আকৌ আহিম নতুনৰ ৰ'দালি সানি ,
দুখৰ বোকাৰে লুতুৰি বিফল সন্ধ্যাটিক
দি যায় আশাৰ বাণী ।
বাৰে বাৰে মেলানি মাগিও উদয় হোৱা
কাহানিও ভাগৰি নপৰা ,
অ' বেলি দি যা তোৰ আশীষ
সানি যা নতুনৰ ৰ'দালি ।
দূৰণিৰ পাহাৰত ঠেকা খোৱা বেলিটিয়ে
দি যায় এমুঠি আশাৰ ৰেঙণি ,
নতুন পোহৰেৰে উদ্ভাসিত হৈ
সানি দিবহি নতুনৰ ৰ'দালি ।
✍️বনশ্রী শৰ্মা
জ্ঞানম একাডেমী কনিষ্ঠ মহাবিদ্যালয়
মঙ্গলদৈ