক কলিজা
ভালপোৱাৰ সুকোমলতা নাছিল
নাজানো মই নে তেওঁ
অবুজ আছিল!!!
✍️প্ৰিয়ংকা চমুৱা ।
ঢকুৱাখনা, লখিমপুৰ,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