বৃদ্ধাশ্ৰম- ৰশ্মি বেজবৰুৱা

Aditi Tanti
0
:আইতা কিয় বৃদ্ধাশ্ৰমত থাকেগৈ দেউতা ?আইতাই কৈছিল তেওঁৰ হেনো মোৰ মাত নুশুনিলে ভালেই নালাগে, টোপনিও নাহে। এতিয়া তাত কেনেকৈ আছেগৈ! 
দেউতা দেউতা আইতাৰ দৰে সাধু কোৱানা মোৰ টোপনি নাহে আইতাৰ সাধু নুশুনাকৈ। 

ডিপুৱে দেউতাকৰ ওচৰতে শুই শুই দেউতাক প্ৰশান্তক আমনি কৰি আছে। মাক মিনতিয়ে শোৱাৰ আগেয়ে কৰণীয় দুই এপদ কাম কৰিছে ওচৰতে, ডিপুৰ কথাবোৰে আজি মাক দেউতাক দুয়োৰে কাণত হুলে বিন্ধা দি বান্ধিছে। ডিপুৱে আজিকালি প্ৰায়ে এনেবোৰ কথাৰে দুয়োকে আমনি কৰে নকৰিবনো কিয় আইতাকৰ কথাই তাকো যে প্ৰায়ে আমনি কৰে। ডিপুৰ বৰ্তমান বয়স আঠ বছৰ, এই কণমাণি ল'ৰাটোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যেন আজি দুয়োৰে মাত নোলোৱাৰ দৰে হৈছে। 

:মানুহ বুঢ়া হ'লে বৃদ্ধাশ্ৰমত থাকেই। হ'ব দিয়া বেটা , এতিয়া শুই থাকা। দেওবাৰে তোমাক আইতাৰ ওচৰলৈ লৈ যাম বাৰু। 
 প্ৰশান্তই যদিও কথাষাৰ ডিপুক শোৱাবৰ বাবেহে কৈ পেলালে, ডিপুৰ মনত কিন্তু আইতাকক লগ পোৱাৰ সীমাহীন আনন্দ । সি আৰু দেউতাকক আমনি নকৰি শুই পৰিল। 
দুদিনৰ পাছত ডিপুৰ অপেক্ষা ৰ অন্ত পেলাই দেওবাৰ দিনটো আহি পালে, তাৰ কিমান যে হেঁপাহ। আন দিনাতকৈ সোনকালে উঠি ৰেডি হৈছে সি কাৰণ আজি সি আইতাকৰ ওচৰলৈ যাব। 

:ডিপু ..আহা আকৌ ,তুমি ভালপোৱা লুচি ভাজি বনাইচো, খাই লোৱাহি। 

:মা লুচি ভাজি আইতাৰ বাবেও দিয়ানা, আইতাই লুচি ভাজি বহুত ভাল পাই ন দেউতা।
 ( মাক দেউতাক দুয়োয়ে দুয়োৰ মুখলৈ চায়)
:ডিপু আধা নাখালাইচোন 
:দেৰি হৈছে মা, দেউতা সোনকালে আহানা 
 :আপুনি মন কৰিছেনে ই আজিকালি খোৱা লোৱাত মন নিদিয়ে, অনবৰতে মন মাৰি থাকে আৰু মুখত মাথোঁ আইটা আইটা (মিনতিয়ে প্ৰশান্তক উদ্দেশ্যি ক'লে) 
:হ'লেও আৰু মাক নানো দিয়া মিছাতে তোমাক অশান্তি নিদিও,ইয়াৰ গা বেয়াও হৈ থাকিব পাৰে ৰ'বা মই চাই আহো। 
  আগফালে গৈ ৰৈ আছে ডিপু, দেউতাকক অহা দেখি কৈ উঠিল। পিছে পিছে মাকো আহিছে 
:ব'লা ব'লা দেউতা ,মা আমি যাওঁ
:ৰ'বাচোন বেটা আমি যাম বাৰু।কিন্তু তুমি হেনো আজিকালি ভালদৰে নোখোৱা, মন মনে কিবা ভাবি থাকা। কি হৈছে বেটা মোক কোৱাচোন 
:আমাক কোৱা ডিপু কি হৈছে তোমাৰ (মাকেও কয়) 
:মোৰ গা বেয়া নাই হোৱা দেউতা মা মোৰ মনটোহে দুখ লাগি আছে
:কিয় মন বেয়া বেটা তোমাক কি লাগে মোক কোৱা আকৌ মই আনিম নহয়, কোৱা বেটা 
:নহয় দেউতা মোৰ জানা বহুত চিন্তা হৈছে, বুঢ়া হ'লে মানুহ যদি বৃদ্ধাশ্ৰমত থাকে তেন্তে তোমালোক বুঢ়া হ'লে মই অকলে কেনেকে থাকিম মা। মই নোৱাৰো তোমালোকক এৰি থাকিব দেউতা মা । 
প্ৰশান্ত আৰু মিনতিৰ মূৰত যেন সৰগ ভাগি পৰিল। দুয়ো দুয়োৰে মুখলৈ বোবাৰ দৰে চাই ৰ'ল, কি ক'ব ডিপুক কি বুলি বুজাব। সৰু ল'ৰাটোৱেচোন আজি বহু কথাই শিকালে। ওচৰতে থকা চকী এখনতে বহি উচুপি উচুপি চিয়ৰি উঠিল প্ৰশান্ত , মা'.......... ।।
◼️কোনে কয় ডাঙৰে সৰুক শিকায়, কিছুমান কথা সৰুৱেও শিকায় যায় ডাঙৰক।যেনেকৈ প্ৰশান্ত আৰু মিনতিক কণমানি ডিপুৱে এটি ডাঙৰ ৰহস্য উপলব্ধি কৰালে। 
(সমাপ্ত) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)