জাৰ‌উইম ০৩-ৰাজেন দাস

©Admin
0
গছৰ ফল-মূল খাইছে। ঠাইতে গুটি পেলাই থৈছে। শুকোৱাবোৰ শুকাইছে ।কেনেবাকৈ পানী , মাটি পাই কিছুমানে অলপ পোখা মেলিছে । লাহে লাহে লক্ষ্য কৰিলোঁ । গুটিৰ পৰাই গছ । গছৰ পৰা ফল-মূল ,খৰি ,গেছ ,সাৰ ইত্যাদি। সকলোৱে কথাটো মন কৰিবলৈ ল'লে । সিদ্ধান্ত ল'লে যে আজিৰ পৰা য'তেই যি গছৰ গুটি পাওঁ মাটিত পুতি থ'ম । পানী দিম । তাৰ পৰা বীজ ওলাব । গছ হ'ব । গছে কুঁহিপাত মেলিব । কুঁহিপাতৰ কাষৰতে ডাল ভৰি ভৰি ফল-মূল লাগিব । সেইয়াই আমি পেট ভৰাব  পাৰিম । তেনেকৈ ধানৰ গুটিও সিঁচি চালে । বৰ ধুনীয়াকৈ গজি আহিছে। কথাখিনি সকলোৱে বুজি পাবলৈ ধৰিলে । শিলে শিলে শিল ঘঁহি জুই উলিওৱাৰ পৰা এতিয়ালৈ চিন্তাৰ এঢাপ আগুৱাইছে ।
         
(শিলে শিলে ঠেকা খালে নিজৰাৰে পানী...) 

    ‌
✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)