এৰি অহা সুঁতি(২য় খণ্ড)~বিটুমনি কোঁচ

©Admin
0
ডিঙিটো শুকাই গৈছে । অকণমান পানীৰ প্ৰয়োজন । মূৰটো লৰাই চকুৰে ইফালে সিফালে চালোঁ । প্ৰকাণ্ড ৰুমটোৰ ৱাল কেইখনে মোৰ দৃশ্যটো দেখি যেন দাঁত নিকটাই হাঁহিবলৈ ল'লে । কাণ দুখন সিয়ান কৰি চিকিৰ চেণ্ডেলৰ চটপ্ চটপ্ শব্দবোৰ শুনিবলৈ চেষ্টা কৰিলোঁ ।

নিসংগ এই মুহূৰ্তত মিনতিৰ কণ্ঠত এটা কবিতা শুনিবলৈ মন গৈছে । মিনতিক মই শামুক বুলি মাতিছিলোঁ ।বাহিৰত ৰুঢ় স্বভাৱৰ সুন্দৰ চেহেৰাৰ সুন্দৰ মনৰ মিনতিৰ মোৰ বাবেই যেন জন্ম হৈছিল । মোৰ বাবে তাই হৃদয়ত ইমান কবিতা থূপ খাই আছিল । স্কুল-কলেজৰ সহপাঠী মিনতি মোৰ প্ৰেমিকা । ঐ বিৰিঞ্চি , দুইটাৰ যদিহে চাকৰি নহয় । মই কবিতা আবৃত্তি কৰিম বুকু ফালি সুৰ নিগৰাম তই শুনিবি । আমাৰ দুয়োটাৰ পেট ভৰিব ।

মিনতিৰ বুকুত মই বিষ ঢালি আঁতৰি আহিছিলোঁ । মই মোৰ ঘৈণীক বিয়া পতাৰ বিনিময়ত অজস্ৰ সম্পত্তিৰ অধিকাৰী লগতে মোৰ চাকৰিটো পাইছিলোঁ । কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব । মই মিনতিৰ লগত যোগাযোগ এৰি দিছিলোঁ । মই ধনী হ'বলৈ বিচাৰিছিলোঁ । এজন অফিচাৰ হোৱাৰ সপোন সৰুৰে পৰা পুহি ৰাখিছিলোঁ ।

শহুৰৰ জোঁৱাই হৈ অহা মোক মোৰ ঘৈণীয়ে প্ৰথমৰ পৰাই ঘিণ কৰিছিল । ঘিউ খাবলৈ হ'লে আঙুলি বেঁকা কৰিব লাগিবই । ঘৈণীৰ ওচৰত মই কুকুৰৰ দৰেই নেজ পেলাই দিওঁ । আমাৰ সংসাৰ বাঢ়িল । কিন্তু পুৰুষ হৈ পুৰুষত্বৰ পূৰ্ণতা পোৱা নাছিলোঁ । মনে মনে মই আকৌ মিনতিক বিচাৰিবলৈ লাগিলোঁ । মিনতিৰ ওচৰত মই হাৰি গলোঁ ।

চাকৰিটো ঘৰৰ পৰা দূৰত হোৱাত ৰক্ষা পৰিলোঁ । ল'ৰা-ছোৱালী দুটাৰ দায়িত্ব মই ঘৈণীক দি অকলশৰে ৰোম ভাৰা ললোঁ । উত্তাল যৌৱনৰ পূৰ্ণতা বিচাৰি চিকাৰী ৰূপত নামিলোঁ । মই মোৰ তলতীয়া নাৰী কৰ্মচাৰী বোৰৰ কাম বিলাক পৰিদৰ্শন কৰিবলৈ ললোঁ । এদিন এখন মিটিঙৰ শেষত ভোজ-ভাতৰ আয়োজন কৰিছিল , অকলশৰে ল'ৰা-ছোৱালী দুটা লৈ থকা ৰশ্মিৰ ঘৰত ।মৰমীয়াল মাগুৰ বৰণীয়া ৰশ্মিয়ে মোক ক'লে - "ছাৰ আপোনাক আমাৰ ঘৰলৈ মাতিবলৈ মন যায় যদিও মোৰ মানুহ জনে আৰ্মি কৰে । মই অকলশৰে ল'ৰা-ছোৱালী দুটা লৈ থাকোঁ । সেই বাবেই মাতিবলৈ বেয়া পাওঁ ।

মই মোৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰিছিলোঁ । মই ৰশ্মিৰ ওচৰলৈ যোৱাৰ পথ মুকলি কৰি ল'লোঁ । গঢ়ি উঠিল এক মধুৰ সম্পৰ্ক । মনলৈ সজীৱতা আহিল । প্ৰেমেৰে পূৰ্ণ হ'ল মোৰ জীৱন ।কেইবাবছৰো পাছত ৰশ্মি আঁতৰি গল । মই নতুনকৈ চিকাৰ বিচৰাত লাগিলোঁ । মই জানোঁ এগৰাকী নাৰীয়ে দুখন ঘৰৰ সন্মান বচাই ৰাখিব লাগে সেই বাবে বহু কথা গুপ্ত কৰি ৰাখে । আৰু ইয়াৰ সুযোগ মই ল'ব বিচাৰিছিলোঁ । মই মোৰ ঘৈণীৰ লগত শাৰীৰিক সমন্ধৰ পৰা আঁতৰি আহিলোঁ ।

মোক মোৰ সন্তান দুটা লাগে । সিহঁতক দায়িত্ব ল'বলৈ এগৰাকী মাকৰ প্ৰয়োজন । সেই প্ৰয়োজনীয়তা খিনি মোৰ পত্নীয়ে পূৰণ কৰিছিল । মই মোৰ সন্তান দুটাৰ বাবে বহুত ধন সম্পত্তি গোটাব বিচাৰিছলোঁ । ল'ৰাটোৰ জন্ম দিনত এখন গাড়ী কিনিছিলোঁ - "বাবা তোমাৰ বাৰ্থডে গীফ্ট" । হাত দুখন মেলি তাক সাবটি জন্ম দিনৰ আশীৰ্বাদ দিব বিচাৰিলোঁ । এয়া কি মোৰ মেলা হাত মেলাতেই থাকিল ।মোৰ কাষেৰে পাৰ হৈ সি গাড়ীখন চুলেগৈ ।

চিকিৰ মাতত মোৰ সম্বিত ঘূৰিল । মেডাম মোৰ চাহাবলৈ ভয় লাগে । অকলে অকলে হাত দুখন মেলি বকি থাকে । মেডাম চাহাবৰ গাত ভূত আছে । মোৰ ঘৈণীয়ে মোলৈ চাই ক'লে , "উঠি লৰি থাকিব পৰা হ'লে পগলা ফাটেকত থৈ আহিলোঁ হয় । নমৰাও হ'ল ।তোক দৰমহা বঢ়ায় দিম দে , কাম কৰ" । 

আগলৈ.....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)