গ্ৰন্থ আলোচনা -দিপশিখা ৰাজকোঁৱৰ

Aditi Tanti
0
নমস্কাৰ মই এইকেইদিন পঢ়া এখন ধৰ্মমূলক গ্ৰন্থৰ ওপৰত এক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ।যিখন গ্ৰন্থৰ লেখক মহেন্দ্ৰ বৰা। যিখন গ্ৰন্থই অতীতৰ পৰা বহু সমাদৰ লাভ কৰি আহিছে। যিখন গ্ৰন্থ অধ্যয়ন কৰিলে আমি মহাভাৰতৰ মূল কাহিনীৰ বিষয়ে অৱগত হ'ব পাৰোঁ।যিখনত প্ৰকাশিত হৈছে সাৰ্বভৌম সত্য উপলব্ধিৰ যুগৰ পথ,বিধৃত হৈছে পৰম পুৰুষৰ ৰহস্য কথা আৰু ব্যাখ্যাত হৈছে ব্ৰহ্মাত্মাৰ তত্বকথা। গ্ৰন্থখনৰ নাম হৈছে "গীতা"।
              
       এই গ্ৰন্থখন অধ্যয়ন কৰি মোৰ বৰ ভাল লাগিল। পৰম সত্তাৰ সার্থক বন্দনাত গাম্ভীৰ্যপূৰ্ণ প্ৰকাশৰ গীতা এনে এক প্ৰমাণ যাক মিলটনৰ উৎকৃষ্টতায়ো ঢুকি পোৱা নাই। ছালৰ্চ উইলকিনচে ইংৰাজী ভাষালৈ ভাঙি উলিওৱা দা ভাগৱত গীতাখনৰ মুখবন্ধত ঠিক এনেদৰেই গীতা সম্পৰ্কে উচ্ছাসিত প্ৰশংসা কৰিছিল পৰাধীন ভাৰতৰ প্ৰথম বৰলাট ৱাৰেণ হেষ্টিংছে।
                                         
         তাজমহল যেনেকৈ ভাৰতীয় শিল্প প্ৰতিভাৰ এক অতুলনীয় নিদৰ্শন।গীতাও ঠিক তেনেদৰে ভাৰতীয় চিন্তা গৰিমাৰ এক অনন্য কীৰ্তি। গীতাৰ ভাৱসম্পদ আৰু কাব্য সৌন্দৰ্য্যৰ সংস্পৰ্শলৈ আহি সম্ৰাট ছাহজাহানৰ জেষ্ঠ পুত্ৰ দাৰা শিবকোই ইয়াৰ প্ৰশংসা কৰি কৈছিল -- গীতা স্বৰ্গীয় আনন্দৰ অফুৰন্ত উৎস। গীতাই মুঠতে মুকলি কৰি দিছে ইহলোক আৰু পৰলোকৰ শ্ৰেষ্ঠতম আৰু নিগূঢ়তম সত্যৰ দুৱাৰ। গীতাৰ ওপৰত বিভিন্ন লোকে বিভিন্ন মত দিছে। তাৰ ভিতৰত ইংৰাজী কবি চি. এচ ইলিয়ট, এডৱিন আৰ্ণলডৰ মতে গীতাখনেই দ্বিতীয় মহত্বম গ্ৰন্থ আৰু জাৰ্মান দাৰ্শনিক ৱিলিয়াম ফন হামবোল্ডৰ মতে গীতা আমি জনা যিকোনো ভাষাৰেই সুন্দৰতম আৰু সম্ভৱতঃ একমাত্ৰ প্ৰকৃতাৰ্থৰ দাৰ্শনিক সংগীত।
                                                          
       গীতাৰ বহুবোৰ শ্লোক ভাৰতীয় মানুহৰ নিত্যদিনৰ ব্যৱহৃত প্ৰৱচনৰ লগত সালসলনি হৈ গৈছে। এই গ্ৰন্থখনৰ বিস্ময়কৰ জনপ্ৰিয়তাৰ বিষয়ে সুবিখ্যাত দাৰ্শনিক ৰাধাকৃষ্ণণে তাহানিকালতে কৈছিল- এইখন কোনো বিশেষৰূপে শৰণাগতৰ কাৰণে মাথোন তেওঁলোকেই বুজি পাব পৰাকৈ লিখা গূহ্য শাস্ত্ৰ নহয় ,বৰং এনেকুৱা এখন জনপ্ৰিয় কাব্যগ্ৰন্থ যিখনে আনকি বহু আৰু বিচিত্ৰৰ ৰাজ্যত উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰাজনকো সহায় কৰে।
                                                                                        গীতাৰ মমাৰ্থ হয়তো অতি কঠিন আৰু গ্ৰন্থিবহুল । কিন্তু বিছিন্নৰূপত ইয়াৰ সৰহভাগ শ্লোকৰেই ধ্বনিময় স্পন্দন অতি সুললিত আৰু সাধাৰণ অৰ্থ অতি প্ৰাঞ্জল। গীতাৰ মৰ্মবাণী বুজি পাবলৈ সংবেদনশীলতাৰ প্ৰয়োজন বেছি। গীতা আৰু মহাভাৰতৰ পৰস্পৰ সংপৃক্ত ৰূপৰ আনটো দিশ উদঙাই ধৰিছে। সমগ্ৰ মহাভাৰতৰ টীকাকাৰ নীলকণ্ঠ সুৰীয়ে এইদৰে- 
                                                                         "ভাৰতে সৰ্ববেদাৰ্থো ভাৰতাৰ্থশ্চ কৃৎসনশং
                                                                         গীতায়ামন্তি তেনয়ং সৰ্বশাস্ত্ৰময়ী গীতা" 

