মহাভাৰতৰ পূৰ্বৰ কথা।। কান্যকুব্জ দেশৰ ৰজা কুশিক আৰু তেওঁৰ পুত্ৰ গাধি আৰু সেই গাধিৰ পুত্ৰ আছিল বিশ্বামিত্ৰ।। বিশ্বামিত্ৰ মৃগয়াভিলাষী আছিল।এদিন তেওঁ পাত্ৰ-মন্ত্ৰীৰ সকলৰ লগত গভীৰ অৰণ্য এখনত মৃগয়া কৰিব হেতু ওলাল।।তেওঁ বনৰীয়া গাহৰি আদিৰ চিকাৰ কৰি ভাগৰি পৰিল।।সেই অৰণ্যতেই ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিৰ আশ্ৰম আছিল।। বিশ্বামিত্ৰই সেই মুনিৰ আশ্ৰমলৈ পানী বিচাৰি গ'ল।। মুনিয়ে অতি আদৰে-সাদৰে ৰজাক আশ্ৰমত জিৰণি ল'ব দিলে।। বশিষ্ঠ মুনিৰ ধন-জন নাছিল কিন্তু মুনিৰ এজনী গাই আছিল, তাইৰ নাম নন্দিনী। গাই জনী পৰমা সুন্দৰী আছিল। তাই পাঁচ হাত ওখ,ছয় হাত দীঘল,ভেকুলীৰ দৰে চকু, নিটোল ঠেং চাৰিখন,চমৎকাৰী নেজ আৰু শিং আৰু অমৃত দুৱাৰ সদৃশ ওহাৰ বাট আছিল। মুনিয়ে যি বিচাৰিছিল,নন্দিনীয়ে তাকে দিছিল।। ৰজাক জলপান দিয়াৰ কথা শুনি তাই এঁৱা গাখীৰ, দৈ, ক্ষীৰ, মিঠাই আদিৰ লগতে মূল্যবান বস্ত্ৰ লগতে অলংকাৰৰ বাকচ যোগান ধৰিলে।। ৰজাই জলপান কৰি ভাল পালে।। যোৱাৰ সময়ৰ লৈকে বিশ্বামিত্ৰই সেই নন্দিনীক চাই থাকিল।। যোৱাৰ সময়ত গাই জনীৰ মোহ এৰিব নোৱাৰি, মুনিক ক'লে- মুনিবৰ, মই আপোনাক মোৰ ৰাজ্য খন আৰু দহ কোটি গাইগৰু দিম;আপুনি মোক আপোনাৰ গাইজনী দিব নেকি? মুনিয়ে ক'লে- হে ৰাজন,নন্দিনী হৈছে মোৰ সকলো ধৰ্ম-কৰ্মৰ একমাত্ৰ সম্বল, মই আপোনাক দিব নোৱাৰিম।। বিশ্বামিত্ৰই প্ৰত্যুত্তৰ দি কলে- আপুনি নিজ ইচ্ছাৰে নিদিলে মই জোৰ কৰি নিব বাধ্য হ'ম।। মুনিয়ে ক'লে- মান্যবৰ,আপোনাৰ বল আছে কাৰণে আপুনি যি মন যায় তাকে কৰিব পাৰে।। ৰজাই পাত্ৰ মন্ত্ৰীক আদেশ দিলে নন্দিনীক বান্ধি আনিবলৈ আৰু ৰাজ্যলৈ খেদি লৈ গুচি যাবলৈ।। সেই বান্ধোন চিঙি নন্দিনী হাম্বা! হম্বা! কৰি আকৌ মুনিৰ আশ্ৰমত উপস্থিত হ'ল। ৰজাৰ সৈনিকে খেদাৰ স্বত্বেও তাই আশ্ৰম নেৰিলে। তেনেতে মুনিয়ে ক'লে- আই, তোমাৰ এই কৰুণ মাতষাৰ শুনি মোৰ বহুত দুখ লাগিছে, কিন্তু মই ক্ষমাহে বিচাৰিব পাৰিম আৰুনো কি কৰিম? তেতিয়া নন্দিনী ক'লে- মুনিবৰ, ৰজাৰ মানুহৰ নিষ্ঠুৰ ব্যৱহাৰত মই যন্ত্ৰণাত কাতৰ হৈ চিঞৰিছো,আপুনি মোক বচোৱা নাই কিয়? মুনিয়ে দুখেৰে ক'লে- চোৱা মা,ক্ষত্ৰিয়ৰ বল হৈছে ক্ষমতা আৰু ব্ৰাহ্মণৰ বল হৈছে ক্ষমা।। সেয়ে মই কি কৰিব পাৰোঁ কোৱা? তোমাৰ যদি ইচ্ছা আছে তুমি যাব পাৰা। নন্দিনীয়ে ক'লে- হে প্ৰভু,আপুনি যদি মোক স্ব-ইচ্ছাৰে ত্যাগ নকৰে,তেন্তে মোক কোনেও বল-বিক্ৰমেৰে নিব নোৱাৰে।। মুনিয়ে ক'লে - মা,তোমাক জানো মই ত্যাগ কৰিব পাৰোঁ?তোমাৰ যদি ক্ষমতা আছে মোৰ লগতে থাকা, সৌৱা চোৱা,তোমাৰ দামুৰিটো বান্ধি লৈ গৈছে ৰজাৰ সৈনিকে!
তেতিয়া নন্দিনী খঙত চকুযুৰি ৰঙা হৈ পৰিল।। তাই মূহুৰ্তত নিজৰ ভয়ংকৰ মূৰ্তি ধাৰণ কৰিলে। শিং জোঁকাৰি তাই ৰজাৰ সৈনিকৰ ফালে খেদা মাৰিলে। তাইক সৈন্যবোৰে টঙনিয়াব চেষ্টা কৰোঁতে তাইৰ দুখ পোৱাৰ সলনি খং একুব চৰিলহে।। নন্দিনীৰ উদৰৰ পৰা বশ,চীন,কেৰল,শক, যবন, কাঞ্চী, সিংহল
ইত্যাদি জাতীয় বিকট আকাৰৰ কিমান সৈন্যৰ উৎপত্তি হৈছিল লেখ-জোখ নাই।। এইবোৰ সৈন্যই বিশ্বামিত্ৰ আৰু তেওঁৰ সৈন্য-সামন্তক সকলক খেদি পঠালে।। এই আচৰিত কাণ্ড দেখি বিশ্বামিত্ৰৰ মনত বেজাৰ ভৰি পৰিল।। তেওঁ ভালদৰে বুজি পালে যে আচলতে ক্ষত্ৰিয়ৰ বল তেনেই সামান্য,ব্ৰাহ্মণৰ বলহে যথাৰ্থ।। তপস্বীসকলৰ তপস্যাই যিটো কৰিব পাৰে;সেইটো ৰজাই তেওঁৰ ৰাজ্য আৰু ধন-জনৰেও কৰিব নোৱাৰে।।
এইয়াই আছিল নন্দিনী আৰু ৰাজা বিশ্বামিত্ৰৰ কথা।। মহামুনি বশিষ্ঠৰ সমান ধৰ্ম আৰু ক্ষমা গুণৰ তুলনাত কোনো নাছিল।।তেওঁৰ দয়া আৰু ক্ষমাৰ কথা শুনিলে পুণ্য লাভ হয়।। আজি এই কাহিনীটো আগবঢ়ালোঁ আৰু শিকিলোঁ যে কোনো সৰু হওঁক বা ডাঙৰ হওঁক তাৰ তাক কেতিয়াও সামান্য বুলি হেয়জ্ঞান কৰিব নালাগে।।
।।ধন্যবাদ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