এৰি অহা সুঁতি খণ্ড নং ০৫ - বিটুমনি কোঁচ

Aditi Tanti
0
বতৰটো ডাৱৰীয়া আছিল।অফিচত মূৰ দাঙিব নোৱাৰা কামৰ বোজা।দিনে দিনে কামৰ বোজা যেন বাঢ়ি গৈ আছে।মই বৰ ভাগৰুৱা অনুভৱ কৰিলোঁ।ৰুমলৈ আহি ভৰি হাত ধুই ভাত অকণমান খাই বিচনাত বাগৰ দিলোঁ।

ডাৱৰীয়া বতৰটোৱে কিবা এটা খোৱাৰ কথা মনত পেলাই দিলে।গৰম গৰম মাংসৰ লগত মদৰ জুতি।মোৰ জোনমণিলৈ মনত পৰিল।আজি জোনমণিৰ ঘৰলৈকে যাব লাগিব।জোনমণিলৈ ফোনটো মাৰিলোঁ ,তাই লগে লগেই ৰিচিভ কৰিলে।আজি তহঁতৰ ঘৰলৈ যাম।তাই কি খাব সুধিলে ,মই হাঁহ খোৱা কথা কলোঁ।

জোনমণি মোৰ তলতীয়া কৰ্মচাৰী।দেখিবলৈ বৰ বেছি ভাল নহয় যদিও সুগঢ়ি।মোৰ ৰুমৰ পৰা তাইৰ ঘৰলৈ বেছি দূৰ নহয়।জোনমণিৰ সৰু পৰিয়াল মানুহজন আৰু ল'ৰা-ছোৱালীহাল।হাঁহি মাৰি মৰমেৰে তাই মই ভাল পোৱা সকলো বস্তু যোগাৰ কৰি খাবলৈ দিয়ে।মই প্ৰায়ে তাইৰ ঘৰত খাবলৈ যাওঁ।

      লগতে কাম কৰা জীৱনক লগ ধৰিলোঁ।খানা আছে ওলা।প্ৰায়ে মই তাক যʼলৈ তʼলৈ খানা খাবলৈ লৈ যাওঁ।সাহস আৰু আত্মবিশ্বাস মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় আৰু জীয়াই থকা মূল উপাদান। এই দুইটা গুণৰেই অধিকাৰী মই।সেই বাবে সমাজত মোৰ এখন সুকীয়া স্থান আছিল।এই দুইটা গুণৰ লগতে মোৰ ক্ষমতাই কিছুমান তলতীয়া কৰ্মচাৰীক আৰ্কষণ কৰিছিল।মোৰ পৰা গুৰুত্ব বিচাৰি কিছুমান তলতীয়া কৰ্মচাৰীয়ে মোৰ কাষ চাপি আহিছিল।

    মোৰ জীৱনত লগপোৱা এই নাৰীবিলাকৰ মাজত এটাই কথা মই লক্ষ্য কৰোঁ,ইহঁতৰ উচ্চাকাংক্ষা।মোৰ ক্ষমতাক হাত কৰি প্ৰমোচনৰ আশাত মোৰ কাষ চাপে।মই যেনেকৈ বিচাৰোঁ তেনেকৈ পাওঁ, এই নাৰী সকলক।অবশ্যে মইও প্ৰমোচনৰ আশা মনৰ মাজত সোমোৱাই দিওঁ।মোৰ প্ৰয়োজনৰ সকলো আদায় কৰি লওঁ।এই সকলৰ মাজত মই জোনমণিকো পাইছিলোঁ।মানুহজনীৰ প্ৰমোচন হোৱাৰ আশাত ঘৰৰ গিৰিহঁতেওঁ হকা-বাধা একো নকৰে।মোৰ সন্তোষত সিহঁত মতলীয়া হৈ পৰে।

      মোৰ জীৱনত কিছুমান এনে নাৰীও লগ পাইছোঁ।যি মোৰ গুণত মুগ্ধ হৈ মোক ভাল পায়, সন্মান প্ৰদৰ্শন কৰে, মোৰ গুণ গায়। এইসকল নাৰীৰ মোক লৈ কোনো স্বাৰ্থ নাথাকে।কিন্তু মোক সন্তুষ্ট কৰিব বিচাৰে।এই নাৰী চৰিত্ৰই মোক ভবাই তোলে।
এজনী নাৰীয়ে প্ৰেমত পৰিব পৰাকৈ মোৰ ৰূপ বা বয়স এটাও নাছিল।মোৰ আৰ্কষণ মোৰ ক্ষমতা।ক্ষমতাৰ বাবে মই পৃথিৱী খনত নিজৰ ইচ্ছামতে চলিব পাৰিছিলোঁ।কথাবোৰ ভাবি ভাবি টোপনি গলোঁ।

      কিমান সময় শুলোঁ কব নোৱাৰিলোঁ ।কেঁকাই উঠা দৰ্জাখনৰ শব্দত মই সাৰ পাই জীৱনলৈ ফোন লগালোঁ। বোলো সোনকালে আহ খানা আছে নহয়।জোনমণিয়ে ছাগে মোৰ বাবে ৰৈ আছে।জীৱন আহিল। মই সাজু হৈ গাড়ীখন ষ্টাৰ্ট দিলোঁ।জীৱনে কʼলে ছাৰ আপোনাৰেই ভাল।কথাষাৰ শুনি মোৰ হাঁহি উঠিল।কোনোবাই মোৰ হাত দুখন সাবটি ধৰিলে।গাড়ীখন চলিবলৈ অসুবিধা হৈছে।ছাৰ ছাৰ বুলি মতা মাতটোত মোৰ সম্বিত ঘূৰি আহিল।

       সঁচাকৈয়ে জীৱনে মোৰ কাষতে ৰৈ মোৰ অৱস্থাটো দেখি চকুলোঁ টুকি মোক কৈছিল, ছাৰ একমাত্ৰ ভগৱানৰ নাম লওঁক।ভগৱানে আপোনাক এই নৰকৰ পৰা উদ্ধাৰ কৰিব।মই তাক কলোঁ মইও তাকেই বিচাৰোঁ জীৱন।যিবোৰ সম্পৰ্ক মই কাপোৰৰ দৰে ব্যৱহাৰ কৰি দলিয়াই পেলাই থৈ আহিলোঁ।মোৰ এই অন্তিম সময়ত সেই সম্পৰ্কবোৰৰ ভাৱনাত মোক ভগৱানে ঠেলি দিলে। মইও বিচাৰিছোঁ,এই নৰকৰ পৰা উদ্ধাৰ পাবলৈ।

আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই ছাৰ।সময় পালে আকৌ কেতিয়াবা আহিম। জীৱন গʼলগৈ।মই চিৎকাৰ কৰি উঠিলোঁ।মই কোৱা কথাবোৰ তেনেহলে,,,,,,,,।

ক্ৰমশঃ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)