তোমাৰ হাতত ।
তুমি কাব্যিক নাছিলা ,
তথাপিও তুমি ৰোমান্টিক বহুত
বেগৱতী নদী হৈ বৈ যোৱা কিয় ?
হয়তো তোমাৰ হৃদয় কঠুৱা হ'ব পাৰে
নাইবা কপাহৰ দৰে কোমল
অনুমান কৰিব পৰা নাই জানা !
তোমাৰ ওঁঠ থৰ থৰ কঁপে
মোৰ আঁচলৰ আঁৰত
উদং বুকু মোৰ এতিয়া
হিমশীতল কুঁৱলীয়ে আৱৰি ধৰিছে ।
এজোলোঙা ৰ'দে জিলমিলাই
আছিল
কালি দুপৰীয়া মোৰ বুকুত ।
আকাশ খন গোমা হৈ আহিছে জানা ?
হয়তো তোমাৰ নীৰৱতাত
সাৰ পাই উঠিব এজাক
অশ্ৰুকণা
আস্ !
বৰকৈ বিষাইছে বুকুখন জানা ?
তুমি চুই দিলেই গুণাগুণাই উঠিব
এজাক হালধীয়া পখিলা ।
✍️ৰিজু মণি দেৱী