      গীতাৰ নাট্যৰূপ পৰিকল্পনাত সংলাপৰ বিনিময় ঘটিছে ঘাইকৈ দুটি চৰিত্ৰৰ মাজত,গুৰুৰূপে শ্ৰীকৃষ্ণ আৰু শিষ্যৰূপে অৰ্জুন। গীতাৰ ভাৱসম্পদ গঢ় লৈ উঠিছে দুটা উপাদানেৰে; নীতিধৰ্ম আৰু বিশ্বতত্ব । গীতাৰ মতে ভক্তৰ প্ৰকাৰ চাৰিটা-- আৰ্ত , অৰ্থাৰ্থী জিজ্ঞাসু আৰু জ্ঞানী।
                   
      গীতাখনৰ ২৩ নম্বৰ পৃষ্ঠাত উল্লেখ আছে যে, কিছুমানে ঈশ্বৰক স্মৰণ কৰে মাথোন বিপদকালত,কিছুমানে যাগ যজ্ঞ কৰে ইটো সিটো বিশেষ ফলৰ আকাংক্ষা কৰি, কিছুমানে ঈশ্বৰৰ অন্বেষণ কৰে বিশুদ্ধ জ্ঞানৰ লিপ্সাৰে , আৰু কিছুমানে ঈশ্বৰৰ ভজনা কৰে মাথোন ভক্তিৰেই, অনুপ্ৰেৰণাৰে ।গীতাই গভীৰ উদাৰতাৰে সকলোকে আশ্বাস দিছে।
                              
        গীতাখনত বিষাদযোগ, সাংখ্য যোগ, কৰ্মযোগ, জ্ঞানযোগ আদি ভাগ ভাগ কৰি শ্লোকৰ আকাৰে প্ৰকাশ কৰিছে।তাৰ ভিতৰত মোৰ পঢ়ি ভাল লগা কেইটামান অধ্যায়ৰ শ্লোক আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ।
                        
       ১) পুৰণি সাজটো ফাটি ছিটি গ'লে মানুহে যিদৰে সেইটো সলাই পিন্ধে নতুন এসাঁজ। আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱলি গ'লে আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ।
                             
      ইয়াৰ অৰ্থ এয়েই যে আমি মানু্হ ৰূপে এই পৃথিৱীত জন্ম লাভ কৰোঁ। নিৰ্দিষ্ট সময়ৰ অন্তত আমাৰ মৃত্যু হ'লে আমাৰ শৰীৰৰ পৰা আত্মা ওলাই যাব। এইটো কোনো অসত্য নহয়। সেয়েহে আমি এবাৰ পোৱা সুযোগতে সৎ কৰ্ম কৰি সফল হোৱাৰ চেষ্টা কৰিব লাগে।
                              
        ২/ দুখতো নহয় আকুল অধীৰ,সুখতো নহয় আৰু আকলুৱা।কতো নাই অনুৰাগ,ভয় ভীতি ,খঙৰ ভমক,তেনেজন লোকতে পোৱা যায় স্থিতপজ্ঞ মুনিলব্ধ প্ৰজ্ঞাৰ চমক।
                             
         ইয়াৰ অৰ্থ এয়েই যে যিজনে সুখতো অধিক ৰং ৰহইচ কৰি নাথাকে,দুখতো অতি দুখ মনেৰে নাথাকে, অহংকাৰ নকৰে,ভয় নকৰে,খং নকৰে,সেইজন ঋষিৰ তূল্য।
                              
        ৩/অসংযমী মানুহৰ জ্ঞান বুদ্ধি তেনেই উৰুঙা।সিবোৰৰ ভাৱনাও জ্বলি নুঠে প্ৰেৰণাৰ কোনো আভাসেৰে।ভাৱনাৰ ঘটিলে নাটনি শান্তিৰো নাটনি ঘটে। শান্তিহীন জীৱনত আছে জানো কোনো সুখ জিলিঙনি।
                              
