বৌদ্ধিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আমগুৰি অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান হিচাপে আমগুৰি মহাবিদ্যালয়ৰ ভূমিকা-প্ৰতিভা ফুকন

©Admin
0
শিৱসাগৰ নগৰৰ দক্ষিণে পঁচিশ কিলোমিটাৰ দূৰত্বত চিৰবিনন্দীয়া নাগালেণ্ডৰ সীমান্তৱৰ্তী, জাঁজী নৈৰ পাৰৰ এখন ক্ষুদ্ৰতম নগৰ আমগুৰি। প্ৰধান নগৰৰ পৰা নাতিদূৰত বহুকেইখন চাহ-বাগিছাৰ লগতে কৃষ্ণচূড়া-ৰাধাচূড়াৰে ভৰা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত বৌদ্ধিক জগতৰ এটি উজ্বল নক্ষত্ৰ, আমগুৰি অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান,ছাত্ৰ সমাজৰ বৌদ্ধিক জগতৰ মূলমাপকাঁঠি  আমগুৰি মহাবিদ্যালয়। ১৯৬৭চনৰ ১৭জুলাইত কেইজনমান সমাজহিতৈষী কাণ্ডাৰীৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা তথা আনবহুজনৰ ত্যাগৰ বিনিময়ত ঠন ধৰি উঠিছিল এই ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয়খন। হাজাৰ জনৰ সপোন দিঠক কৰি আমগুৰি মহাবিদ্যালয়খনে আগুৱাই গৈছে। ঘাত-প্ৰতিঘাত , সংঘাত সকলোবোৰ নেওচি আগুৱাই গৈছে আমগুৰি মহাবিদ্যালয়। 
                    বৌদ্ধিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আমগুৰি অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান হিচাপে আমগুৰি মহাবিদ্যালয়ৰ যথেষ্ট ভূমিকা আছে। মহাবিদ্যালয়ৰ চিৰসেউজ পৰিৱেশত জিলিকি উঠিছিল ৰাধাচূড়াৰ ৰঙীন সপোনবোৰ । সপোনবোৰে ৰঙীন কৰি তুলিছিল প্ৰত্যেকগৰাকী ব্যক্তিক ।কবিয়েও কবিতাৰ সংজ্ঞা বিচাৰি পাইছিল এইখন কৃষ্ণচূড়া-ৰাধাচূড়াৰ দেশত । চিৰসেউজ পৰিৱেশত কৃষ্ণচূড়া ৰাধাচূড়াৰ ৰঙীন ফুলবোৰ দেখি সৌন্দৰ্যক স্মৃতি হিচাপে ধৰি ৰাখিবলৈ প্ৰত্যেকগৰাকীৰ আমগুৰিয়ানৰ হাতৰ কলমেৰে বৈ গৈছিল আমগুৰি  মহাবিদ্যালয়খনৰ স্মৃতিবোৰ অবিৰলভাৱে।তাৰ পৰাই সৃষ্টি হয় ন ন সাহিত্যৰ।
      সাহিত্য মানৱ জীৱনৰ লগত জড়িত সুখ-দুখ ,আৱেগ - অনুভূতিৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হয়। এক কথাত সাহিত্যৰ ঐশ্বৰ্য হ'ল ভাৱ আৰু ভাষাৰ সবোৰ্ত্তম সংযোজন। বৌদ্ধিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ শৈক্ষিক দিশবোৰৰ লগে লগে সাহিত্য , সংস্কৃতিৰ সকলো দিশকে সামৰি লোৱা হয়। সাম্প্ৰতিক যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। আমগুৰি আৰু চৌপাশৰ পৰিধি চেৰাই দূৰ-দূৰণি জ্ঞানৰ সুবাস‌ বিয়পাই দিয়াৰ প্ৰচেষ্টাত ব্ৰতী মহাবিদ্যালয়খনৰ উদ্দেশ্য হৈছে উঠি অহা নৱপ্ৰজন্মক প্ৰকৃত মানৱ‌ সম্পদ ৰূপে গঢ় দিয়া । মেধা আৰু বৌদ্ধিক বিকাশৰ জৰিয়তেহে এখন দেশৰ উন্নতি সম্ভৱপৰ হৈ উঠে। বৌদ্ধিক উৎকৰ্ষ সাধনৰ  ক্ষেত্ৰত আমগুৰি অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়ৰ পুথিভঁৰালটিয়ে যথেষ্ট অৰিহণা যোগাইছে।