কেতিয়াবা নিজকে ,
আকৌ যেন তাতেই প্ৰাণ পায় উঠো ।
হৃদয়ৰ নিভাঁজ কোণত সাঁচি ৰখা
মৰহি যোৱা সপোনবোৰকো
আকৌ এবাৰ জগাই তুলিলে
আশাৰ বৰষুণ জাকে ।।
উদং হৃদয়ৰ ভাৰ সহিব নোৱাৰি
ভাঙি পৰা মনৰ শুকান
জেউৰা খনো গঢ় দিলে, কিম্বাকৈ
সেই আশাৰ এনাজৰীয়ে।
হৃদয়ৰ পৰা চকুলৈ ভটিয়াই অহা
কান্দোনৰ টোপালতোও
শুকাবলৈ ধৰিছে আশাৰ প্ৰখৰ ৰ'দত ।।
গোট মাৰি যোৱা হৃদয়ৰ তেজৰ
চেকুৰাবোৰেও ইতিমধ্যে
গলিবলৈ আৰম্ভ কৰিছে,
আশাৰ তপতত্।
আশায়ে জানো মনৰ আকুলতাক
হেপাঁহৰ ৰূপ নিদিয়ে ?