খুব প্ৰয়োজন,
জোতা দুপাত ভিন্ন ৰঙৰ হৈ থকাটো
শিল্পীৰ প্ৰাণ-স্পন্দনৰ বাবে
বৰ প্ৰয়োজন।
গীতবোৰ সংগীত হৈ বাজি থকাটো,
নাচবোৰ নৃত্যাঞ্জলি হৈ প্ৰাণচঞ্চল হৈ থকাটো
অতিকৈ প্ৰয়োজন।
জীৱনটো জীৱন হ'বলৈ
সংস্কৃতিৰ খুবেই প্ৰয়োজন,
সংস্কৃতিৰ পূজা অব্যাহত ৰাখিবলৈ
জুবিনহঁত অপৰিহাৰ্য সংযোজন!
সংঘাতৰ সুৰবোৰ আওৰাবলৈ,
জনতাৰ কণ্ঠত শক্তি সিঁচি যাবলৈ
জুবিনহঁতৰ আবেগ-কণ্ঠ বৰ প্ৰয়োজন।
পৰিচয়ৰ শিপাবোৰ খামুচি ধৰি ৰাখিবলৈ,
গৌৰৱৰ পৃষ্ঠাবোৰ সোঁৱৰাই থাকিবলৈ,
গাঁৱে-ভূঞে সিঁচৰতি জুবিনহঁতৰ জোতাবোৰ
প্ৰতিক্ষণতে চিকমিকাই থকাটো
খুব প্ৰয়োজন....
জাতিটো জাতি হৈ থাকিবলৈ
সহস্ৰজনক হাঁহিৰ উপহাৰ দিয়া জুবিনৰ
জোতাযোৰৰ ৰং সলনি হৈ থকাটো
খুবেই প্ৰয়োজন।
প্ৰত্যাহ্বানৰ প্ৰাচীৰ ভাঙি
জীৱনক আগুৱাই নিবলৈ
ন-ন ৰঙৰ জোতা বৰ প্ৰয়োজন....