নাৰী আৰু গ্ৰাম্য অৰ্থনীতি

©Admin
0

নাৰী মহিয়সী । পৃথিৱীৰ এনে কোনো কাম নাই যি কাম নাৰীয়ে কৰিব নোৱাৰে । নাৰী আৰু পুৰুষ হিচাপে বিভাজন কৰি নাৰীক দুৰ্বল বুলি দেখুৱাটো একান্তই মূৰ্খামিৰ বাদে একো নহয় । কামৰ সৰু বৰ নাই , ঠিক লিংগ ভেদা-ভেদৰো কোনো মূল্য নাই । একবিংশ শতিকাৰ এই বিজ্ঞানৰ যুগত নাৰী আৰু পুৰুষৰ অগ্ৰগতি প্ৰায় সমানেই । নাৰীৰ শিক্ষাৰ প্ৰগতি ইমানেই বৃদ্ধি পাইছে যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষত ৮০ শতাংশই ছোৱালী দেখা যায় । আধুনিক শিক্ষাৰে শিক্ষিত হৈ যেনেকৈ ব্যক্তিগত , সামাজিক , ৰাজনৈতিক আৰু অর্থনৈতিক প্ৰগতিত সমানে সমানে ভাগ লৈছে । গাঁৱৰ অশিক্ষিত নাৰী সকলেও গ্ৰাম্য অর্থনীতিত যথেষ্ট পৰিমাণে সহায় কৰিছে ।  


অসমীয়া অৰ্থনীতি মানেই গ্ৰাম্য অৰ্থনীতি । গাঁৱৰ মহিলাসকলে মুৰ্গী , হাঁহ-পাৰ , গৰু-ছাগলী পোহপাল কৰি যথেষ্ট পৰিমাণে পৰিয়ালক সহায় কৰিব পৰা সামৰ্থ ৰাখে । কৃষিকৰ্মতো মহিলাসকলৰ হাত বটোৱাৰা অনস্বীকাৰ্য । ভূঁই ৰোৱাৰ পৰা দাৱনীলৈকে সকলো কাম নাৰী এগৰাকীয়ে কৰে । কৃষিপ্ৰধান অসমত সকলো কামতে এগৰাকী নাৰীৰ হাত কোনো ফালে কম নহয় । গাঁৱৰ মহিলাসকলক কৃষি পাম , মীন পালন , পশুপালন কামৰ বাবে চৰকাৰে অতি নিম্ন সুদৰ হাৰত অথবা বছৰত এককালীন ভাৱে অনুদান আগবঢ়াব লাগে । ইতিমধ্যে চৰকাৰে যিখিনি ঋণ , ঘাঁহৰ বীজ , গৰুৰ দানা আদি দিছে বেছিভাগত দুৰ্নীতি সংঘটিত হৈছে , প্ৰকৃতপক্ষে পাব লগা ব্যক্তিসকলে তাৰ পৰা বঞ্চিত হোৱা দেখা যায় । চৰকাৰে অতি কম সুদৰ হাৰত ঋণ দি গাঁৱৰ মহিলাসকলক উপযুক্ত   পৰিমাণে স্বাৱলম্বী হোৱাত সহায় কৰিব পাৰে , যি গ্ৰাম্য অৰ্থনীতিৰ ৰাজহাড় হিচাপে পৰিগণিত হ'ব পাৰে । 


🔴শ্বাহনুৰ আলম 
যোগাযোগ আৰু সাংবাদিকতা বিভাগ 
গুৱাহাটী বিশ্ববিদ্যালয়
দূৰভাষ- ৮৪৭৩৮৬০৮২৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)