প্ৰজ্ঞাৰ আলয় সকলো শিক্ষানুষ্ঠানৰ অন্যতম এটি গুৰুত্বপূৰ্ণ অংশ হ'ল পুথিভঁৰাল। আমগুৰি মহাবিদ্যালয়ৰ পুথিভঁৰালটোত বিশ হাজাৰৰো অধিক বিভিন্ন বিষয় সম্বলিত পুথিথকাৰ লগতে যথেষ্ট আপুৰুগীয়া পুথিও আছে। এই পুথিভঁৰালত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে পৃথক অধ্যয়ন কক্ষৰ উপৰিও ৰেফাৰেন্স শাখা, প্ৰ'পাৰ্টি কাউন্টাৰ ,সুলভ‌ মূল্যত জেৰক্স কৰাৰ ব্যৱস্থা থকাৰ লগতে এটা অত্যাধুনিক ডিজিটেল পুথিভঁৰাল প্ৰৱৰ্তন কৰা হৈছে। পুথিভঁৰালটোৱে যথেষ্ট অৰিহণা যোগাইছে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হোৱাত।
      একোখন শিক্ষানুষ্ঠানৰ শৈক্ষিক উত্তৰণৰ প্ৰকাশ ঘটে বিভিন্ন পুথি প্ৰকাশনৰ যোগেদি । আমগুৰি মহাবিদ্যালয় ও গ্ৰন্থ প্ৰকাশৰ বৌদ্ধিক যাত্ৰাৰ জৰিয়তে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। আমগুৰি মহাবিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত পুথিৰ লগতে গৱেষণাধৰ্মী পত্ৰিকা সমূহ হৈছে :-
(ক)Intellectus 
(খ)journal in social science 
(গ)প্ৰজ্বলনা 
 (ঘ)শংকৰদেৱৰ সাহিত্য আৰু অনুবাদৰীতি 
(ঙ) বিহু নামৰ বুলনিত অসমীয়া সমাজ
(চ)Gender Trouble A study in
(ছ) প্ৰচাৰ মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ আৰু গ্ৰহণযোগ্যতাৰ সাৰাংশ
(জ)proceding volume 
(ঝ)Deptt of economics 
(ঞ)Atheletes
(ট)মনস্বিনী(২য় সংখ্যা)
(ঠ) মনস্বিনী (৩য় সংখ্যা)
       দেশ বিদেশী সাহিত্যৰ স্বাদ , লগতে মহাবিদ্যালয়খনকে কেন্দ্ৰবিন্দু কৰি জন্ম দিছিলোঁ এখন উপন্যাস "ৰাধাচূড়াৰ ৰঙীন সপোন" আদি ।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতৰ পৰশত প্ৰাণ পায় উঠা ন-ন সাহিত্যৰে সমৃদ্ধ এখন আটকধুনীয়া বাৰ্ষিক আলোচনী 'আম্‌জিয়ান' প্ৰকাশ পায়। পিছলৈ ২০১৯-২০২১বৰ্ষ বাৰ্ষিক আলোচনী 'আমজিয়ান'ৰ নামটো আমগুৰিয়ান হয়।অতি হেঁপাহৰ ,আশাৰ বীজবোৰ সিঁচিবলৈ আমিও এখন বাস্তৱময় কঠীয়াতলী মুকলি কৰাৰ সুবিধা পাওঁ। বিদ্যালয় , মহাবিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক আলোচনীৰ যোগেদি যাক সাহিত্য অৰ্থাৎ বৌদ্ধিক বিকাশৰ বাহন স্বৰূপ বুলি ক'ব পাৰি । ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতাক উদ্দীপনা দিবৰ বাবেই মহাবিদ্যালয়ৰ সাহিত্য আলোচনী প্ৰকাশ হয়। এখন মহাবিদ্যালয়ৰ নতুন নতুন প্ৰতিভাৰ বিকাশ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ আহিলাই হৈছে মহাবিদ্যালয়ৰ আলোচনী। যাৰ জৰিয়তে ন ন সাহিত্যিক ,কবি , প্ৰম্বন্ধকাৰ ,নিবন্ধকাৰ , ঔপন্যাসিকৰ জন্ম হয়। মহাবিদ্যালয়ৰ পৰা প্ৰকাশ পোৱা আলোচনীখন ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ হোৱাত সহায় কৰিব পাৰে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)