সত্য

©Admin
0
শাস্ত্ৰ স্তৰত পোৱা যায় - সত্যবাদীতা , সাধুতা , বক্তৃতা প্ৰদান আৰু দান দিয়াৰ প্ৰৱণতা পূর্বজন্মৰ কৰ্ম্মাৰ্জিত ফলত স্বতঃস্ফূৰ্ত ৰূপে পোৱা যায় - প্ৰথমটিয়েই হৈছে সত্যবাদী হোৱাতো ধর্মৰ এক উল্লেখযোগ্য গুণ , যেতিয়া যক্ষৰাজে বনবাসী যুধিষ্ঠিৰক চাৰি ভাইক উদ্ধাৰৰ কাৰণে পৰীক্ষা লৈছিল তেতিয়া বহুতো প্ৰশ্ন কৰিছিল । তাৰ ভিতৰত এটা আছিল ধৰ্ম কি ? এই প্ৰশ্নত যুধিষ্ঠিৰে প্ৰকাশ কৰিছিল - সত্যই পৰম ধৰ্ম । বিজ্ঞ সমাজেও কোৱা শুনা যায় যি লোক সত্যত থাকে তেনেলোকে অন্য ধৰ্মীয় কাৰ্য্য নকৰিলেও ধৰ্ম ৰক্ষা হয় । সেই কথাকে শাস্ত্ৰস্তৰত ও পোৱা যায় - "সত্যম্ পৰম ধীমহি" ।
            প্ৰত্যেক মানৱে জীৱন সংগ্ৰামত বিভিন্ন পৰিস্থিতিৰ সম্মুখীন হ'ব লগা হয় আৰু ভিন্ন পৰিস্থিতিত ভিন্ন সময়ত ভিন্ন পন্থা অৱলম্বন কৰিবলৈ বাধ্য হয় । এনে সন্ধিক্ষণত আত্মজ্ঞান অবিহনে ভিন্ন পৰিস্থিতিত কেনে ধৰণৰ কাৰ্য‍্যত কেনে সিদ্ধান্ত লোৱাটো সমীচীন সেইয়া অসম্ভৱ হৈ পৰে । সেয়েহে আত্মজ্ঞানক মানৱ মাত্ৰেই হৃদয়ংগম কৰাটো অতীব প্ৰয়োজন । যদি আমি ভাগৱতৰ স্তৰলৈ লক্ষ্য কৰোঁ তাত উল্লেখ আছে - 
"লব্দেহং মানুষীং যোনীং জ্ঞান - বিজ্ঞান সম্ভৱাম্ ।
আত্মানং যোন বুধ‍্যেত ন ক্বচিৎ ক্ষেমমাপ্নুয়াত ।।"
    চৌৰাশী লক্ষ যোনী অতিক্ৰম কৰি মানৱ জন্ম গ্ৰহণ কৰি যি মানৱে জ্ঞানক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব পাৰে তেনে মানৱ জনম গ্ৰহণ কৰি যদি আত্মজ্ঞানক আঁকোৱালি নলয় , তেনে মানৱক কালে ক্ষমা নকৰিব । আত্মজ্ঞান ব্যতিৰেকে কোনো লোকেই সত্বগুণী হোৱা অসম্ভৱ আৰু সাত্ত্বিকতা অবিহনে আসুৰীক গুণক প্ৰতিহত কৰি দেবগুণ সমূহ অৰ্থাৎ সত্য , দয়া , ক্ষমা ইত্যাদি সমূহ হৃদয়ত প্ৰস্ফুটিত হোৱাটো দুৰূহ । সেই ক্ষেত্ৰত নিজেই নিজৰ বাবে চিন্তা কৰাটো অতীব প্ৰয়োজন । সেয়েহে মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে - 
"আপুনি আপোন বন্ধু   আপুনি আপোন শত্ৰু
        আপুনি আপোনাক ৰাখে মাৰে ।
হৰিক নভজি        আপুনি হোৱয় নষ্ট
       হৰি ভজি আপোনাক তৰে ।।"
    এয়ে হৈছে মূল জ্ঞান । প্ৰত্যেকেই ভগৱানৰ সন্তান সেই কথা উপলব্ধি কৰি নিজেই নিজৰ বন্ধু হৈ সৰ্বত্ৰে ভগৱৎ দৰ্শন কৰি শ্ৰদ্ধা সহকাৰে আধ্যাত্মিকতাক হৃদয়ংগম কৰি প্ৰাৰ্থনাত ৰত হ'ব পাৰিলে সত্য ,দয়া ,ক্ষমা , পৰোপকাৰ আদি সৎ গুণৰাশি হৃদয় কমলত উদ্ভাসিত হয় , লাগে মাথোঁ শ্ৰদ্ধা , যাৰ মাধ্যমেদি মানৱে অসাধ্য সাধন কৰিবলৈ সমৰ্থবান হয় ।
"শ্রদ্ধাবান লভতে ধৰ্মান্ শ্ৰদ্ধাবানৰ্থমাপ্নুয়াৎ ।
শ্ৰদ্ধয়া সাধ্যতে কামঃ শ্ৰদ্ধাবান মোক্ষমাপ্নুয়াৎ ।।"
              অৰ্থাৎ শ্ৰদ্ধাৱানজনে ধৰ্ম লাভ কৰে । শ্ৰদ্ধাৱানজনে ধন লাভ কৰে । শ্ৰদ্ধাৱানজনে মোক্ষ পদ লাভ কৰিবলৈও সমৰ্থ হয় ।
      গতিকে , সকলোৱে আত্মজ্ঞানক শ্ৰদ্ধা সহকাৰে হৃদয়কমলত স্থান দিব পাৰিলে পৰম সত্যক অনুধাৱন কৰি নিজেও অসৎ ৰ পৰা সৎ মাৰ্গত খোজ পেলাই নিজক সত্যবাদীৰূপে প্ৰতিষ্ঠা কৰি সমাজখনক ভাতৃত্ববোধ ভাৱধাৰাৰে বান্ধি সুস্থ-সবল সমাজ গঢ়াত ব্ৰতী হ'ব পাৰে । সত্যবাদী গুণৰ বলতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে সোঁ-শৰীৰে স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিব পৰিছিল ।
     আমাৰ জীৱন যাত্ৰা তথা সমাজ ব্যৱস্থাক উৰ্ধগামী কৰাৰ স্বাৰ্থত সত্য ধৰ্মত আশ্ৰয় গ্ৰহণ কৰক , আমাৰ নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞান প্ৰদানৰ কাৰণে ভিন্ন ভিন্ন পদক্ষেপ গ্ৰহণ কৰক । তেতিয়াহে সত্যক আদৰ্শৰূপে গ্ৰহণ কৰি এখনি সত্যবাদী সমাজ গঢ়ি উঠিব ।
         হৰি ও তৎসৎ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)