     ইয়াৰ অৰ্থ এয়েই যে যি মানুহৰ সংযমৰ অভাৱ ,তেনে লোকৰ জ্ঞানো তাকৰ আৰু তেওঁলোকৰ ভাৱনাবোৰো ক্ষন্তেকীয়া। প্ৰেৰণাহীন জীৱন। আৰু যেতিয়া ভাৱনাৰ নাটনি হয় তেওঁলোকৰ জীৱনত শান্তি নোহোৱা হৈ পৰে। আৰু যদি জীৱনত শান্তিয়েই নাথাকে তেনেহলে সুখ জানো থাকিব।
                              
      ৪/ সকলো মানুহে যাক ভাৱে নিশা বুলি গভীৰ অন্ধকাৰ।সংযমী জ্ঞানীয়ে তাকেই আদৰি লয় পোহৰ ফেহুজালি বুলি। অন্যবোৰে যেতিয়া আনন্দ কৰে উজাগৰে থাকি শুই থাকে তেতিয়াই সাধকৰ মন নিশাৰ নিহালি টানি।
                              
         ইয়াৰ অৰ্থ এয়েই যে কিছুমান মানুহে আন্ধাৰ হোৱাৰ লগে লগে শুৱাৰ কথা চিন্তা কৰে। কিন্তু জ্ঞানীলোকে কেতিয়াও সময় নষ্ট নকৰে। তেওঁলোকে আন্ধাৰ পোহৰ চিন নাই কেৱল চিন্তাত বিভোৰ হৈ থাকে নতুন উৎঘাটনৰ।আৰু যেতিয়া কিছুলোকে সময় অপব্যয় কৰি আনন্দত মতলীয়া হৈ থাকে।তেতিয়াহে তেওঁলোকে কিছু সময় বিশ্ৰাম কৰে।
                              
         ৫/ জীৱনৰ ভোগৰ চৰুটো যদি কাৰোবাৰ তেনেই উপচি পৰে।বিষয়ৰ সতে বাসনাৰ ঘাট সংযোজন।ভোগ সুখ হ'ব পাৰে সিজনৰ বাবে দুখৰেই মুকলি দুৱাৰ। জ্ঞানীজনে নেপায় বিচাৰি একোকে কাৰণ তাত আনন্দ লভাৰ।এই আছে ,এই নাই ,লাহ দিয়া গধুলি বেলিটো যেনিবা পুৱা।
                             
         ইয়াৰ অৰ্থ এয়েই যে জীৱনত যদি আমি অধিক সুবিধা পাওঁ, তেন্তে জীৱনটো কি আৰু কেনেকৈ জীৱনটো ভালকৈ উপভোগ কৰিবলৈ নিশিকোৱেই । কিন্তু যিজন লোক জ্ঞানী তেওঁ কেৱল সুখৰ মাজত সীমাবদ্ধ হৈ থাকিব নিবিচাৰে বা থাকিবলৈ নাপায়। তেওঁলোকে জীৱনত নানা ঘাত- প্ৰতিবন্ধকতা নেওচিব লগা হয়। জীৱনটো বৰ ক্ষন্তেকীয়া আজি আছে,কাইলৈ নাই। সেয়েহে জীৱনত সুখ দুখ দুয়োটাই পাব লাগে আৰু ক্ষন্তেকীয়া মনুষ্য জীৱনটোত অহংকাৰ , গৰ্ব ,কৰি লাভ নাই বুলি মই গীতাখন অধ্যয়ন কৰি জ্ঞাত হ'ব পাৰিছোঁ।
            
            গীতাখনৰ ভাঙনিত আৰু বহুতো শ্লোক আছে। মই চমুকৈ মোৰ ভাললগা কেইটামান শ্লোক আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ।গীতাখনৰ ৰেঙনিত ২৪১ পৃষ্ঠাত উল্লেখ কৰিছে যে- কৌতুহলী প্ৰশ্ন আৰু আত্মিক অভিজ্ঞতাৰ অবিহনে কেৱল গুৰুৰ মুখৰ পৰা শুনিয়েই তত্বজ্ঞান পাব নোৱাৰি।এই সন্দৰ্ভত ৰাধাকৃষ্ণণে মহাভাৰতৰ এই শ্লোকটোৰ উদ্ধৃতি দিছে।
                     
         যস্য নাস্তি নিত্য প্ৰজ্ঞা কেৱলংজু বহূশ্ৰুত ন স জানাতি শাস্ত্ৰৰ্থ : দাৰ্ব সুতৰসান ইব।।আৰু এনেদৰে ব্যাখ্যা কৰিছে ঃHe who has no personal knowledge but has heard of many things cannot understand the meaning of scriptures even as spon has no idea of the taste of the soup. 
                     
                শেষত মই শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাত থকা এটি বাণীৰে সামৰিছোঁ।


" কুকুৰ শৃগাল গদৰ্ভ চণ্ডালৰো আত্মা ৰাম। জানিয়া সবাকো কৰি কৰাহা প্ৰণাম।"



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)