পৰিলম্বিত ছাঁ-টো

©Admin
0
এসময়ৰ কথা । থাইলেণ্ডৰ এখন গাঁৱত এজনী ছোৱালী আছিল । তাই মাক-দেউতাকৰ লগত এখন সৰু গাঁৱত বাস কৰিছিল। গাঁৱত সকলো একেলগে মিলি-জুলি বসবাস কৰিছিল।তাইক সকলোৱে বৰ ভাল পাইছিল । তাইৰ বয়স আছিল বাৰ বছৰ । তাইৰ গাঁৱত পঢ়াশালি নথকা কাৰণে ওচৰৰ গাঁৱৰ পঢ়াশালিত পঢ়িবলৈ গৈছিল । তাই কমেও পাঁচ কিলোমিটাৰ বাট খোজকাঢ়ি গৈছিল । যাওঁতে অকলে যায় আৰু আহোঁতেও অকলে আহে । সেই অহা যোৱাৰ মাজত এটা বিচিত্ৰ ঘটনা প্ৰায়ে ঘটিছিল... নিতৌ তাই সাহস কৰিহে ঘৰ পায়হি । ঘটনাটো হ'ল : তাই নিতৌ আহোঁতে দেৰি হয় , সন্ধিয়া বেলি অস্ত যায় । তাই সেই বাটত এজোপা লহঙা গছৰ ছাঁ দেখা পায় য'ত এটা মানুহ উলমি থাকে । তাই মাটিত পৰা ছাঁ-টোহে লক্ষ্য কৰে...কাৰণ তাই গছ জোপালৈ চালে কিজানিবা ভূত দেখে ।
তাই তেনেকৈ ভয়ে ভয়ে অকলে অহা যোৱা কৰে । এদিন তাই ঘৰৰ পৰাই এটা সিদ্ধান্ত লৈ ওলায় আহিল যে সেই পৰিলম্বিত ছাঁ-টো কিহৰ আৰু কিয় দেখোঁ সেইটো চাম । এইবুলি তাই প্ৰত্যেক দিনাৰ দৰে সেইদিনাও ঘৰৰ পৰা ওলাই আহিল বিদ্যালয়লৈ বুলি কিন্তু তাই এদিনো সেই লহঙা গছ জোপালৈ দিনটো নাচায় । তাই সেইদিনা উভতি আহোঁতে চাম বুলি গ'ল । উভতি আহি তাই চকু বন্ধ কৰি গছ জোপাত মানুহ উলমি আছে বুলি ওচৰলৈ চাপি গল আৰু চকু মেলি দেখে একো নাই দেখোন ! হ'লেও তাই অলপ ভালদৰে ওপৰে তলে ভালকৈ নিৰীক্ষণ কৰি দেখে যে কিছুমান নাৰীৰ দৰে ফল উলমি আছে আৰু সেইবোৰ পৰিলম্বিত হৈ আছে । তেতিয়া তাই বুজি উঠিল যে এইবোৰত সন্ধিয়া অস্ত যোৱা বেলিটোৰ কিৰণ পৰে আৰু  ইয়াৰ ছাঁ-টো মই দেখোঁ। তাই সেইটো অনুসন্ধান কৰি ভাল পালে আৰু সুখ মনেৰে ঘৰলৈ উভতি গ'ল । 
দেখিছানে পৃথিৱীত কিমান আশ্চৰ্য্যকৰ বস্তু আছে!! আচলতে আমাৰ পৃথিৱীত অনেক বস্তু আছে যি নেকি আমি চোৱা নাই বা দেখা নাই । এই ফলতো বৰ্তমান চিনাক্ত কৰা গ'ল । এই অদ্ভুত ফলটোৰ নাম নাৰিফল(nariphol) যিটো থাইলেণ্ডত পোৱা যায় । বৌদ্ধ ধৰ্মৰ মাইথ'লজিকেল পাৰ্ক এখনত এই ফলটো পোৱা যায় । ই দেখাত এজনী মহিলাৰ দৰে ,যিটোৱে ইয়াক অতি আশ্চৰ্য্যকৰ দৰ্শায় । পৃথিৱীৰ সৃষ্টিৰ পৰা এইবোৰ ফল লাহে লাহে উদ্ভাৱন হৈ আহিছে । সম্ভৱতঃ নাৰীৰ দৰে কায় থকাৰ কাৰণে ইয়াৰ নাম নাৰিফল হ'ল । পৃথিৱীখন বৰ আশ্চৰ্য্যকৰ আৰু এইটোও বৰ আশ্চৰ্য্যকৰ নহয়নে ?




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)