কৰ্ম সুত্রে আমাৰ নিচেই কাষৰীয়া কিম্বদন্তিত যাদু আৰু সাধুৰে চহকী ৰাজতান্ত্ৰিক দেশ ভূটান তথা ছাংগ্ৰিলালৈ যিমানবাৰে গৈছো প্ৰত্যেকবাৰেই নতুন নতুন তথ্য আৰু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছো । পৃথিৱীয়েই হ'ল এখন সৰ্ব বৃহত্তম অলিখিত মুক্ত গ্ৰন্থ । আমাৰ চাৰিওফালে পৰিবেষ্টিত প্ৰাকৃতিক আৰু সামাজিক পৰিবেশত অলেখ অযুত জনা নজনা তথ্য থুপখাই আছে। আমি সামান্য পৰ্য্যবেক্ষণ আৰু বিশ্লেষণৰ যোগেদি আমাৰ চাৰিওফাল সিচঁৰিত হৈ থকা গুৰুত্বপূৰ্ণ তথ্যসমূহ আহৰণ কৰি উপকৃত হ'ব পাৰো । বিভিন্ন স্থান ভ্ৰমণ কৰিও তেনেধৰণৰ তথ্য আৰু জ্ঞান গোটাব পাৰি । সেই বাবে তাহানিৰ দিন বোৰত ঋষি, মুনি , সন্ন্যাসী তথা বৌদ্ধ লামা সকলে টোল অথবা আশ্ৰমৰ আনুষ্ঠানিক শিক্ষাৰ উপৰিও পদব্ৰজেই দেশ বিদেশ ভ্ৰমণ কৰি বিভিন্ন জ্ঞান আহৰণ কৰি ফুৰিছিল ।
এবাৰ কৰ্ম সূত্রে মোৰো ভূটানৰ পুৰণি ৰাজধানী পুনাখাত উপস্থিত হৈ চিমি লাখাঙ নামৰ এটা অদ্ভুত মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য ঘটিছিল । তিব্বতৰ দূৰ্গম পৰ্বতৰ পৰা বৈ অহা দুখন কিম্বদন্তি নৰ আৰু নাৰী নদী ফুশ্বু আৰু মুশ্বু নদীৰ মানস পুত্ৰ পুনাটচাঙ শ্বু নদীৰ উপত্যকা তথা পুনাখা জিলাৰ লবেচা নামৰ সৰু গাঁওখনৰ টিলা এটাৰ ওপৰত থকা এই মন্দিৰটোৰ অলৌকিক মাহাত্ম্য আৰু ইতিহাস অতি মনোৰম আৰু গুৰুত্বপূৰ্ণ । ভূটানৰ জংখা ভাষাত শ্বু মানে নদী আৰু লাখাঙ মান হ'ল মন্দিৰ।
সাধাৰণতে ভূটানৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে গোনপা ( মনেষ্ট্ৰী তথা মঠ), লাখাঙ ( মন্দিৰ) আৰু চোৰ্তেন ( স্তুপা ) তিনি ধৰণৰ বিশেষ উপাসনাস্থলীত ইশ্বৰক পৰম্পৰাগত নিয়মনীতিৰে পূজা সেৱা কৰে । ভূটানৰ প্ৰত্যেকখন গাওঁ আৰু পাহাৰৰ চূড়াত একো একোটা লাখাঙ অথৱা গোনপা থকা দেখা যায় । ইয়াৰ ভিতৰত কিছুমান লাখাঙ আৰু গোনপা সপ্তম শতিকা মানতে নিৰ্মিত হৈছিল বুলি প্ৰমাণ আছে । দেশখনৰ অʼত তʼত সিচঁৰিত হৈ থকাৰ প্ৰায় দুহেজাৰখন পবিত্ৰ লাখাঙ আৰু গোনপাত বিভিন্ন পৰম্পৰাগত পূজা-পাৰ্বণৰ উপৰি নানান সামাজিক আৰু সাংস্কৃতিক উৎসৱ আদিও অনুষ্ঠিত কৰা হয়।
পাছে আজিৰ পৰা প্ৰায় ছশ বছৰ মান আগতে আমাৰ মহাপুৰুষ শংকৰদেৱৰ জীৱন লীলাৰ সমসাময়িক কালত চিমি লাখাঙ নামৰ মন্দিৰটোত এজন প্ৰখ্যাত ব্ৰজায়ণ বৌদ্ধ ধৰ্মগুৰুৱে অনুশীলন কৰা এক বিশেষ অপৰম্পৰাগত ধৰ্ম দৰ্শন যাক ইংৰাজীত ডিভাইন মেডনেচ বুলি কোৱা হয় তাৰ বিষয়ে কিছুমান অদ্ভুত তথ্যৰ সম্ভেদ পোৱা গৈছিল । কোন আছিল বাৰু যাদু আৰু সাধুৰ দেশ ভূটানৰ ডিভাইন মেড মেন খ্যাত সেই ধৰ্মগুৰুজন ? অপৰম্পৰাগত দৰ্শন ডিভাইন মেডনেচ নো আচলতে কি ?
আজি আপোনালোকক পুনাখাৰ সেই অদ্ভুত চিমি লাখাঙ মন্দিৰৰ ইতিহাসৰ লগতে ডিভাইন মেডনেচ দৰ্শনৰ বিষয়ে কিছু কথা অৱগত কৰাব বিচাৰিম ।
১২শ খ্ৰীষ্টাব্দ মানৰ কথা হ'ব । উ - চাঙ, খাম আৰু এমডো নামৰ প্ৰতিপত্তিশীল তিনিখন প্ৰদেশৰে সংগঠিত তেতিয়াৰ তিব্বত এখন প্ৰভাৱশালী দেশ আছিল । বিভিন্ন শাখাৰ তিব্বতীয় বৌদ্ধ দৰ্শনৰ নানান অধ্যয়ন কেন্দ্ৰ থকাৰ বাবে উ-চাঙ প্ৰদেশৰ চাঙ নামৰ অঞ্চলটো অতি প্ৰসিদ্ধ আছিল । অষ্টম শতিকাত বৌদ্ধধৰ্মৰ পুথি সমূহ সংস্কৃত ভাষাৰ পৰা তিব্বতীয় ভাষালৈ অনুবাদ কৰি তিব্বতত নিংগমা বৌদ্ধ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা হৈছিল । এই অধ্যয়ন কেন্দ্ৰ সমূহত বিশেষকৈ প্ৰাচীন মহাযান বৌদ্ধ দৰ্শনৰ লগতে ছটা উপসংহাৰৰ চৰ্চা কৰা হৈছিল। একাদশ শতিকা মানত আকৌ ভাৰতৰ বিক্রমশীলা বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন সমাপ্ত কৰি তিব্বতৰ ড্ৰোমী নামৰ এজন ধৰ্ম প্ৰচাৰকে নৰোপা তথা অভয়াকৃতি নামৰ বৌদ্ধ জ্ঞানৰ আৰ্হিত উ- চাঙৰ বিভিন্ন স্থানত শাক্য অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছিল। এই অধ্যয়ন কেন্দ্ৰ সমুহত নৰোপাৰ লগতে ছয় য়োগৰো সাধনা কৰা হৈছিল।
আগলৈ...